--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫খন ৰাজ্যৰ আগন্তুক নিৰ্বাচনৰ প্ৰভাৱ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণৰ ওপৰতো পৰিছে! উত্তৰ প্ৰদেশকে ধৰি আন ৫খন ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ১০ ফেব্ৰুৱাৰীত।নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজিৰে পৰা আৰম্ভ হৈছে বাজেট অধিৱেশন। আজি বাজেট অধিৱেশনৰ প্ৰথম দিন। বাজেট অভিৱেশনৰ প্ৰথমটো দিনতে ৰাষ্ট্ৰপতিৰ ভাষণত স্থান পাইছে তিনি তালাক প্ৰসংগই। শিখ ধৰ্মগুৰু তেগবাহাদুৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে কৃষকসকলৰ কল্যাণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়াও বিতংভাৱে বৰ্ণনা কৰিছে দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিৰ ভাষণত এনেবোৰ কথাই স্থান পোৱাৰ পাছতে সৰব হৈ পৰিছে বিৰোধী। ৰাষ্ট্ৰপতিৰ ভাষণক সমালোচনাৰ দৃষ্টিৰে চাইছে বিৰোধীপক্ষই। চৰকাৰী পক্ষই ৰাষ্ট্ৰপতিৰ ভাষণৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰৰো সুযোগ এৰি দিয়া নাই বুলি কটাক্ষ বিৰোধীৰ। বিৰোধীৰ কটাক্ষৰ পৰিৱৰ্তে বিজেপি শিবিৰৰ যুক্তি, ‘বাজেট অধিৱেশনৰ প্ৰথম দিনা ৰাষ্ট্ৰপতিৰ ভাষণে চৰকাৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰিছে। নিৰ্বাচনী প্ৰচাৰৰ সৈতে তেওঁৰ ভাষণৰ কোনো সম্পৰ্ক নাই। ৰাষ্ট্ৰপতিৰ ভাষণত স্থান লাভ কৰে পশ্চিমবংগই। নতুন বছৰত দেশৰ কৃতিত্ব অৰ্জনৰ প্ৰশ্নত ৰামনাথ কোবিন্দৰ ভাষণত স্থান পাইছে দুৰ্গা পূজাত ইউনেস্কোৰ খিতাপ প্ৰাপ্তিৰ বিষয়টিও। আজি তেওঁৰ ভাষণত তাৎক্ষণিকভাৱে তিনি তালাক প্ৰথা বাতিলৰ প্ৰসংগ উত্থাপন কৰি কোবিন্দে কয়, ‘সমাজক তিনি তালাকৰ দৰে প্ৰথাৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যৰে চৰকাৰে ইয়াক ফৌজদাৰী অপৰাধ হিচাপে গণ্য কৰিছে।’ চৰকাৰে সাধাৰণতে ৰাষ্ট্ৰপতিৰ ভাষণত বিগত এটা বৰ্ষৰ সফলতাৰ কৃতিত্ব দাবী কৰে। কিন্তু ৩ বছৰপূৰ্বে বাতিল কৰা তিনি তালাকৰ বিষয়টো ৰাষ্ট্ৰপতিৰ ভাষণত উত্থাপিত হোৱা দেখি হতবাক হৈছে সাধাৰণ নাগৰিক। সংখ্যালঘু মহিলাৰ ভোট লাভৰ উদ্দেশ্যে শাসনাধিষ্ঠ চৰকাৰৰ এই নিৰ্বাচনী ৰণনীতি নেকি বুলিও উঠিছে প্ৰশ্ন। মন কৰিবলগীয়া যে, নিৰ্বাচনমুখী পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ কৃষক সম্প্ৰদায়ৰ এক বৃহৎ অংশই ইতিমধ্যে বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ সিদ্ধান্ত লৈছে। সেই বিৰোধী ধুমুহাক দলৰ অনুকুলে আনিবলৈ আজি নিজৰ ভাষণ ত কৃষক সম্প্ৰদায়ৰ উন্নয়নৰ বাবে মোদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত আলোকপাত কৰে কোবিন্দে। তেওঁ কয়, ‘কৃষকসকলে যাতে উত্‍পাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কিষাণ ৰে'ল সেৱা আৰম্ভ কৰিছে।’ কৃষক আন্দোলনৰ বাবে ক্ষুব্ধ পঞ্জাৱলৈও বাৰ্তা ৰাষ্ট্ৰপতিগৰাকীৰ। চৰকাৰে সমগ্ৰ দেশতে শিখ ধৰ্মগুৰু তেগবাহাদুৰৰ ৪০০ সংখ্যক আবিৰ্ভাৱ তিথি আয়োজন কৰিব। আফগানিস্তানৰ পৰা শিখ শৰণাৰ্থীসকলক উদ্ধাৰ কৰাৰ লগতে গুৰু গ্ৰন্থ চাহিব ভাৰতলৈ অনাৰ কথাও উল্লেখ কৰে ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিৰ ভাষণত উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰত দেশৰ সৰ্ববৃহৎ বিমানবন্দৰৰ নৱীকৰণ আৰু গোৱাৰ আগুড়া দূৰ্গ সংস্কাৰমুক্ত কৰা প্ৰসংগইয়ো স্থান পায় ৰামনাথ কোবিন্দৰ ভাষণ ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ