--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঢাকাত উদযাপন কৰা হয় ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস। এই উপলক্ষে দেওবাৰে সন্ধিয়া ৰাজধানী ঢাকাৰ হোটেল ৰেডিছনত এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হয়। গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা অন্তৱৰ্তীকালীন চৰকাৰৰ পৰিকল্পনা আৰু শিক্ষা উপদেষ্টা অধ্যাপক ৱাহিদুদ্দিন মাহমুদ৷

তেওঁ কয় যে বৰ্তমান চৰকাৰখনে সৰ্বাংগীন আৰু বহুমুখী গণতন্ত্ৰৰ বাবে এক নিকা, মুক্ত আৰু অংশগ্ৰহণমূলক নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই লক্ষ্যৰ দিশত কাম কৰি আছে চৰকাৰে। তেওঁ কয় যে বাংলাদেশ আৰু ভাৰতৰ সম্পৰ্ক বহুমুখী তথা  বিস্তৃত বুলি উল্লেখ কৰে। আমি ইজনে সিজনৰ লগত আমাৰ সম্পৰ্কক সমতাৰ ভিত্তিত আগুৱাই নিব বিচাৰো। পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত আগন্তুক দিনত দুয়োখন দেশৰ মাজত সম্পৰ্ক অধিক সুদৃঢ় হ’ব বুলি আশা আশাপ্ৰকাশ কৰে ৱাহিদুদ্দিন মাহমুদে।

অনুষ্ঠানত আদৰণি ভাষণত ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্ত প্ৰাণয় বৰ্মাই কয় যে বাংলাদেশ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু দুয়োখন দেশৰ মাজত সংগীত, শিল্প, ইতিহাস, ভাষা, সংস্কৃতিৰ আদান প্ৰদান কৰে। দুয়োখন দেশৰ মাজত পাৰস্পৰিক আস্থা আৰু বিশ্বাসৰ সম্পৰ্ক। ভাৰতে গণতান্ত্ৰিক, শান্তিপূৰ্ণ, সুস্থিৰ বাংলাদেশ চাব বিচাৰে। গণৰাজ্য দিৱস উদযাপনত উপস্থিত থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে। এই অনুষ্ঠানত ৰাজনীতিবিদ, ব্যৱসায়িক প্ৰতিনিধি, কূটনীতিবিদ, শিল্পী, সাংবাদিক, সাংস্কৃতিক ব্যক্তিসকল উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক