--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দিনত নতুন দিনৰ স্বপ্ন দেখিছে দেশে। কৰ’না মহামাৰীৰ অবাধ বিচৰণে প্ৰভাৱিত কৰি তুলিছিল সকলোকে। ইটোৰ পাছত সিটোকৈ কৰ’নাৰ ঢৌৱে বিধ্বস্ত কৰি তুলিছে স্বাভাৱিক জনজীৱন। সেই আতংকৰ এতিয়াও মাৰ যোৱা নাই। কৰ’নাৰ বাবেই সৰ্বাধিক প্ৰভাবিত হৈছিল দেশৰ শিশুসকল। শিক্ষাব্যৱস্থাৰ ওপৰতো পৰিছিল বিৰূপ প্ৰভাৱ। নিৰ্মলা সীতাৰমণৰ ভাষণে আশাৰ সঞ্চাৰ কৰা দেখিবলৈ পোৱা গৈছে। শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ প্ৰতি লক্ষ্য ৰাখি দেশত নিৰ্মাণ হ’ব ডিজিটেল বিশ্ববিদ্যালয়। শিক্ষকসকলক ডিজিটেল পদ্ধতিত পাঠদান দিয়াৰ প্ৰশিক্ষণো দিয়া হ'ব। ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰীও প্ৰদান কৰা হ'ব। আজি বাজেট অধিৱেশনৰ প্ৰথম দিনাই দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বিষয়ে সদৰী কৰিছে। কৰ’নাসৃষ্ট পৰিৱেশত দেশৰ শিশু শিক্ষাৰ্থীসকলেও অনলাইন শিক্ষাৰ সৈতে ক্ৰমাত্‍ অভ্যস্ত হৈ পৰিছে। অনাগত দিনত ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে শিক্ষা প্ৰসাৰ হোৱাৰেই যেন ইংগিত পোৱা গ’ল নিৰ্মলা সীতাৰমণৰ তৃতীয় বাজেট প্ৰস্তাৱত। চৰকাৰে দেশত এখন ডিজিটেল বিশ্ববিদ্যালয় স্থাপনৰ উদ্যোগ হাতত ল'ব বুলি জনায় নিৰ্মলা সীতাৰমণে। একে সময়তে তেওঁ কয়, কেন্দ্ৰই দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি টিভি চেনেলৰো ব্যৱস্থা কৰিব। প্ৰধানমন্ত্ৰী ই-বিদ্যা প্ৰকল্পটোৰ অধীনত দেশৰ প্ৰতিটো শ্ৰেণীৰ বাবে বিভিন্ন ভাষাত ২০০ ৰো অধিক টিভি চেনেল স্থাপন কৰা হ’ব। এই চেনেলসমূহে দেশৰ বিভিন্ন প্ৰান্তত থকা বিভিন্ন ভাষাৰ শিক্ষাৰ্থীসকলৰ শিক্ষাত যথেষ্ট সহায় কৰিব বুলিও দাবী নিৰ্মলা সীতাৰমণৰ। শিক্ষাখণ্ডৰ অধিক বিকাশৰ বাবে দেশত ২ লাখ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰাৰো প্ৰতিশ্ৰুতি নিৰ্মলাৰ। নিৰ্মলাই কয়, ‘কৰ’না মহামাৰীয়ে সমাজৰ সৰু-বৰ সকলোলোককে প্ৰভাৱিত কৰিছে। মানসিক স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাইছে। এনে অনাহূত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ডিজিটেল হেল্থ ইক’ছিষ্টেম গঢ়ি তোলাৰো আশ্বাস নিৰ্মলা সীতাৰমণৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম