--°C
Loading...
Listen to Article
2 min read
80%
ডিডিটেল ডেস্ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আজি সমাপ্ত হ’ল। আজি উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছতে এই দীঘলীয়া পৰিক্ৰমাৰ অন্ত পৰিল আৰু এতিয়া সকলোৱে বাট চাইছে ফলাফললৈ। ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পাছতে আজি বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এগজিট প’ল। এইবাৰ একাধিক ৰাজ্যত ৰাজনৈতিক পট পৰিৱৰ্তনৰ সম্ভৱনা প্ৰকট হৈ পৰিছে যদিও দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত পুনৰ বিজেপিয়েই শাসনৰ গাদীৰ বহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বিভিন্ন সংবাদ মাধ্যমে চলোৱা সমীক্ষাৰ তুলনা কৰি এনডি টিভি-এ প্ৰকাশ কৰা ‘প’ল অব এগজিট প’লছ’ত প্ৰকাশ পাইছে যে, পূ্ৰ্বৰ তুলনাত আসন হ্ৰাস পালেও উত্তৰ প্ৰদেশত শাসনৰ গাদী ধৰি ৰাখি বিজেপি চৰকাৰে। বিজেপিয়ে উত্তৰ প্ৰদেশ ক্ষমতা দখলৰ পূৰ্ণ সম্ভাৱনা থকাৰ বিপৰীতে পঞ্জাবত আম আদমী পাৰ্টীয়ে চমকপ্ৰদ বিজয় সাব্যস্ত কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইফালে, বিজেপিয়ে গোৱা আৰু উত্তৰাখণ্ডত সৰ্বাধিক আসন জিকাৰ সম্ভাৱনাৰ লগতে কংগ্ৰেছে এই দুখন ৰাজ্যত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টিৰ সম্ভৱনা আছে। উত্তৰ প্ৰদেশৰ নিৰ্বাচনক লৈ প্ৰকাশ পোৱা চাৰিটা এগজিট প’লৰ তুলনা কৰি বিজেপি মিত্ৰজোঁটে  ৰাজ্যখনৰ ৪০৩খন আসনৰ ভিতৰত ২৩২খন আসন লাভ কৰাৰ সম্ভাৱনা দেখুওৱা হৈছে। সমাজবাদী পাৰ্টিয়ে এই নিৰ্বাচনত ১৪০ৰ কাষে-পাঁজকে আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে।  বিজেপিৰ বিৰু্দ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌ থকা বুলি ভবাৰ পাছতো উত্তৰ প্ৰদেশ ধৰি ৰাখিবলৈ সক্ষম হোৱাটো দলটোৰ বাবে এক বৃহৎ সাফল্য বিবেচিত হ’ব। উল্লেখ্য যে, উত্তৰ প্ৰদেশত চৰকাৰ গঠনৰ বাবে ২০২খন আসনৰ প্ৰয়োজন আৰু বিজেপি মিত্ৰজোঁটে সেয়া অনায়াসে লাভ কৰাৰ সম্ভাৱা দেখা গৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য