--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱৰ্তনৰ আশা দেখুৱাই কেন্দ্ৰত অধিষ্ঠিত হোৱা বিজেপি চৰকাৰ খনে শেহতীয়াকৈ বহু কেইবিধ সামগ্ৰী তথা সেৱাৰ ক্ষেত্ৰত থকা কৰ ৰেহাই প্ৰত্যাহাৰ কৰিছে৷ফলত এতিয়া দৈ, পেকেজিং মাংস, কেঁচা চাহপাতকে ধৰি আন বহু সামগ্ৰীৰ দাম বৃদ্ধি পাব৷চণ্ডীগড়ত অনুষ্ঠিত জিএছটি পৰিষদৰ বৈঠকত কেইবাবিধো সামগ্ৰীত জিএছটি আৰোপৰ সিদ্ধান্ত লোৱা হৈছে৷  থলুৱা ক্ষুদ্ৰ উদ্যোগীয়ে প্ৰস্তুত কৰা সামগ্ৰীতো জিএছটি আৰোপ কৰাৰ সিদ্ধান্ত লোৱাৰ ফলত তেনে ব্যৱসায়ীসকলৰ মূৰত ৰাম টাঙোণ পৰিছে৷

  বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত কেচিনো, অনলাইন গেমিং তথা ঘোঁৰা দৌৰৰ ওপৰত ২৮ শতাংশ জিএছটি আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হয়।বিৰোধী শাসিত ৰাজ্যসমূহে জিএছটি ক্ষতিপূৰণ ব্যৱস্থাৰ সম্প্ৰসাৰণ বা বৰ্তমানৰ ৫০ শতাংশৰ পৰা ৰাজ্যসমূহৰ ৰাজহৰ অংশ বৃদ্ধিৰ বাবে জোৰ দি আহিছে৷

শেহতীয়াকৈ অনুষ্ঠিত বৈঠকত পৰিষদে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ এছ বোম্মাইৰ নেতৃত্বত ৰাজ্যৰ বিত্ত মন্ত্ৰীসকলৰ গোটৰ অন্তৱৰ্তীকালীন প্ৰতিবেদন গ্ৰহণ কৰে, যাৰ ভিতৰত আছে শুল্ক গাঁথনি সংশোধন কৰা আৰু কিছুমান সামগ্ৰীৰ ওপৰত কৰ ৰেহাই আঁতৰ কৰা , কৰৰ হাৰৰ গাঁথনি সৰল কৰা।

 জিঅ'এমে প্ৰতিদিনে ১,০০০ টকাতকৈ কম মূল্যৰ হোটেলৰ কোঠাত ১২ শতাংশ কৰ  আৰোপকে ধৰি বহু সেৱাৰ ওপৰত জিএছটি ৰেহাই প্ৰত্যাহাৰ কৰাৰ পৰামৰ্শ দিছিল।  চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীসকলৰ বাবে  কোঠাৰ ভাড়াৰ ওপৰত (আইচিইউ বাদ দি) ৫ শতাংশ জিএছটি আৰোপ কৰাৰ পৰামৰ্শ দিয়া হৈছে।

 চিকিৎসালয়ৰ কোঠাৰ মাচুল প্ৰতিদিনে ৫ হাজাৰ  টকাৰ ওপৰত হ’লে ৫ শতাংশ জিএছটি আৰোপ আৰোপ কৰা হ’ব।। একেদৰে পোষ্টকাৰ্ড আৰু ইনলেণ্ড লেটাৰ, বুক পোষ্ট আৰু ১০ গ্ৰামতকৈ কম ওজনৰ খামৰ বাহিৰে আন সকলো ডাকঘৰ সেৱাৰ ওপৰত কৰ আৰোপ কৰা হ'ব।

 লগতে কেঁচা চাহপাত, চিৰা, পাপৰ মূৰি,মিঠৈ, পিঠাগুৰি, মাখন , গোৱালৰ গাখীৰ আদিত আৰোপ কৰা হৈছে ৫ শতাংশ জিএছটি। জনতাৰ মূৰত ৰাম টাঙোণ শোধাই চিঁয়াহী, ছুৰী-কটাৰী আদিতো ১৮ শতাংশ জিএছটি লগোৱা হৈছে।

 কেঁচা চাহপাতৰ ওপৰত জিএছটি আৰোপ কৰাৰ ফলত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাই দেখা দিছে। জিএছটি পৰিষদে শেহতীয়াকৈ  ৰাজ্যসমূহক সোণ তথা মূল্যৱান ধাতুৰ  আন্তঃৰাজ্যিক সৰবৰাহৰ  ক্ষেত্ৰত  ই-ৱে বিল জাৰী কৰিবলৈ অনুমতি দিছে৷

সবকা সাথ সবকা বিকাশৰ ধ্বনি আওৰাই থকা মোদীৰ চৰকাৰে দেশৰ ১,৩৯৯ বিধ সামগ্ৰীৰ ওপৰত জিএছটি আৰোপ কৰিছে। জিএছটিৰ পৰা মুক্ত হৈ থকা সামগ্ৰীৰ সংখ্যা হৈছে মাত্ৰ ১৬৮ বিধহে। 

দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে জনতাক সৰ্বশ্ৰান্ত কৰাৰ সময়তে চৰকাৰে বহু সামগ্ৰীত জিএছটি আৰোপ কৰাৰ কথাই জনতাৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ