--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পুৱা ১১ বজাত সংসদত নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট দাখিল কৰে। এই বাজেটখনক লৈ দেশবাসীও অধিক উৎকণ্ঠাৰে বাট চাই আছিল। এই বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান পাইছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উত্তৰ-পূবৰ উন্নয়নৰ বাবে উত্থাপন কৰিছে কেইবাটাখনো বিশেষ আঁচনি৷ উত্তৰ-পূৰ্বৰ বিকাশৰ বাবে ১৫০০ কোটি টকাৰ পেকেজ ধাৰ্য কৰে এই বাজেটত। থোৰতে ২০২২-২৩ বৰ্ষৰ বাজেটখন- -সীতাৰমণৰ বাজেটত ২০২২-২৩ বৰ্ষত ৮০ লাখ ঘৰ, ৬০লাখ চাকৰিৰ প্ৰস্তাৱ -সীতাৰমণৰ বাজেটত কৃষিখণ্ডত জৈৱিক উৎপাদনত গুৰুত্ব -সীতাৰমণৰ বাজেটত নতুনকৈ ২৫ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰস্তাৱ -সীতাৰমণৰ বাজেটত এক দেশ এক পঞ্জীয়ন ব্যৱস্থাৰে সম্পত্তি ক্ৰয়ৰ ব্যৱস্থা -সীতাৰমণৰ বাজেটত ডাকঘৰত এটিএমৰ প্ৰস্তাৱ -সীতাৰমণৰ বাজেটত চাৰিশ বন্দে ভাৰত ৰে'ল চলোৱাৰ প্ৰস্তাৱ -সীতাৰমণৰ বাজেটত প্ৰস্তাৱ এই বছৰতে ‘৫ জি’ সেৱা আৰম্ভ -ৰিৰ্জাভ বেংকে এই বছৰতে আৰম্ভ কৰিব ডিজিটেল মুদ্ৰা -এই বছৰতে দেশত আৰম্ভ হ’ব ডিজিটেল বিশ্ববিদ্যালয় সীতাৰমণৰ বাজেটত ২০২২-২৩ বৰ্ষত ৮০ লাখ ঘৰ আৰু ৬০ লাখ চাকৰিৰ প্ৰস্তাৱ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে ৪৮ হাজাৰ কোটি টকাৰ আবণ্টন, এই বৰ্ষতেই হৈছে ই-পাৰ্ছপ’ৰ্টৰ ব্যৱস্থা, ২০২২ বৰ্ষৰ বাজেটত শিক্ষাখণ্ডত বিশেষ গুৰুত্ব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট উপস্থাপন কৰি কয় যে, অহা বছৰত দেশখন ৯.২৭ শতাংশ হাৰত জিডিপি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। উন্নয়নৰ চাৰিটা স্তম্ভৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে - সামগ্ৰিক উন্নয়ন, উৎপাদনশীলতা বৃদ্ধি, শক্তি পৰিৱৰ্তন আৰু জলবায়ু কাৰ্য। বাজেটত ২০২২-২৩ বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকৰী মূলধন ব্যয় ১০.৬৮ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে, যি হৈছে জিডিপিৰ প্ৰায় ৪.১শতাংশ। ২০২২ চনৰ জানুৱাৰী মাহৰ বাবে মুঠ জিএছটি সংগ্ৰহ হৈছে ১,৪০,৯৮৬ কোটি টকা। ২০১৭ চনত কৰ আৰম্ভ হোৱাৰ পাছত সৰ্বাধিক-বুলি বিত্তমন্ত্ৰীগৰাকীয়ে কয়। এইখন সীতাৰমণৰ কাৰ্যকালৰ ৪ৰ্থখন বাজেট। এইবাৰ ২য় বাৰৰ বাবে ডিজিটেল বাজেট দাখিল কৰিলে সংসদত। দিনৰ ১১ বজাত সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২২ বৰ্ষৰ বাজেট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়