--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দুই দলৰ মাজত ছুপাৰ ছয় পৰ্যায়ৰ সম্ভাৱ্য মেচখন ২১ ছেপ্টেম্বৰত একেটা স্থানতে অনুষ্ঠিত হ’ব।প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচখন আবুধাবিত আফগানিস্তান আৰু হংকঙৰ মাজত অনুষ্ঠিত হ’ব

ডিজিটেল ডেস্কঃ এছিয়ান ক্ৰিকেট কাউন্সিলে শনিবাৰে এছিয়া কাপ ২০২৫ৰ স্থান ঘোষণা কৰে।১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া গ্ৰুপ পৰ্যায়ৰ হাই প্ৰফাইল মেচখন।


দুই দলৰ মাজত ছুপাৰ ছয় পৰ্যায়ৰ সম্ভাৱ্য মেচখন ২১ ছেপ্টেম্বৰত একেটা স্থানতে অনুষ্ঠিত হ’ব।প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচখন আবুধাবিত আফগানিস্তান আৰু হংকঙৰ মাজত অনুষ্ঠিত হ’ব।


আনহাতে ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ফাইনেলখনো ডুবাইত অনুষ্ঠিত হ’ব। অৰ্থাৎ ডুবাইত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত এছিয়া কাপৰ দুখন গুৰুত্বপূৰ্ণ মেচ। অহা বছৰ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ কথা মনত ৰাখি এই প্ৰতিযোগিতাখন টি-২০ আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটত অনুষ্ঠিত হ’ব।


প্ৰতিযোগিতাখনত মুঠ ১৯খন মেচৰ ভিতৰত ১১খন মেচ ডুবাইত আৰু ৮খন মেচ আবুধাবিত অনুষ্ঠিত হ’ব। পাহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ মাজতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলাৰ সিদ্ধান্তক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। কিন্তু এই আলোচনাৰ মাজতে এচিচিয়ে পুৰুষ এছিয়া কাপৰ স্থান ঘোষণা কৰে। ১০ ছেপ্টেম্বৰত (ইউ এ ই বনাম) আৰু ১৪ ছেপ্টেম্বৰত (পাকিস্তান বনাম) ডুবাইত ভাৰতে প্ৰথম দুখন লীগ মেচ খেলিব, আনহাতে ওমানৰ বিৰুদ্ধে অন্তিমখন লীগ মেচ ১৯ ছেপ্টেম্বৰত আবুধাবিৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।


পাকিস্তান, ওমান আৰু ইউ এ ইৰ সৈতে গ্ৰুপ এত আছে ভাৰত। গ্ৰুপ বিত আছে আফগানিস্তান, শ্ৰীলংকা, বাংলাদেশ আৰু হংকং। যোৱা মাহত প্ৰতিযোগিতাখনৰ সূচী প্ৰকাশ পাইছিল যদিও সেই সময়ত মাত্ৰ কোৱা হৈছিল যে মেচসমূহ ইউ এ ইত অনুষ্ঠিত হ’ব, সঠিক স্থান নিশ্চিত কৰা হোৱা নাছিল। এতিয়া ইয়াৰ সম্পূৰ্ণ সূচী আহিল। ছুপাৰ ছয় পৰ্যায়ত আবুধাবিত মাত্ৰ এখন খেলৰ কথা।


এছিয়া কাপ ২০২৫ৰ সম্পূৰ্ণ সূচীঃ


গ্ৰুপ পৰ্যায়ৰ মেচ-


৯ ছেপ্টেম্বৰ – আফগানিস্তান বনাম হংকং (আবুধাবি)

১০ ছেপ্টেম্বৰ – ভাৰত বনাম ইউ এ ই (ডুবাই)

১১ ছেপ্টেম্বৰ – বাংলাদেশ বনাম হংকং (আবুধাবি)

১২ ছেপ্টেম্বৰ – পাকিস্তান বনাম ওমান (ডুবাই)

১৩ ছেপ্টেম্বৰ – বাংলাদেশ বনাম শ্ৰীলংকা (আবুধাবি)

১৪ ছেপ্টেম্বৰ – ভাৰত বনাম পাকিস্তান (ডুবাই)

১৫ ছেপ্টেম্বৰ – ইউ এ ই বনাম ওমান (আবুধাবি) আৰু শ্ৰীলংকা বনাম হংকং (ডুবাই)

১৬ ছেপ্টেম্বৰ – বাংলাদেশ বনাম আফগানিস্তান (আবুধাবি)

১৭ ছেপ্টেম্বৰ – পাকিস্তান বনাম ইউ এ ই (ডুবাই)

১৮ ছেপ্টেম্বৰ – শ্ৰীলংকা বনাম আফগানিস্তান (আবুধাবি)

১৯ ছেপ্টেম্বৰ – ভাৰত বনাম ওমান (আবুধাবি)


ছুপাৰ-৪ মেচৰ সময়সূচী আৰু স্থান


২০ ছেপ্টেম্বৰ – বি১ বনাম বি২ (ডুবাই)

২১ ছেপ্টেম্বৰ – এ১ বনাম এ২ (ডুবাই) (ভাৰত-পাকিস্তানৰ সম্ভাৱ্য মেচ)

২৩ ছেপ্টেম্বৰ – এ২ বনাম বি১ (আবুধাবি)

২৪ ছেপ্টেম্বৰ – এ১ বনাম বি২ (ডুবাই)

২৫ ছেপ্টেম্বৰ – এ২ বনাম বি২ (ডুবাই)

২৬ ছেপ্টেম্বৰ – এ১ বনাম বি১ (ডুবাই)


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ