--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি পেৰিছৰ সংগ্ৰহালয়ৰ পৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মমৰ মূৰ্তি আঁতৰোৱা হয়। ইউক্ৰেইন আক্ৰমণেৰে বিশ্ববাসীক সংকটৰ মাজলৈ থেলি দিয়া পুটিনৰ এই কাৰ্যৰ বিৰোধিতাৰে পেৰিছৰ সংগ্ৰহালয়ৰ পৰা আঁতৰোৱা হয় মূৰ্তিটো৷ যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ আৰম্ভ কৰাৰ এসপ্তাহ পাছতে এই পদক্ষেপ হাতত লয় পেৰিছ প্ৰশাসনে৷ পেৰিছৰ গ্ৰেভিন সংগ্ৰহালয়ৰ সঞ্চালকগৰাকীয়ে কয়, 'আমি গ্ৰেভিন সংগ্ৰহালয়ত হিটলাৰৰ দৰে স্বৈৰাচাৰী শাসকৰ প্ৰতিমূৰ্তি ৰখা নাই৷ আমি আজি পুটিনকৰ উপস্থিতিও নিবিচাৰো৷' ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, সপ্তাহান্তত সংগ্ৰহালয় পৰিদৰ্শন কৰা পৰ্যটক আৰু আন একাংশ লোকে প্ৰতিমূৰ্তিটো আক্ৰমণ কৰিছিল। সংগ্ৰহালয়টোৰ সঞ্চালক ডেলহোমিয়াউয়ে কয়, 'যি ঘটিছে, তাৰ পৰিপ্ৰেক্ষিতত, আমি আৰু আমাৰ কৰ্মচাৰীসকলে প্ৰতিদিনে তেওঁৰ চুলি আৰু চেহেৰা ঠিক কৰিব নিবিচাৰোঁ।' প্ৰতিবেদনত কোৱা হৈছে যে সংগ্ৰহালয়টোৱে পুটিনৰ প্ৰতিমূৰ্তিৰ সলনি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনা কৰা হৈছে। 'হয়তো ৰাষ্ট্ৰপতি জেলেনস্কিয়ে তেওঁৰ স্থান ল'ব... তেওঁ এই যুদ্ধ প্ৰতিৰোধ কৰাৰ বাবে আৰু নিজ দেশৰ পৰা পলায়ন নকৰাৰ বাবে নায়ক হৈ পৰিছে। তেওঁ ইতিহাসৰ মহান ব্যক্তিসকলৰ মাজত আৰু আজি তেওঁৰ স্থান সম্পূৰ্ণৰূপে ল'ব পাৰিছে।' পৰিচালকগৰাকীয়ে এই মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক