--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হলিউডৰ অভিনেত্ৰী মেৰিলিন মনৰোৰ জীৱন নানান বিচিত্ৰ কথাৰে ভৰা৷ মানুহৰ মুখ বাগৰি নানান ৰূপ পোৱা সেই কথা বোৰকলৈ নানা সময়ত বিতৰ্কৰো সৃষ্টি হৈ আহিছে৷শেহতীয়াকৈ ২৮ ছেপ্টেম্বৰত নেটফ্লিক্সত মেৰিলিন মনৰোৰ জীৱন ভিত্তিক এখন ছবিয়ে মুক্তি পাইছে৷ ছবি খনৰ  নামটো হৈছে ব্লণ্ড।  

মেৰিলিন মনৰোৰ জীৱনীমূলক ছবি খনকলৈ এতিয়া বিতৰ্কৰ ধুমুহা বৈছে৷ হলিউডৰ ভেনাছ হিচাবে খ্যাত মেৰিলিন মনৰোৰ বহু অজানা কথা ছবি খনত দেখুওৱা হৈছে৷ । প্ৰয়াত অভিনেত্ৰীগৰাকীয়ে তেঁওৰ  সৌন্দৰ্যৰ লগতে  ব্যক্তিগত জীৱনৰ বিতৰ্কৰ বাবে পুনৰ চৰ্চালৈ  আহিছে। তেওঁৰ নাম আমেৰিকা যুক্তৰাষ্ট্ৰৰ তদানীন্তন ৰাষ্ট্ৰপতি জন এফ কেনেডিৰ সৈতেও জড়িত হৈ পৰিছিল।কেৱল বিতৰ্কৰ মাজতে দিন নিয়াবলগীয়া হোৱা   মেৰিলিনৰ মৃত্যুৰ ৬০ বছৰ পিছত নিৰ্মাণ হৈছে  তেওঁৰ জীৱনৰ ওপৰত আধাৰিত বায়োপিক ব্লণ্ড । ব্লণ্ডক লৈ এতিয়া পুনৰ বিতৰ্ক আৰম্ভ হৈছে৷ মেৰিলিনৰ অনুৰাগীসকলে কয় যে ব্লণ্ডত মেৰিলিনৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ উচ্চাৰণ অভিনেত্ৰীগৰাকীৰ মাতৰ সৈতে  মিলা নাই।
১৯৬২ চনৰ ৪ আগষ্টত মেৰিলিনে বিশ্বৰ পৰা চিৰ দিনৰ বাবে  বিদায় মাগিছিল। 

ছবি খনৰ কাহিনীটো ১৯৬২ চনৰ ৫ আগষ্টৰ পৰা আবেলি ৩ বজাত আৰম্ভ হৈছে । স্থান- ১২৩০৫হেলেন ড্ৰাইভ, ব্ৰেণ্টউড, লছ এঞ্জেলছ। মেৰিলিনৰ সৈতে থকা হাউচকিপাৰ মুৰেয়ে মাজনিশা কোঠাটোৰ অৱস্থা সন্দেহজনক পাইছিল। মেৰিলিনৰ কোঠাত পোহৰ  আছিল, কিন্তু ভিতৰৰ পৰা কোনো সঁহাৰি পোৱা নাছিল। হাউচকিপাৰজনে লগে লগে মাৰ্লিনৰ মনোৰোগ বিশেষজ্ঞক ফোন কৰিলে। যেতিয়া তেওঁ কোঠাটোৰ খিৰিকী ভাঙি ভিতৰলৈ আহিল, তেওঁ মেৰিলিনক তেওঁৰ বিচনাত পৰি থকা দেখিলে। বিচনাখনৰ ওচৰত এটা খালী সৰু বটল আছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে সেইদিনা নিশা ৮:৩০ বজাৰ পৰা ১০ বজাৰ ভিতৰত তেওঁৰ  মৃত্যু হৈছিল।এয়া আত্মহত্যা নে হত্যা?  বহু বছৰ ধৰি সেয়া  বিতৰ্কৰ বিষয় হৈ আহিছে। বহুলোকে কৈছিল - হাউচকিপাৰ মুৰেয়ে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবে  হত্যা কৰিছিল। তেতিয়াৰ ৰাষ্ট্ৰপতি জন এফ কেনেডিকো সন্দেহ কৰা হৈছিল। ফৰেনচিক দল ঘটনাস্থলীত উপস্থিত হৈছিল আৰু হত্যাৰ সন্দেহেই কৰিছিল, কিন্তু মেৰিলিনৰ মৃত্যুক কিয় আত্মহত্যা বুলি গণ্য কৰা হৈছিল? 

মেৰিলিনক গ্ৰেচীৰ আত্মীয়সকলে ৰাখিছিল, আৰু কেতিয়াবা তাইক পুনৰ আশ্ৰম এখনত এৰি থৈ আহিছিল। এয়া ১৯৪২ চনলৈকে অব্যাহত আছিল। অৱশেষত ১৯৪২ চনৰ ১৯ জুনত মেৰিলিনে তেওঁৰ চুবুৰীয়া অঞ্চলত বাস কৰা ২১ বছৰীয়া জেমছ ডগৰ্টিক তেওঁৰ ১৬ তম জন্মদিনৰ ঠিক পিছতে বিয়া কৰায়। পঢ়া শুনা এৰি তেওঁ  এগৰাকী গৃহিনী হৈ পৰিল। যেতিয়া মেৰিলিনৰ স্বামীয়ে চাকৰিৰ খাতিৰত  দুবছৰৰ বাবে বাহিৰলৈ যাব লগা হৈছিল, মেৰিলিনে তাইৰ শহুৰেকৰ সৈতে থাকিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ কিছু বছৰ পিছলৈকে তেওঁ হলিউডৰ অন্যতম অভিনেত্ৰী হিচাবে পৰিগণিত হৈছিল৷ তেওঁৰ ৰূপত ভোল গৈছিল বহু জন৷ বহুতে কোৱা মতে বহু ডাঙৰ মানুহৰ সৈতে মেৰিলিনৰ সম্পৰ্ক আছিল৷ এনেবোৰ কথাই ছবি খনত দেখুওৱা হৈছে৷ কিন্তু মেৰিলনৰ বহু কাহিনী এতিয়াও মানুহে মানি ল’ব বিচৰা নাই৷ সেয়ে ছবি খনকলৈ আৰম্ভ হৈছে বিতৰ্ক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement