--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এহাল প্ৰেমিক চৰাইৰ নাম প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাচ। দুয়ো ইজনে সিজনক কিমান ভালপায়, কিমান সন্মান কৰে সেই কথা তেওঁলোকক দেখিলেই অনুমান কৰিব পাৰি। প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাচে একেলগে ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰাৰ লগে লগেই ভাইৰেল হৈ পৰে। লাইক, কমেণ্টেৰে উপচাই পেলাই অনুৰাগীসকলে। 

বৰ্তমান দুয়ো নিজৰ কামৰ লগতে কন্যা মালতীক লৈ ভীষণ ব্যস্ত। প্ৰিয়ংকা আৰু নিক কেৱল পতি-পত্নীয়েই নহয় তেওঁলোকৰ মাজত আছে গভীৰ বন্ধুত্ব। সেয়ে দুয়ো বিনা সংকোচে ইজনে সিজনৰ আগত সকলো কথা বিনা সংকোচে শ্বেয়াৰ কৰিব পাৰে। ইমানৰ পাছতো কিন্তু প্ৰিয়ংকাই নিকৰ আগত এটা কাম কৰিবলৈ বহুত লাজ পায়। সেই কথা নিজে সদৰী কৰিছে প্ৰিয়ংকাই। পাছে কি কাম কৰিবলৈ স্বামী নিকৰ আগত লাজ কৰে অভিনেত্ৰীগৰাকীয়ে। 

এক সাক্ষাৎকাৰত প্ৰিয়ংকাই কৈছিল যে নিকৰ আগত গান গাবলৈ তেওঁ ভীষণ লাজ কৰে। প্ৰিয়ংকা নিজে এগৰাকী ভাল কণ্ঠশিল্পী তাৰপাছতো কিন্তু তেওঁ নিক জোনাচৰ সন্মুখত গান গাবলৈ লাজ কৰে। প্ৰিয়ংকাই ‘ইন মাই চিটি’ আৰু ‘এক্স’টিক’ আদি গীত গাই সংগীতৰ ক্ষেত্ৰতো প্ৰচুৰ প্ৰতিভাৰ পৰিচয় দিছিল। ইমানৰ পাছতো প্ৰিয়ংকাই কয় যে ''নিকৰ আগত মই এটা কাম কৰিবলৈকে লাজ পাওঁ, সেয়া হৈছে গান গোৱাটো। মই কেতিয়াও তেওঁৰ লগত গান গাব নোৱাৰিম।'' ইয়াৰ কাৰণ সোধাত প্ৰিয়ংকাই উত্তৰ দিলে, ''মই কেতিয়াও নিকৰ দৰে গান গাব নোৱাৰিম, ইয়াৰ কোনো চান্সেই নাই। সংগীতৰ ক্ষেত্ৰত নিক জোনাচ অতি প্ৰতিভাশালী। সেয়ে তেওঁৰ আগত গান গাবলৈ মোৰ লাজেই লাগে।'' 

উল্লেখ্য যে ২০১৮ চনৰ ডিচেম্বৰ মাহত আমেৰিকাৰ জনপ্ৰিয় কণ্ঠশিল্পী নিক জোনাচৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। দুয়ো ৰচনা কৰিছে সুখৰ সংসাৰ। প্ৰতিটো কথাতে ইজনে সিজনক ইমানেই সমৰ্থন কৰে যে এই কথাই সকলোকে বৰ আকৃষ্ট কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ