--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ পাছতে দেশ এৰি লাখ লাখ লোকে পলায়ন কৰিবলৈ বাধ্য হৈ পৰিছে৷ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাৰ তথ্য মতে,ৰাছিয়াৰ আক্ৰমণৰ এসপ্তাহৰ ভিতৰতে ১০ লাখ লোকে ইউক্ৰেইনৰ পৰা পলায়ন কৰিছে৷ শতিকাটোৰ ভিতৰতে শৰণাৰ্থীত পৰিণত হোৱা লোকৰ এয়াই সৰ্বাধিক সংখ্যা বুলি জানিব পৰা গৈছে৷ টুইটাৰত ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্ত ফিলিপ্পো গ্ৰেণ্ডিয়ে প্ৰকাশ কৰে যে 'মাত্ৰ সাত দিনৰ ভিতৰত আমি ইউক্ৰেইনৰ পৰা চুবুৰীয়া দেশলৈ ১০ লাখ শৰণাৰ্থীয়ে প্ৰস্থান কৰা দেখিছোঁ।' এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘই ভৱিষ্যতবাণী কৰিছে যে পৰৱৰ্তী সময়ত ৪ নিযুত লোকে ইউক্ৰেইনৰ পৰা পলায়ন কৰিব পাৰে৷ কিন্তু ইয়াৰ লগতে সেই সংখ্যা বৃদ্ধি হ'ব পাৰে বুলিও সতৰ্ক কৰি দিছে। ইউএনএইচচিআৰৰ তথ্য অনুসৰি এসপ্তাহৰ ভিতৰত যোৱা এই সংখ্যা ইউক্ৰেইনৰ জনসংখ্যাৰ ২ শতাংশতকৈও অধিক। ইউএনএইচচিআৰৰ মুখপাত্ৰ শ্বাবিয়া মান্টুৱে বুধবাৰে কৈছিল যে 'এই হাৰত ইউক্ৰেইনৰ পৰা প্ৰব্ৰজনে এটা কথা স্পষ্ট কৰি দিছে যে, 'এই শতিকাৰ আটাইতকৈ ডাঙৰ শৰণাৰ্থী সংকট'ৰ আশংকা এতিয়া গাঢ় হৈ পৰিছে। ইউএনএইচচিআৰৰ তথ্য অনুসৰি, ২০১১ চনত গৃহযুদ্ধ আৰম্ভ হোৱা ছিৰিয়াত সৰ্বাধিক শৰণাৰ্থী প্ৰবাহ অব্যাহত আছে৷ সেই সময়ত ৫.৬ নিযুতৰো অধিক লোকে দেশ এৰি পলাই গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক