--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্ৰুতগতিত  পট পৰিৱৰ্তন ঘটিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ। কালি উচ্চতম ন্যায়ালয়ে উদ্ধৱ থাকৰে শিবিৰক বিমুখ কৰি আস্থাভোট অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে মুখ্যমন্ত্ৰী থাকৰেই পদত্যাগ কৰিছিল। কেলৱ মুখ্যমন্ত্ৰী পদেই নহয়, বিধায়ক পদো ত্যাগ কৰিছিল উদ্ধৱ থাকৰেই।

 এনেসময়তে মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠনৰ পূৰ্ণ প্ৰস্তুতি চলিছে। মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰি অহা হৈছিল যদিও বিজেপিৰ নেতৃত্বতে ৰাজ্য খনত নতুন চৰকাৰ গঠন হ'ব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে মহাৰাষ্ট্ৰ বিধানসভাত আজি অনুষ্ঠিত হ'বলগীয়া আস্থাভোট থাকৰেৰ পদত্যাগৰ পিছতে স্থগিত ৰখাৰ কথা ঘোষণা কৰা হৈছে।

 ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে আস্থাভোট  স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়াৰ কথা জানিব পৰা গৈছে। মহাৰাষ্ট্ৰ বিধানসভাৰ সচিব ৰাজেন্দ্ৰ ভাগৱতে ৰাজ্যৰ সকলো বিধায়কক জনাইছে যে ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি  এতিয়া আস্থাভোটৰ কোনো  প্ৰয়োজন নাই। 

ইয়াৰ মাজতে বিজেপিৰ দেৱেন্দ্ৰ ফাড়নবিছে একনাথ সিন্দেৰ সমৰ্থনত মহাৰাষ্ট্ৰ  মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ  সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

বিজেপিৰ নেতৃত্বত গঠন কৰিবলগীয়া   চৰকাৰত একনাথ সিন্দেই উপ মুখ্যমন্ত্ৰীৰ পদ লাভ কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। উল্লেখ্য কালি গুৱাহাটীৰ পৰা গোৱালৈ যোৱা এৰনাথৰ অনুগামী বিধায়কসকলে আজি গোৱাৰ পৰা মুম্বাইলৈ আহিব।একনাথ শিন্দেৰ নেতৃত্বত বিদ্ৰোহী বিধায়কসকলে আজি পুৱা ১০ বজাত গোৱাৰ তাজ হোটেলত এখন সভা অনুষ্ঠিত কৰিব।সেই সভাতে পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম প্ৰস্তাৱ হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ