--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত মানুহৰ বহুত প্ৰতিভা উন্মোচিত হৈছে। ছ’চিয়েল মিডিয়াই একে ৰাতিতে মানুহক তাৰকাৰ শাৰীলৈ উন্নীত কৰিব পাৰে। যদি প্ৰতিভা আছে, তেন্তে আগুৱাই যোৱাত ছ’চিয়েল মিডিয়াই বহুত সহায় কৰে। জাষ্টিন বিবিছ ছিষ্টাৰ্ছ নামৰ এক সাংগীতিক প্ৰতিভাই এতিয়া সকলোতে চৰ্চা লাভ কৰিছে। জাষ্টিন বিবিছ ছিষ্টাৰ্ছে নিজৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বলত সফলতাৰ জখলাত বগাবলৈ সক্ষম হৈছে। 

জাষ্টিন বিবিছ ছিষ্টাৰ্ছ অৰ্থাৎ ছানিয়া চোহেইল আৰু মুকাদ্দাছ নামৰ দুই ভগ্নীয়ে সংগীতৰ জৰিয়তে অৰ্জন কৰিছে  প্ৰচুৰ জনপ্ৰিয়তা। জাষ্টিন বিবাৰৰ গীত গাই নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিছিল দুই ভগ্নী। এয়া ২০১৫ চনৰ কথা। আমেৰিকান গায়ক জাষ্টিন বিবাৰৰ ‘বেবী’ গীতটো গাইছিল ছানিয়া আৰু মুকাদ্দাছে। দুয়োগৰাকী ভগ্নীৰ কণ্ঠত মানুহে এই গীতটো ইমানেই ভাল পাইছিল যে তেওঁলোকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছত দুই ভগ্নী ‘জাষ্টিন চিষ্টাৰছ’ আৰু ‘জাষ্টিন গাৰ্লছ’ নামেৰে বিখ্যাত হৈ পৰে।

আশ্চৰ্যজনক কথাটো হ’ল দুয়োগৰাকী ভগ্নীয়ে অতি কম বয়সতে এই জনপ্ৰিয়তা লাভ কৰিছিল। সেই সময়ত ছানিয়াৰ বয়স আছিল মাত্ৰ ২১ বছৰ। মুকাদ্দাছৰ বয়স আছিল ১৮ বছৰ। জাষ্টিন বিবাৰৰ গীতটোৱে তেওঁলোকৰ ভাগ্য এনেদৰে সলনি কৰিলে যে ‘আইচিচি বিশ্বকাপ ২০১৫’ৰ বাবে পাক দলৰ গীত ‘ফিৰ ছে গেম উথায়ে’তো তেওঁলোকে গান গাইছিল।

পাকিস্তানৰ লাহোৰৰ এটা দুখীয়া ‘জিপ্সি মিউজিচিয়ান’ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল জাষ্টিন বিবিছ ছিষ্টাৰ্ছে। ৰাজপথত গান গাই জীৱিকা নিৰ্বাহ কৰাসকলক ‘জিপ্সি’ বুলি কোৱা হয়। ৰাজপথত গান গাই জীৱিকা অৰ্জন কৰা ছানিয়া আৰু মুকাদ্দাছ এতিয়া পাকিস্তানৰ সংগীত জগতত এক ডাঙৰ নাম হৈ পৰিছে। এটা সময়ত তেওঁলোকৰ আৰ্থিক অৱস্থা বহুত বেয়া আছিল। ছ’চিয়েল মিডিয়াই তেওঁলোকক দিলে সুকীয়া পৰিচয়।

এই কাহিনী তেওঁলোকৰ বাবে অনুপ্ৰেৰণা হ’ব পাৰে, যিয়ে প্ৰতিকূল পৰিস্থিতিৰ বাবে নিজৰ সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আধাতে যাত্ৰা সামৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ