--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত মানুহৰ বহুত প্ৰতিভা উন্মোচিত হৈছে। ছ’চিয়েল মিডিয়াই একে ৰাতিতে মানুহক তাৰকাৰ শাৰীলৈ উন্নীত কৰিব পাৰে। যদি প্ৰতিভা আছে, তেন্তে আগুৱাই যোৱাত ছ’চিয়েল মিডিয়াই বহুত সহায় কৰে। জাষ্টিন বিবিছ ছিষ্টাৰ্ছ নামৰ এক সাংগীতিক প্ৰতিভাই এতিয়া সকলোতে চৰ্চা লাভ কৰিছে। জাষ্টিন বিবিছ ছিষ্টাৰ্ছে নিজৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বলত সফলতাৰ জখলাত বগাবলৈ সক্ষম হৈছে। 

জাষ্টিন বিবিছ ছিষ্টাৰ্ছ অৰ্থাৎ ছানিয়া চোহেইল আৰু মুকাদ্দাছ নামৰ দুই ভগ্নীয়ে সংগীতৰ জৰিয়তে অৰ্জন কৰিছে  প্ৰচুৰ জনপ্ৰিয়তা। জাষ্টিন বিবাৰৰ গীত গাই নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিছিল দুই ভগ্নী। এয়া ২০১৫ চনৰ কথা। আমেৰিকান গায়ক জাষ্টিন বিবাৰৰ ‘বেবী’ গীতটো গাইছিল ছানিয়া আৰু মুকাদ্দাছে। দুয়োগৰাকী ভগ্নীৰ কণ্ঠত মানুহে এই গীতটো ইমানেই ভাল পাইছিল যে তেওঁলোকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছত দুই ভগ্নী ‘জাষ্টিন চিষ্টাৰছ’ আৰু ‘জাষ্টিন গাৰ্লছ’ নামেৰে বিখ্যাত হৈ পৰে।

আশ্চৰ্যজনক কথাটো হ’ল দুয়োগৰাকী ভগ্নীয়ে অতি কম বয়সতে এই জনপ্ৰিয়তা লাভ কৰিছিল। সেই সময়ত ছানিয়াৰ বয়স আছিল মাত্ৰ ২১ বছৰ। মুকাদ্দাছৰ বয়স আছিল ১৮ বছৰ। জাষ্টিন বিবাৰৰ গীতটোৱে তেওঁলোকৰ ভাগ্য এনেদৰে সলনি কৰিলে যে ‘আইচিচি বিশ্বকাপ ২০১৫’ৰ বাবে পাক দলৰ গীত ‘ফিৰ ছে গেম উথায়ে’তো তেওঁলোকে গান গাইছিল।

পাকিস্তানৰ লাহোৰৰ এটা দুখীয়া ‘জিপ্সি মিউজিচিয়ান’ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল জাষ্টিন বিবিছ ছিষ্টাৰ্ছে। ৰাজপথত গান গাই জীৱিকা নিৰ্বাহ কৰাসকলক ‘জিপ্সি’ বুলি কোৱা হয়। ৰাজপথত গান গাই জীৱিকা অৰ্জন কৰা ছানিয়া আৰু মুকাদ্দাছ এতিয়া পাকিস্তানৰ সংগীত জগতত এক ডাঙৰ নাম হৈ পৰিছে। এটা সময়ত তেওঁলোকৰ আৰ্থিক অৱস্থা বহুত বেয়া আছিল। ছ’চিয়েল মিডিয়াই তেওঁলোকক দিলে সুকীয়া পৰিচয়।

এই কাহিনী তেওঁলোকৰ বাবে অনুপ্ৰেৰণা হ’ব পাৰে, যিয়ে প্ৰতিকূল পৰিস্থিতিৰ বাবে নিজৰ সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আধাতে যাত্ৰা সামৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু