--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এতিয়া বিষ্ণুই চক্ৰটোৱে পাঞ্জাবী গায়ক বি-প্ৰাকক টাৰ্গেট কৰা বুলি জানিব পৰা গৈছে। বি-প্ৰাকৰ ঘনিষ্ঠ বন্ধু কণ্ঠশিল্পী দিলনূৰে প্ৰচুৰ ধনৰ দাবীত ভাবুকিপূৰ্ণ ফোন লাভ কৰিছে।

ডিজিটেল ডেস্কঃ বিগত কেইবছৰমানৰ পৰা লৰেন্স বিষ্ণোই গেঙে মনোৰঞ্জন জগতৰ কেইবাজনো তাৰকা বিশেষকৈ পাঞ্জাবী গায়কক লক্ষ্য কৰি লৈছে। সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰাৰ পিছত এই দলটোৱে হানি সিং, এ পি ধিলন, মানকীৰ আউলাখকে ধৰি কেইবাজনো বিশিষ্ট গায়ক, ৰেপাৰ, শিল্পীৰ ক্ষতি কৰাৰ ভাবুকি প্ৰদান কৰিছে।


এতিয়া বিষ্ণুই চক্ৰটোৱে পাঞ্জাবী গায়ক বি-প্ৰাকক টাৰ্গেট কৰা বুলি জানিব পৰা গৈছে। বি-প্ৰাকৰ ঘনিষ্ঠ বন্ধু কণ্ঠশিল্পী দিলনূৰে প্ৰচুৰ ধনৰ দাবীত ভাবুকিপূৰ্ণ ফোন লাভ কৰিছে।




সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি পাঞ্জাবী কণ্ঠশিল্পী দিলনূৰলৈ বিদেশী নম্বৰৰ পৰা ভাবুকি ফোন আহিছিল। ঘটনাৰ পিছতে মোহলী থানাত আনুষ্ঠানিক এজাহাৰ দাখিল কৰে দিলনূৰে। তেওঁৰ অভিযোগ অনুসৰি ফোন কৰাজনে নিজকে আৰ্জু বিষ্ণয় বুলি পৰিচয় দি দিলনুৰক পাঞ্জাবী শিল্পী বি-প্ৰাকক ১০ কোটি টকা মুক্তিপণৰ দাবীত বাৰ্তা প্ৰেৰণ কৰিবলৈ কয়। দিলনূৰে তেওঁৰ অভিযোগত উল্লেখ কৰিছে যে ফোন কৰাজনে তেওঁক ভাবুকি দিছিল যে যদিহে তেওঁ তেনে কৰিব নোৱাৰে তেন্তে ভয়ানক পৰিণতিৰ সন্মুখীন হ’ব।


এছ এছ পি, মোহলীৰ ওচৰত দাখিল কৰা এজাহাৰ অনুসৰি দিলনূৰে বিষয়টোৰ ওপৰত বিশদভাৱে উল্লেখ কৰি কয় যে ৫ জানুৱাৰীত তেওঁক বহিঃৰাজ্যৰ পৰা দুটাকৈ ফোন আহিছিল, যাৰ উত্তৰ তেওঁ নিদিলে। ৬ জানুৱাৰীত তেওঁলৈ বেলেগ বিদেশী নম্বৰৰ পৰা ফোন আহিল। দিলনূৰে যেতিয়া ফোনটো ৰিচিভ কৰিলে, লাইনৰ সিটো মূৰৰ মানুহজনে পুনৰ কঠোৰভাৱে বিষয়টো জনালে , আৰু তেওঁ লগে লগে ফোনটো বিচ্ছিন্ন কৰিলে।


দিলনূৰে আগলৈ কয় যে ফোনটো কাটি দিয়াৰ লগে লগে তেওঁৰ ফোনলৈ এটা ভইচ মেছেজ আহিল। অডিঅ’ মেছেজটোত বি-প্ৰাকক ক্ষতি কৰাৰ ভাবুকি দি এসপ্তাহত ১০ কোটি টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। দিলনুৰৰ অভিযোগৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।


বি-প্ৰাক এজন গায়ক, সংগীত পৰিচালক, আৰু সুৰকাৰ যিয়ে নিজৰ কণ্ঠেৰে পাঞ্জাবী চিনেমাৰ লগতে হিন্দী সংগীত জগততো নিজৰ বাবে এক নিৰ্দিষ্ট স্থান খোদিত কৰিছে। তেওঁৰ প্ৰথম জনপ্ৰিয় গীত "মান ভৰেয়া"। সুমধুৰ কণ্ঠৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু আন কেইবাটাও সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু