--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি পেৰিছৰ সংগ্ৰহালয়ৰ পৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মমৰ মূৰ্তি আঁতৰোৱা হয়। ইউক্ৰেইন আক্ৰমণেৰে বিশ্ববাসীক সংকটৰ মাজলৈ থেলি দিয়া পুটিনৰ এই কাৰ্যৰ বিৰোধিতাৰে পেৰিছৰ সংগ্ৰহালয়ৰ পৰা আঁতৰোৱা হয় মূৰ্তিটো৷ যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ আৰম্ভ কৰাৰ এসপ্তাহ পাছতে এই পদক্ষেপ হাতত লয় পেৰিছ প্ৰশাসনে৷ পেৰিছৰ গ্ৰেভিন সংগ্ৰহালয়ৰ সঞ্চালকগৰাকীয়ে কয়, 'আমি গ্ৰেভিন সংগ্ৰহালয়ত হিটলাৰৰ দৰে স্বৈৰাচাৰী শাসকৰ প্ৰতিমূৰ্তি ৰখা নাই৷ আমি আজি পুটিনকৰ উপস্থিতিও নিবিচাৰো৷' ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, সপ্তাহান্তত সংগ্ৰহালয় পৰিদৰ্শন কৰা পৰ্যটক আৰু আন একাংশ লোকে প্ৰতিমূৰ্তিটো আক্ৰমণ কৰিছিল। সংগ্ৰহালয়টোৰ সঞ্চালক ডেলহোমিয়াউয়ে কয়, 'যি ঘটিছে, তাৰ পৰিপ্ৰেক্ষিতত, আমি আৰু আমাৰ কৰ্মচাৰীসকলে প্ৰতিদিনে তেওঁৰ চুলি আৰু চেহেৰা ঠিক কৰিব নিবিচাৰোঁ।' প্ৰতিবেদনত কোৱা হৈছে যে সংগ্ৰহালয়টোৱে পুটিনৰ প্ৰতিমূৰ্তিৰ সলনি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনা কৰা হৈছে। 'হয়তো ৰাষ্ট্ৰপতি জেলেনস্কিয়ে তেওঁৰ স্থান ল'ব... তেওঁ এই যুদ্ধ প্ৰতিৰোধ কৰাৰ বাবে আৰু নিজ দেশৰ পৰা পলায়ন নকৰাৰ বাবে নায়ক হৈ পৰিছে। তেওঁ ইতিহাসৰ মহান ব্যক্তিসকলৰ মাজত আৰু আজি তেওঁৰ স্থান সম্পূৰ্ণৰূপে ল'ব পাৰিছে।' পৰিচালকগৰাকীয়ে এই মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব