ডিজিটেল ডেস্ক: পুনৰ বহিঃৰাজ্যত আক্ৰমণৰ বলি অসমীয়া যুৱক। শিৱসাগৰৰ চাংমাই গাঁৱৰ অভিজিৎ বৰুৱা নামৰ যুৱকজনক ৰে’লত অচিনাক্ত দুস্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত৷
১৬ ছেপ্টেম্বৰত অভিজিৎ বৰুৱাই শিমলুগুৰিৰ পৰা গোৱালৈ যাত্ৰা কৰিছিল৷ ১৯ ছেপ্টেম্বৰত ৰে’লৱে আৰক্ষীয়ে অভিজিৎ বৰুৱা আক্ৰমণৰ বলি হোৱা সন্দৰ্ভত পৰিয়ালক অৱগত কৰে৷
যাত্ৰাপথত মহাৰাষ্ট্ৰৰ এটি স্থানত অচিনাক্ত দুস্কৃতিকাৰীয়ে ডিঙিত আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ ফলত মহাৰাষ্ট্ৰৰ এখন চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অভিজিৎ৷
এতিয়া আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে অভিজিৎ বৰুৱাৰ ওচৰলৈ যাবলৈ আৰ্থিক সংকটত ভুগিছে৷