--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এহাল প্ৰেমিক চৰাইৰ নাম প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাচ। দুয়ো ইজনে সিজনক কিমান ভালপায়, কিমান সন্মান কৰে সেই কথা তেওঁলোকক দেখিলেই অনুমান কৰিব পাৰি। প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাচে একেলগে ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰাৰ লগে লগেই ভাইৰেল হৈ পৰে। লাইক, কমেণ্টেৰে উপচাই পেলাই অনুৰাগীসকলে। 

বৰ্তমান দুয়ো নিজৰ কামৰ লগতে কন্যা মালতীক লৈ ভীষণ ব্যস্ত। প্ৰিয়ংকা আৰু নিক কেৱল পতি-পত্নীয়েই নহয় তেওঁলোকৰ মাজত আছে গভীৰ বন্ধুত্ব। সেয়ে দুয়ো বিনা সংকোচে ইজনে সিজনৰ আগত সকলো কথা বিনা সংকোচে শ্বেয়াৰ কৰিব পাৰে। ইমানৰ পাছতো কিন্তু প্ৰিয়ংকাই নিকৰ আগত এটা কাম কৰিবলৈ বহুত লাজ পায়। সেই কথা নিজে সদৰী কৰিছে প্ৰিয়ংকাই। পাছে কি কাম কৰিবলৈ স্বামী নিকৰ আগত লাজ কৰে অভিনেত্ৰীগৰাকীয়ে। 

এক সাক্ষাৎকাৰত প্ৰিয়ংকাই কৈছিল যে নিকৰ আগত গান গাবলৈ তেওঁ ভীষণ লাজ কৰে। প্ৰিয়ংকা নিজে এগৰাকী ভাল কণ্ঠশিল্পী তাৰপাছতো কিন্তু তেওঁ নিক জোনাচৰ সন্মুখত গান গাবলৈ লাজ কৰে। প্ৰিয়ংকাই ‘ইন মাই চিটি’ আৰু ‘এক্স’টিক’ আদি গীত গাই সংগীতৰ ক্ষেত্ৰতো প্ৰচুৰ প্ৰতিভাৰ পৰিচয় দিছিল। ইমানৰ পাছতো প্ৰিয়ংকাই কয় যে ''নিকৰ আগত মই এটা কাম কৰিবলৈকে লাজ পাওঁ, সেয়া হৈছে গান গোৱাটো। মই কেতিয়াও তেওঁৰ লগত গান গাব নোৱাৰিম।'' ইয়াৰ কাৰণ সোধাত প্ৰিয়ংকাই উত্তৰ দিলে, ''মই কেতিয়াও নিকৰ দৰে গান গাব নোৱাৰিম, ইয়াৰ কোনো চান্সেই নাই। সংগীতৰ ক্ষেত্ৰত নিক জোনাচ অতি প্ৰতিভাশালী। সেয়ে তেওঁৰ আগত গান গাবলৈ মোৰ লাজেই লাগে।'' 

উল্লেখ্য যে ২০১৮ চনৰ ডিচেম্বৰ মাহত আমেৰিকাৰ জনপ্ৰিয় কণ্ঠশিল্পী নিক জোনাচৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। দুয়ো ৰচনা কৰিছে সুখৰ সংসাৰ। প্ৰতিটো কথাতে ইজনে সিজনক ইমানেই সমৰ্থন কৰে যে এই কথাই সকলোকে বৰ আকৃষ্ট কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু