--°C
Loading...
Listen to Article
2 min read
80%
ডিডিটেল ডেস্ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আজি সমাপ্ত হ’ল। আজি উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছতে এই দীঘলীয়া পৰিক্ৰমাৰ অন্ত পৰিল আৰু এতিয়া সকলোৱে বাট চাইছে ফলাফললৈ। ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পাছতে আজি বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এগজিট প’ল। এইবাৰ একাধিক ৰাজ্যত ৰাজনৈতিক পট পৰিৱৰ্তনৰ সম্ভৱনা প্ৰকট হৈ পৰিছে যদিও দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত পুনৰ বিজেপিয়েই শাসনৰ গাদীৰ বহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বিভিন্ন সংবাদ মাধ্যমে চলোৱা সমীক্ষাৰ তুলনা কৰি এনডি টিভি-এ প্ৰকাশ কৰা ‘প’ল অব এগজিট প’লছ’ত প্ৰকাশ পাইছে যে, পূ্ৰ্বৰ তুলনাত আসন হ্ৰাস পালেও উত্তৰ প্ৰদেশত শাসনৰ গাদী ধৰি ৰাখি বিজেপি চৰকাৰে। বিজেপিয়ে উত্তৰ প্ৰদেশ ক্ষমতা দখলৰ পূৰ্ণ সম্ভাৱনা থকাৰ বিপৰীতে পঞ্জাবত আম আদমী পাৰ্টীয়ে চমকপ্ৰদ বিজয় সাব্যস্ত কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইফালে, বিজেপিয়ে গোৱা আৰু উত্তৰাখণ্ডত সৰ্বাধিক আসন জিকাৰ সম্ভাৱনাৰ লগতে কংগ্ৰেছে এই দুখন ৰাজ্যত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টিৰ সম্ভৱনা আছে। উত্তৰ প্ৰদেশৰ নিৰ্বাচনক লৈ প্ৰকাশ পোৱা চাৰিটা এগজিট প’লৰ তুলনা কৰি বিজেপি মিত্ৰজোঁটে  ৰাজ্যখনৰ ৪০৩খন আসনৰ ভিতৰত ২৩২খন আসন লাভ কৰাৰ সম্ভাৱনা দেখুওৱা হৈছে। সমাজবাদী পাৰ্টিয়ে এই নিৰ্বাচনত ১৪০ৰ কাষে-পাঁজকে আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে।  বিজেপিৰ বিৰু্দ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌ থকা বুলি ভবাৰ পাছতো উত্তৰ প্ৰদেশ ধৰি ৰাখিবলৈ সক্ষম হোৱাটো দলটোৰ বাবে এক বৃহৎ সাফল্য বিবেচিত হ’ব। উল্লেখ্য যে, উত্তৰ প্ৰদেশত চৰকাৰ গঠনৰ বাবে ২০২খন আসনৰ প্ৰয়োজন আৰু বিজেপি মিত্ৰজোঁটে সেয়া অনায়াসে লাভ কৰাৰ সম্ভাৱা দেখা গৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক