--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ পাছতে দেশ এৰি লাখ লাখ লোকে পলায়ন কৰিবলৈ বাধ্য হৈ পৰিছে৷ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাৰ তথ্য মতে,ৰাছিয়াৰ আক্ৰমণৰ এসপ্তাহৰ ভিতৰতে ১০ লাখ লোকে ইউক্ৰেইনৰ পৰা পলায়ন কৰিছে৷ শতিকাটোৰ ভিতৰতে শৰণাৰ্থীত পৰিণত হোৱা লোকৰ এয়াই সৰ্বাধিক সংখ্যা বুলি জানিব পৰা গৈছে৷ টুইটাৰত ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্ত ফিলিপ্পো গ্ৰেণ্ডিয়ে প্ৰকাশ কৰে যে 'মাত্ৰ সাত দিনৰ ভিতৰত আমি ইউক্ৰেইনৰ পৰা চুবুৰীয়া দেশলৈ ১০ লাখ শৰণাৰ্থীয়ে প্ৰস্থান কৰা দেখিছোঁ।' এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘই ভৱিষ্যতবাণী কৰিছে যে পৰৱৰ্তী সময়ত ৪ নিযুত লোকে ইউক্ৰেইনৰ পৰা পলায়ন কৰিব পাৰে৷ কিন্তু ইয়াৰ লগতে সেই সংখ্যা বৃদ্ধি হ'ব পাৰে বুলিও সতৰ্ক কৰি দিছে। ইউএনএইচচিআৰৰ তথ্য অনুসৰি এসপ্তাহৰ ভিতৰত যোৱা এই সংখ্যা ইউক্ৰেইনৰ জনসংখ্যাৰ ২ শতাংশতকৈও অধিক। ইউএনএইচচিআৰৰ মুখপাত্ৰ শ্বাবিয়া মান্টুৱে বুধবাৰে কৈছিল যে 'এই হাৰত ইউক্ৰেইনৰ পৰা প্ৰব্ৰজনে এটা কথা স্পষ্ট কৰি দিছে যে, 'এই শতিকাৰ আটাইতকৈ ডাঙৰ শৰণাৰ্থী সংকট'ৰ আশংকা এতিয়া গাঢ় হৈ পৰিছে। ইউএনএইচচিআৰৰ তথ্য অনুসৰি, ২০১১ চনত গৃহযুদ্ধ আৰম্ভ হোৱা ছিৰিয়াত সৰ্বাধিক শৰণাৰ্থী প্ৰবাহ অব্যাহত আছে৷ সেই সময়ত ৫.৬ নিযুতৰো অধিক লোকে দেশ এৰি পলাই গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ