--°C
Loading...
Listen to Article
2 min read
80%

এগজিট প’লৰ তথ্যই কংগ্ৰেছৰ বাবে কঢ়িয়াইছে দুঃসংবাদ

ডিজিটেল ডেস্ক : দেশত এতিয়া নিৰ্বাচন জিকাৰ মেছিনত পৰিণত হৈছে বিজেপি। তেওঁলোকে ইটোৰ পাছত সিটো নিৰ্বাচনত জয়ী হোৱাটো এতিয়া পৰম্পৰাত পৰিণত হৈছে। তাৰ বিপৰীতে নানা প্ৰচাৰ কৌশল, শাসকীয় দলৰ প্ৰতি তীব্ৰ বিষোদগাৰেৰে বিৰোধী দলসমূহে জনমত সৃষ্টি কৰিবলৈ সক্ষম হয় ঠিকেই, কিন্তু তেওঁলোকে সেই জনমতক ভোটলৈ ৰূপান্তৰিত কৰাত ব্যৰ্থ হয়। নিৰ্বাচনৰ পূ্ৰ্বে ‘চৰকাৰ গঠন কৰিমেই’- বুলি তৎপৰ হৈ থকা বিৰোধী দল একোটাই শাসকীয় দলক ক্ষমতাৰ পৰা উৎখাত কৰাত ব্যৰ্থ হয়। যাৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে সদ্যসমাপ্ত উত্তৰ-প্ৰদেশৰ বিধানসভা নিৰ্বাচনত। আজি ৰাজ্যখনত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ হোৱাৰ পাছতে প্ৰকাশ পোৱা বিভিন্ন এগজিট প’লৰ তথ্যত প্ৰকাশ হৈ পৰিছে যে, পুনৰ বিজেপি দলেই ৰাজ্যখনত শাসনৰ গাদী দখল কৰিবলৈ সক্ষম হ’ব! পূৰ্বৰ তুলনাত বিজেপিৰ আসনৰ সংখ্যা এইবাৰ হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে যদিও চৰকাৰ গঠন কৰিব পৰাকৈ তেওঁলোকে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাটো প্ৰায় নিশ্চিতই বুলিব পাৰি। ৰাজ্যখনত চৰকাৰ গঠন কৰাৰ বাবে ২০২খন আসন লাভ কৰিব লাগে। বিজেপিয়ে এই নিৰ্বাচনত প্ৰায় ২৫০ৰ ওচৰে-পাঁজৰে আসন লাভ কৰিব বুলি ধাৰণা কৰা হৈছে। ইঁণ্ডিয়া ট্যুডে’-এক্সিছ মাই ইণ্ডিয়াৰ সমীক্ষাত আকৌ তেওঁলোকে তিনি-শতাধিক আসন লাভ কৰিব বুলি পূৰ্বানুমান কৰা হৈছে। এই পূ্ৰ্বানুমান সত্য হওক-নহওক বিজেপিয়ে এই নিৰ্বানত জয়ী হোৱাৰ দিলে অগ্ৰসৰ হোৱা বুলি ধাৰণা স্পষ্টভাৱে কৰিব পাৰি। বিজেপিয়ে উত্তৰ-প্ৰদেশ ক্ষমতা দখলৰ পূৰ্ণ সম্ভাৱনা থকাৰ বিপৰীতে পঞ্জাবত ‘আম আদমী পাৰ্টী’-এ চমকপ্ৰদ বিজয় সাব্যস্ত কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইফালে, বিজেপিয়ে গোৱা আৰু উত্তৰাখণ্ডত সৰ্বাধিক আসন জিকাৰ সম্ভাৱনাৰ লগতে কংগ্ৰেছে এই দুখন ৰাজ্যত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টিৰ সম্ভৱনা আছে। পঞ্জাবত ‘আম আদমী পাৰ্টী’-এ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব বুলি প্ৰায়বোৰ সমীক্ষাতে স্পষ্ট হৈ পৰিছে। তেওঁলোকে আসনৰ সংখ্যাৰে শতকৰ ঘৰ চুব বুলিও অনুমান ব্যক্তি কৰিছে চানক্যৰ পূৰ্বানুমানত। শতকৰ কাষ নাচাপিলেও তেওঁলোকে ৮০-৯০খন আসন লাভ কৰাৰ স্পষ্ট সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। এয়া কংগ্ৰেছ দলৰ বাবে নিসন্দেহে এক অশনি সংকেত। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ছেমিফাইনেল বুলি অভিহিত এই নিৰ্বাচনত কংগ্ৰেছে তেওঁলোকৰ হাতত থকা এখন ৰাজ্য হেৰুৱাবলগীয়া হোৱাটো নিসন্দেহে হ’ব অতি উদ্বেগৰ বিষয়। এয়া কংগ্ৰেছৰ নেতৃত্বৰ ভুলৰ বাবেই হৈছে সেয়া আৰু অস্পষ্ট হৈ থকা নাই। উত্তৰাখণ্ড, গোৱাত বিজেপিৰ সৈতে কংগ্ৰেছৰ দৌৰ কাষে-পাঁজৰে থাকিব বুলি আশা কৰা হৈছে যদিও মণিপুৰত তেওঁলোকৰ ফলাফল আশাপ্ৰদ নোহোৱাৰে সম্ভাৱনা বেছি। অৰ্থাৎ কংগ্ৰেছে এই নিৰ্বাচনৰ পৰা বৰ বিশেষ একো আহৰণ কৰিবলৈ সক্ষম নহ’ব। উত্তৰ-প্ৰদেশতো তেওঁলোকে আসনৰ দুটা অংকৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিব। দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ বাবে এয়া এক উদ্বেগৰ বিষয় স্বাভাৱিকতে হোৱা উচিত। তাৰ বিপৰীতে ইটোৰ-পাছত সিটো নিৰ্বাচনত বিজেপিৰ চমকপ্ৰদ বিজয়ে বিৰোধীক ক্ৰমাৎ পশ্চাৎ অপসাৰিত কৰি আহিছে দেশৰ ৰাজনীতিৰ পৰা। বিহাৰত তেজস্বী বা উত্তৰ প্ৰদেশত অখিলেশে সম্ভাৱনা সৃষ্টি কৰিও পৰাজয়ৰ গৰাহত পৰাটো এটা লক্ষ্যণীয় দিশ হৈ পৰিছে। আনহাতে, তাৰ মাজতে আপকৰ এই উত্থানেও দেশৰ ৰাজনীতিৰ বাবে এক উল্লেখনীয় বাৰ্তা কঢ়িয়াই আনিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ