--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এতিয়া বিষ্ণুই চক্ৰটোৱে পাঞ্জাবী গায়ক বি-প্ৰাকক টাৰ্গেট কৰা বুলি জানিব পৰা গৈছে। বি-প্ৰাকৰ ঘনিষ্ঠ বন্ধু কণ্ঠশিল্পী দিলনূৰে প্ৰচুৰ ধনৰ দাবীত ভাবুকিপূৰ্ণ ফোন লাভ কৰিছে।

ডিজিটেল ডেস্কঃ বিগত কেইবছৰমানৰ পৰা লৰেন্স বিষ্ণোই গেঙে মনোৰঞ্জন জগতৰ কেইবাজনো তাৰকা বিশেষকৈ পাঞ্জাবী গায়কক লক্ষ্য কৰি লৈছে। সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰাৰ পিছত এই দলটোৱে হানি সিং, এ পি ধিলন, মানকীৰ আউলাখকে ধৰি কেইবাজনো বিশিষ্ট গায়ক, ৰেপাৰ, শিল্পীৰ ক্ষতি কৰাৰ ভাবুকি প্ৰদান কৰিছে।


এতিয়া বিষ্ণুই চক্ৰটোৱে পাঞ্জাবী গায়ক বি-প্ৰাকক টাৰ্গেট কৰা বুলি জানিব পৰা গৈছে। বি-প্ৰাকৰ ঘনিষ্ঠ বন্ধু কণ্ঠশিল্পী দিলনূৰে প্ৰচুৰ ধনৰ দাবীত ভাবুকিপূৰ্ণ ফোন লাভ কৰিছে।




সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি পাঞ্জাবী কণ্ঠশিল্পী দিলনূৰলৈ বিদেশী নম্বৰৰ পৰা ভাবুকি ফোন আহিছিল। ঘটনাৰ পিছতে মোহলী থানাত আনুষ্ঠানিক এজাহাৰ দাখিল কৰে দিলনূৰে। তেওঁৰ অভিযোগ অনুসৰি ফোন কৰাজনে নিজকে আৰ্জু বিষ্ণয় বুলি পৰিচয় দি দিলনুৰক পাঞ্জাবী শিল্পী বি-প্ৰাকক ১০ কোটি টকা মুক্তিপণৰ দাবীত বাৰ্তা প্ৰেৰণ কৰিবলৈ কয়। দিলনূৰে তেওঁৰ অভিযোগত উল্লেখ কৰিছে যে ফোন কৰাজনে তেওঁক ভাবুকি দিছিল যে যদিহে তেওঁ তেনে কৰিব নোৱাৰে তেন্তে ভয়ানক পৰিণতিৰ সন্মুখীন হ’ব।


এছ এছ পি, মোহলীৰ ওচৰত দাখিল কৰা এজাহাৰ অনুসৰি দিলনূৰে বিষয়টোৰ ওপৰত বিশদভাৱে উল্লেখ কৰি কয় যে ৫ জানুৱাৰীত তেওঁক বহিঃৰাজ্যৰ পৰা দুটাকৈ ফোন আহিছিল, যাৰ উত্তৰ তেওঁ নিদিলে। ৬ জানুৱাৰীত তেওঁলৈ বেলেগ বিদেশী নম্বৰৰ পৰা ফোন আহিল। দিলনূৰে যেতিয়া ফোনটো ৰিচিভ কৰিলে, লাইনৰ সিটো মূৰৰ মানুহজনে পুনৰ কঠোৰভাৱে বিষয়টো জনালে , আৰু তেওঁ লগে লগে ফোনটো বিচ্ছিন্ন কৰিলে।


দিলনূৰে আগলৈ কয় যে ফোনটো কাটি দিয়াৰ লগে লগে তেওঁৰ ফোনলৈ এটা ভইচ মেছেজ আহিল। অডিঅ’ মেছেজটোত বি-প্ৰাকক ক্ষতি কৰাৰ ভাবুকি দি এসপ্তাহত ১০ কোটি টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। দিলনুৰৰ অভিযোগৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।


বি-প্ৰাক এজন গায়ক, সংগীত পৰিচালক, আৰু সুৰকাৰ যিয়ে নিজৰ কণ্ঠেৰে পাঞ্জাবী চিনেমাৰ লগতে হিন্দী সংগীত জগততো নিজৰ বাবে এক নিৰ্দিষ্ট স্থান খোদিত কৰিছে। তেওঁৰ প্ৰথম জনপ্ৰিয় গীত "মান ভৰেয়া"। সুমধুৰ কণ্ঠৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু আন কেইবাটাও সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ