--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰে'লৱেৰ এক বিবৃতিত কোৱা হৈছে যে, ৰাজধানী এক্সপ্ৰেছ, অৱধ আছাম এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ আৰু বিবেক এক্সপ্ৰেছকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে'লৰ পথ সলনি কৰা হৈছে।

ডিজিটেল ডেস্ক: শিৱসাগৰ জিলাৰ শিমলুগুৰি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰবল বৰষুণ আৰু বানপানীৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই (NFR) পুনৰ কেইবাখনো ৰে'ল সেৱা বাতিল, আংশিক বাতিল আৰু পথ সলনি কৰাৰ কথা ঘোষণা কৰিছে। তিনিচুকীয়া সংমণ্ডলৰ অধীনৰ এই অঞ্চলসমূহত ৰে'ল লাইনৰ ওপৰেৰে পানী যোৱাৰ বাবে যাত্ৰীৰ সুৰক্ষা আৰু সেৱা অব্যাহত ৰখাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ৰে'লৱে কৰ্তৃপক্ষই জানিবলৈ দিছে।


ৰে'লৱেৰ এক বিবৃতিত কোৱা হৈছে যে, ৰাজধানী এক্সপ্ৰেছ, অৱধ আছাম এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ আৰু বিবেক এক্সপ্ৰেছকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে'লৰ পথ সলনি কৰা হৈছে। ১ আগষ্টৰ পৰা ৪ আগষ্টৰ ভিতৰত এই ৰে'লসমূহ ডিব্ৰুগড়– উত্তৰ লখিমপুৰ– ৰঙাপৰা উত্তৰ– ৰঙিয়া পথেৰে চলাচল কৰিছে।


ইয়াৰ উপৰিও, গুৱাহাটী–ডিব্ৰুগড় আৰু ডিব্ৰুগড়–গুৱাহাটী নাগালেণ্ড এক্সপ্ৰেছ ৰে'ল দুখন নিৰ্ধাৰিত দিনসমূহত মৰিয়নি ষ্টেচনত আংশিকভাৱে বাতিল কৰা হৈছে, অৰ্থাৎ এই ৰে'ল দুখন মৰিয়নিৰ পৰা যাত্ৰা আৰম্ভ বা শেষ কৰিব। উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৱাহাটী–লিডু, লিডু–গুৱাহাটী, ৰঙিয়া–নিউ তিনিচুকীয়া, নিউ তিনিচুকীয়া–ৰঙিয়া আৰু যোৰহাট টাউন–তিনিচুকীয়া আদিকে ধৰি কেইবাখনো যাত্ৰীবাহী, DEMU আৰু ইণ্টাৰচিটি এক্সপ্ৰেছ সেৱা সম্পূৰ্ণৰূপে বাতিল কৰিছে।


এই পৰিস্থিতিয়ে যাত্ৰীসকলৰ মাজত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। ৰে'লৱে কৰ্তৃপক্ষই পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত যাত্ৰীসকলক সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছে আৰু শিমলুগুৰি অংশত ৰে'ল লাইন পুনৰুদ্ধাৰৰ কাম ক্ষিপ্ৰতাৰে চলি আছে বুলিও উল্লেখ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক