--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঢাকাত উদযাপন কৰা হয় ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস। এই উপলক্ষে দেওবাৰে সন্ধিয়া ৰাজধানী ঢাকাৰ হোটেল ৰেডিছনত এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হয়। গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা অন্তৱৰ্তীকালীন চৰকাৰৰ পৰিকল্পনা আৰু শিক্ষা উপদেষ্টা অধ্যাপক ৱাহিদুদ্দিন মাহমুদ৷

তেওঁ কয় যে বৰ্তমান চৰকাৰখনে সৰ্বাংগীন আৰু বহুমুখী গণতন্ত্ৰৰ বাবে এক নিকা, মুক্ত আৰু অংশগ্ৰহণমূলক নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই লক্ষ্যৰ দিশত কাম কৰি আছে চৰকাৰে। তেওঁ কয় যে বাংলাদেশ আৰু ভাৰতৰ সম্পৰ্ক বহুমুখী তথা  বিস্তৃত বুলি উল্লেখ কৰে। আমি ইজনে সিজনৰ লগত আমাৰ সম্পৰ্কক সমতাৰ ভিত্তিত আগুৱাই নিব বিচাৰো। পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত আগন্তুক দিনত দুয়োখন দেশৰ মাজত সম্পৰ্ক অধিক সুদৃঢ় হ’ব বুলি আশা আশাপ্ৰকাশ কৰে ৱাহিদুদ্দিন মাহমুদে।

অনুষ্ঠানত আদৰণি ভাষণত ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্ত প্ৰাণয় বৰ্মাই কয় যে বাংলাদেশ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু দুয়োখন দেশৰ মাজত সংগীত, শিল্প, ইতিহাস, ভাষা, সংস্কৃতিৰ আদান প্ৰদান কৰে। দুয়োখন দেশৰ মাজত পাৰস্পৰিক আস্থা আৰু বিশ্বাসৰ সম্পৰ্ক। ভাৰতে গণতান্ত্ৰিক, শান্তিপূৰ্ণ, সুস্থিৰ বাংলাদেশ চাব বিচাৰে। গণৰাজ্য দিৱস উদযাপনত উপস্থিত থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে। এই অনুষ্ঠানত ৰাজনীতিবিদ, ব্যৱসায়িক প্ৰতিনিধি, কূটনীতিবিদ, শিল্পী, সাংবাদিক, সাংস্কৃতিক ব্যক্তিসকল উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন