--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পুৱা ১১ বজাত সংসদত নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট দাখিল কৰে। এই বাজেটখনক লৈ দেশবাসীও অধিক উৎকণ্ঠাৰে বাট চাই আছিল। এই বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান পাইছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উত্তৰ-পূবৰ উন্নয়নৰ বাবে উত্থাপন কৰিছে কেইবাটাখনো বিশেষ আঁচনি৷ উত্তৰ-পূৰ্বৰ বিকাশৰ বাবে ১৫০০ কোটি টকাৰ পেকেজ ধাৰ্য কৰে এই বাজেটত। থোৰতে ২০২২-২৩ বৰ্ষৰ বাজেটখন- -সীতাৰমণৰ বাজেটত ২০২২-২৩ বৰ্ষত ৮০ লাখ ঘৰ, ৬০লাখ চাকৰিৰ প্ৰস্তাৱ -সীতাৰমণৰ বাজেটত কৃষিখণ্ডত জৈৱিক উৎপাদনত গুৰুত্ব -সীতাৰমণৰ বাজেটত নতুনকৈ ২৫ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰস্তাৱ -সীতাৰমণৰ বাজেটত এক দেশ এক পঞ্জীয়ন ব্যৱস্থাৰে সম্পত্তি ক্ৰয়ৰ ব্যৱস্থা -সীতাৰমণৰ বাজেটত ডাকঘৰত এটিএমৰ প্ৰস্তাৱ -সীতাৰমণৰ বাজেটত চাৰিশ বন্দে ভাৰত ৰে'ল চলোৱাৰ প্ৰস্তাৱ -সীতাৰমণৰ বাজেটত প্ৰস্তাৱ এই বছৰতে ‘৫ জি’ সেৱা আৰম্ভ -ৰিৰ্জাভ বেংকে এই বছৰতে আৰম্ভ কৰিব ডিজিটেল মুদ্ৰা -এই বছৰতে দেশত আৰম্ভ হ’ব ডিজিটেল বিশ্ববিদ্যালয় সীতাৰমণৰ বাজেটত ২০২২-২৩ বৰ্ষত ৮০ লাখ ঘৰ আৰু ৬০ লাখ চাকৰিৰ প্ৰস্তাৱ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে ৪৮ হাজাৰ কোটি টকাৰ আবণ্টন, এই বৰ্ষতেই হৈছে ই-পাৰ্ছপ’ৰ্টৰ ব্যৱস্থা, ২০২২ বৰ্ষৰ বাজেটত শিক্ষাখণ্ডত বিশেষ গুৰুত্ব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট উপস্থাপন কৰি কয় যে, অহা বছৰত দেশখন ৯.২৭ শতাংশ হাৰত জিডিপি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। উন্নয়নৰ চাৰিটা স্তম্ভৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে - সামগ্ৰিক উন্নয়ন, উৎপাদনশীলতা বৃদ্ধি, শক্তি পৰিৱৰ্তন আৰু জলবায়ু কাৰ্য। বাজেটত ২০২২-২৩ বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকৰী মূলধন ব্যয় ১০.৬৮ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে, যি হৈছে জিডিপিৰ প্ৰায় ৪.১শতাংশ। ২০২২ চনৰ জানুৱাৰী মাহৰ বাবে মুঠ জিএছটি সংগ্ৰহ হৈছে ১,৪০,৯৮৬ কোটি টকা। ২০১৭ চনত কৰ আৰম্ভ হোৱাৰ পাছত সৰ্বাধিক-বুলি বিত্তমন্ত্ৰীগৰাকীয়ে কয়। এইখন সীতাৰমণৰ কাৰ্যকালৰ ৪ৰ্থখন বাজেট। এইবাৰ ২য় বাৰৰ বাবে ডিজিটেল বাজেট দাখিল কৰিলে সংসদত। দিনৰ ১১ বজাত সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২২ বৰ্ষৰ বাজেট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ