--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসম ৰাইফলছৰ ৰাইফলমেন প্ৰণৱ জ্যোতি দাসৰ জীৱন আলোকিত হ'ল শৌৰ্য চক্ৰৰ সম্মানেৰে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শৌৰ্য চক্ৰৰে সন্মানিত কৰিছে প্ৰণৱ জ্যোতি দাসক। অৰুণাচল প্ৰদেশৰ লংডিঙত এক অভিযানৰ সময়ত প্ৰদৰ্শন কৰা চৰম সাহসিকতা আৰু দক্ষতাৰ বাবে প্ৰণৱ জ্যোতি দাস এই সন্মান প্ৰদান কৰা হয়। এই তথ্য সদৰী কৰিছে অসম ৰাইফলছে।

অসম ৰাইফলছে নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে-''অসম ৰাইফলছৰ সৈনিকক সন্মানীয় শৌৰ্য চক্ৰৰে সন্মানিত কৰা হৈছে। ২০২০ চনত অৰুণাচল প্ৰদেশৰ লংডিঙত এক অভিযানৰ সময়ত দেখুওৱা চৰম সাহসিকতা আৰু বীৰত্বৰ বাবে ২২ নৱেম্বৰত ৬ অসম ৰাইফলছৰ আৰএফএন প্ৰণৱ জ্যোতি দাসক সন্মানীয় শৌৰ্য চক্ৰৰে সন্মানিত কৰা হৈছে।” (ASSAM RIFLES SOLDIER DECORATED WITH THE PRESTIGIOUS SHAURYA CHAKRA Rfn Pranab Jyoti Das of 6 Assam Rifles, on 22 Nov, was decorated with the prestigious Shaurya Chakra for his extreme bravery & courage displayed during an operation in Longding, Arunachal Pradesh in the year 2020.)

আৰু পঢ়কঃ ‘কা’ আন্দোলন অপ্ৰাসংগিক; ক’লে বিদ্যাসাগৰে

উল্লেখ্য যে ২০২০ চনত অৰুণাচল প্ৰদেশত চলোৱা এক অভিযানৰ সময়ত ৰাইফলমেন প্ৰণৱ জ্যোতি দাসে দুজন বিদ্ৰোহীক কৰায়ত্ত কৰাৰ লগতে এজন আহত সৈনিকক বুদ্ধিমত্তাৰে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছিল। প্ৰণৱ জ্যোতি দাসক শৌৰ্য চক্ৰৰ সম্মানেৰে সন্মানিত কৰা ফটো ফেচবুকত শ্বেয়াৰ কৰিছে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে। ফটোখনত ৰাইফলমেন প্ৰণৱ জ্যোতি দাসক সাহসী আৰু অতুলনীয় যুঁজাৰু বুলি অভিহিত কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক