--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দিনত নতুন দিনৰ স্বপ্ন দেখিছে দেশে। কৰ’না মহামাৰীৰ অবাধ বিচৰণে প্ৰভাৱিত কৰি তুলিছিল সকলোকে। ইটোৰ পাছত সিটোকৈ কৰ’নাৰ ঢৌৱে বিধ্বস্ত কৰি তুলিছে স্বাভাৱিক জনজীৱন। সেই আতংকৰ এতিয়াও মাৰ যোৱা নাই। কৰ’নাৰ বাবেই সৰ্বাধিক প্ৰভাবিত হৈছিল দেশৰ শিশুসকল। শিক্ষাব্যৱস্থাৰ ওপৰতো পৰিছিল বিৰূপ প্ৰভাৱ। নিৰ্মলা সীতাৰমণৰ ভাষণে আশাৰ সঞ্চাৰ কৰা দেখিবলৈ পোৱা গৈছে। শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ প্ৰতি লক্ষ্য ৰাখি দেশত নিৰ্মাণ হ’ব ডিজিটেল বিশ্ববিদ্যালয়। শিক্ষকসকলক ডিজিটেল পদ্ধতিত পাঠদান দিয়াৰ প্ৰশিক্ষণো দিয়া হ'ব। ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰীও প্ৰদান কৰা হ'ব। আজি বাজেট অধিৱেশনৰ প্ৰথম দিনাই দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বিষয়ে সদৰী কৰিছে। কৰ’নাসৃষ্ট পৰিৱেশত দেশৰ শিশু শিক্ষাৰ্থীসকলেও অনলাইন শিক্ষাৰ সৈতে ক্ৰমাত্‍ অভ্যস্ত হৈ পৰিছে। অনাগত দিনত ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে শিক্ষা প্ৰসাৰ হোৱাৰেই যেন ইংগিত পোৱা গ’ল নিৰ্মলা সীতাৰমণৰ তৃতীয় বাজেট প্ৰস্তাৱত। চৰকাৰে দেশত এখন ডিজিটেল বিশ্ববিদ্যালয় স্থাপনৰ উদ্যোগ হাতত ল'ব বুলি জনায় নিৰ্মলা সীতাৰমণে। একে সময়তে তেওঁ কয়, কেন্দ্ৰই দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি টিভি চেনেলৰো ব্যৱস্থা কৰিব। প্ৰধানমন্ত্ৰী ই-বিদ্যা প্ৰকল্পটোৰ অধীনত দেশৰ প্ৰতিটো শ্ৰেণীৰ বাবে বিভিন্ন ভাষাত ২০০ ৰো অধিক টিভি চেনেল স্থাপন কৰা হ’ব। এই চেনেলসমূহে দেশৰ বিভিন্ন প্ৰান্তত থকা বিভিন্ন ভাষাৰ শিক্ষাৰ্থীসকলৰ শিক্ষাত যথেষ্ট সহায় কৰিব বুলিও দাবী নিৰ্মলা সীতাৰমণৰ। শিক্ষাখণ্ডৰ অধিক বিকাশৰ বাবে দেশত ২ লাখ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰাৰো প্ৰতিশ্ৰুতি নিৰ্মলাৰ। নিৰ্মলাই কয়, ‘কৰ’না মহামাৰীয়ে সমাজৰ সৰু-বৰ সকলোলোককে প্ৰভাৱিত কৰিছে। মানসিক স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাইছে। এনে অনাহূত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ডিজিটেল হেল্থ ইক’ছিষ্টেম গঢ়ি তোলাৰো আশ্বাস নিৰ্মলা সীতাৰমণৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ