--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সমগ্র প্রযোজনাটোৰ প্ৰকল্প সঞ্চালক হিচাপে দায়িত্ব পালন কৰিব অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ উপাধ্যক্ষ ডাঃ আলেক্ষ্য বৰুৱাই।

ডিজিটেল ডেস্ক : অসমীয়া সাহিত্যৰ এক অনন্য সম্পদ তথা বিশিষ্ট সাহিত্যিক কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাস 'অসীমত যাৰ হেৰাল সীমা' এইবাৰ চলচ্চিত্ৰৰ ৰূপত দৰ্শকৰ সন্মুখলৈ আহিবলৈ সাজু হৈছে। সীমান্ত ফুকন চিনে ক্রিয়েচনৰ বেনাৰত নির্মাণ হ'বলগীয়া এই বৃহৎ চলচ্চিত্র প্ৰকল্পৰ আনুষ্ঠানিক ঘোষণা কালি গুৱাহাটীৰ আইদেউ চিত্ৰগৃহত অনুষ্ঠিত এখন সংবাদমেলত কৰা হয়। চলচ্চিত্ৰখনৰ পৰিচালনাৰ দায়িত্বত থাকিব অসমৰ বিশিষ্ট নাট্য আৰু চলচ্চিত্র ব্যক্তিত্ব সীমান্ত ফুকন।


আনহাতে, সমগ্র প্রযোজনাটোৰ প্ৰকল্প সঞ্চালক হিচাপে দায়িত্ব পালন কৰিব অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ উপাধ্যক্ষ ডাঃ আলেক্ষ্য বৰুৱাই। সংবাদমেলত পৰিচালক সীমান্ত ফুকনে কয় যে শতাধিক নাটক, দূৰদৰ্শনৰ বহু জনপ্রিয় ধাৰাবাহিক আৰু ভিডিঅ' চলচ্চিত্ৰ পৰিচালনাৰ অভিজ্ঞতাৰ পাছত 'অসীমত যাৰ হেৰাল সীমা' তেওঁৰ দীৰ্ঘদিনীয়া এক সপোনৰ প্ৰকল্প। সাহিত্যৰ এই কালজয়ী সৃষ্টিক আধুনিক চলচ্চিত্ৰৰ ভাষাৰে নতুন ৰূপত দৰ্শকৰ আগত উপস্থাপন কৰাৰ লক্ষ্যৰে এই উদ্যোগ গ্রহণ কৰা হৈছে। 


চলচ্চিত্ৰখনৰ সংগীত পৰিচালনাৰ দায়িত্বত থাকিব নৱপ্ৰজন্মৰ অন্যতম প্রতিভাৱান সংগীত স্রষ্টা অনুৰাগ শইকীয়া। বর্তমান মুম্বাইত কৰ্মৰত অনুৰাগে বলিউড, হলিউড আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্রকল্পত সফলতাৰে কাম কৰি বিশেষ সুনাম অর্জন কৰিছে। চিত্রনাট্য ৰচনা কৰিব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ৰজত কমল) প্রাপক, বিশিষ্ট চলচ্চিত্র নিৰ্মাতা ভাস্কৰ হাজৰিকাই। 'কথানদী' আৰু 'আমিষ'ৰ দৰে সমাদৃত চলচ্চিত্ৰৰ স্রষ্টা হাজৰিকাৰ সৃজনশীল চিত্রনাট্যই উপন্যাসখনৰ গভীৰতা আৰু ব্যাপকতাক ৰূপালী পর্দাত নতুন মাত্রা প্রদান কৰিব বুলি আশা প্রকাশ কৰা হয়।


চলচ্চিত্ৰখনৰ কলা নির্দেশক হিচাপে থাকিব পদ্মশ্রী সম্মানপ্রাপক বিশিষ্ট শিল্পী নুৰুদ্দিন আহমেদ। শিল্প-সংস্কৃতিৰ ক্ষেত্ৰত তেওঁৰ দীৰ্ঘদিনীয়া অৱদান আৰু নান্দনিক দৃষ্টিভংগীয়ে ছবিখনৰ দৃশ্য বিন্যাসক এক বিশেষ উচ্চতালৈ লৈ যাব বুলি প্রযোজনা গোষ্ঠীয়ে আশা ব্যক্ত কৰে। ইফালে, চিত্রগ্রহণ, শব্দগ্রহণ, সম্পাদনা, গ্রাফিক্স আদি কাৰিকৰী ক্ষেত্ৰসমূহৰ বাবে অসমৰ লগতে বলিউড আৰু দাক্ষিণাত্যৰ চলচ্চিত্র উদ্যোগৰ অভিজ্ঞ কলা-কুশলীৰ সৈতে আলোচনা চলি আছে। চলচ্চিত্ৰখনত অসমৰ লগতে বাংলা চলচ্চিত্র জগতৰ প্ৰতিষ্ঠিত শিল্পীসকলেও অভিনয় কৰিব। 


উল্লেখযোগ্য যে 'অসীমত যাৰ হেৰাল সীমা' অসমীয়া আৰু বাংলা-দুয়োটা ভাষাত নিৰ্মাণ কৰা হ'ব। ইতিমধ্যে চলচ্চিত্ৰখনৰ প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে আৰু অসমৰ বিভিন্ন স্থানৰ লগতে অৰুণাচল প্রদেশ তথা দেশৰ আন কেইবাটাও মনোমোহা স্থানত দৃশ্যগ্ৰহণৰ পৰিকল্পনা কৰা হৈছে। অহা নতুন বছৰৰ আৰম্ভণিতে চলচ্চিত্ৰখনৰ মূল চিত্রগ্রহণ আৰম্ভ হ'ব বুলি সংবাদমেলত জানিবলৈ দিয়া হয়।


অসমীয়া সাহিত্যৰ এক কালজয়ী সৃষ্টিক আধুনিক চলচ্চিত্র মাধ্যমৰ জৰিয়তে নতুন ৰূপত উপস্থাপনৰ এই প্রয়াসে সাহিত্যপ্রেমী, চলচ্চিত্রপ্রেমী আৰু সাংস্কৃতিক জগতৰ সকলো শ্ৰেণীৰ দৰ্শকৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিব বুলি আশা প্রকাশ কৰা হৈছে। উল্লেখযোগ্য যে কালিৰ সংবাদমেলত উপন্যাসখনৰ স্ৰষ্টা কাঞ্চন বৰুৱা (প্রয়াত ভুবন মোহন বৰুৱা)ৰ ভতিজাক দীপক কুমাৰ বৰুৱা, পৰিচালক সীমান্ত ফুকন, প্রকল্প সঞ্চালক ডাঃ আলেক্ষ্য বৰুৱা, অনুপম হাজৰিকা আদিৰ লগতে সাহিত্য অকাদেমি বঁটা প্রাপক জয়ন্ত মাধৱ বৰা, নয়ন প্রসাদ, মাধুৰিমা চৌধুৰী, ৰণাল্ড হুছেইন আৰু চলচ্চিত্ৰখনৰ সৈতে জড়িত বহু শিল্পী, কলা-কুশলী আৰু শুভাকাংক্ষী উপস্থিত থাকে।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক