--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্ৰুতগতিত  পট পৰিৱৰ্তন ঘটিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ। কালি উচ্চতম ন্যায়ালয়ে উদ্ধৱ থাকৰে শিবিৰক বিমুখ কৰি আস্থাভোট অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে মুখ্যমন্ত্ৰী থাকৰেই পদত্যাগ কৰিছিল। কেলৱ মুখ্যমন্ত্ৰী পদেই নহয়, বিধায়ক পদো ত্যাগ কৰিছিল উদ্ধৱ থাকৰেই।

 এনেসময়তে মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠনৰ পূৰ্ণ প্ৰস্তুতি চলিছে। মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰি অহা হৈছিল যদিও বিজেপিৰ নেতৃত্বতে ৰাজ্য খনত নতুন চৰকাৰ গঠন হ'ব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে মহাৰাষ্ট্ৰ বিধানসভাত আজি অনুষ্ঠিত হ'বলগীয়া আস্থাভোট থাকৰেৰ পদত্যাগৰ পিছতে স্থগিত ৰখাৰ কথা ঘোষণা কৰা হৈছে।

 ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে আস্থাভোট  স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়াৰ কথা জানিব পৰা গৈছে। মহাৰাষ্ট্ৰ বিধানসভাৰ সচিব ৰাজেন্দ্ৰ ভাগৱতে ৰাজ্যৰ সকলো বিধায়কক জনাইছে যে ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি  এতিয়া আস্থাভোটৰ কোনো  প্ৰয়োজন নাই। 

ইয়াৰ মাজতে বিজেপিৰ দেৱেন্দ্ৰ ফাড়নবিছে একনাথ সিন্দেৰ সমৰ্থনত মহাৰাষ্ট্ৰ  মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ  সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

বিজেপিৰ নেতৃত্বত গঠন কৰিবলগীয়া   চৰকাৰত একনাথ সিন্দেই উপ মুখ্যমন্ত্ৰীৰ পদ লাভ কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। উল্লেখ্য কালি গুৱাহাটীৰ পৰা গোৱালৈ যোৱা এৰনাথৰ অনুগামী বিধায়কসকলে আজি গোৱাৰ পৰা মুম্বাইলৈ আহিব।একনাথ শিন্দেৰ নেতৃত্বত বিদ্ৰোহী বিধায়কসকলে আজি পুৱা ১০ বজাত গোৱাৰ তাজ হোটেলত এখন সভা অনুষ্ঠিত কৰিব।সেই সভাতে পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম প্ৰস্তাৱ হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ