--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱৰ্তনৰ আশা দেখুৱাই কেন্দ্ৰত অধিষ্ঠিত হোৱা বিজেপি চৰকাৰ খনে শেহতীয়াকৈ বহু কেইবিধ সামগ্ৰী তথা সেৱাৰ ক্ষেত্ৰত থকা কৰ ৰেহাই প্ৰত্যাহাৰ কৰিছে৷ফলত এতিয়া দৈ, পেকেজিং মাংস, কেঁচা চাহপাতকে ধৰি আন বহু সামগ্ৰীৰ দাম বৃদ্ধি পাব৷চণ্ডীগড়ত অনুষ্ঠিত জিএছটি পৰিষদৰ বৈঠকত কেইবাবিধো সামগ্ৰীত জিএছটি আৰোপৰ সিদ্ধান্ত লোৱা হৈছে৷  থলুৱা ক্ষুদ্ৰ উদ্যোগীয়ে প্ৰস্তুত কৰা সামগ্ৰীতো জিএছটি আৰোপ কৰাৰ সিদ্ধান্ত লোৱাৰ ফলত তেনে ব্যৱসায়ীসকলৰ মূৰত ৰাম টাঙোণ পৰিছে৷

  বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত কেচিনো, অনলাইন গেমিং তথা ঘোঁৰা দৌৰৰ ওপৰত ২৮ শতাংশ জিএছটি আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হয়।বিৰোধী শাসিত ৰাজ্যসমূহে জিএছটি ক্ষতিপূৰণ ব্যৱস্থাৰ সম্প্ৰসাৰণ বা বৰ্তমানৰ ৫০ শতাংশৰ পৰা ৰাজ্যসমূহৰ ৰাজহৰ অংশ বৃদ্ধিৰ বাবে জোৰ দি আহিছে৷

শেহতীয়াকৈ অনুষ্ঠিত বৈঠকত পৰিষদে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ এছ বোম্মাইৰ নেতৃত্বত ৰাজ্যৰ বিত্ত মন্ত্ৰীসকলৰ গোটৰ অন্তৱৰ্তীকালীন প্ৰতিবেদন গ্ৰহণ কৰে, যাৰ ভিতৰত আছে শুল্ক গাঁথনি সংশোধন কৰা আৰু কিছুমান সামগ্ৰীৰ ওপৰত কৰ ৰেহাই আঁতৰ কৰা , কৰৰ হাৰৰ গাঁথনি সৰল কৰা।

 জিঅ'এমে প্ৰতিদিনে ১,০০০ টকাতকৈ কম মূল্যৰ হোটেলৰ কোঠাত ১২ শতাংশ কৰ  আৰোপকে ধৰি বহু সেৱাৰ ওপৰত জিএছটি ৰেহাই প্ৰত্যাহাৰ কৰাৰ পৰামৰ্শ দিছিল।  চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীসকলৰ বাবে  কোঠাৰ ভাড়াৰ ওপৰত (আইচিইউ বাদ দি) ৫ শতাংশ জিএছটি আৰোপ কৰাৰ পৰামৰ্শ দিয়া হৈছে।

 চিকিৎসালয়ৰ কোঠাৰ মাচুল প্ৰতিদিনে ৫ হাজাৰ  টকাৰ ওপৰত হ’লে ৫ শতাংশ জিএছটি আৰোপ আৰোপ কৰা হ’ব।। একেদৰে পোষ্টকাৰ্ড আৰু ইনলেণ্ড লেটাৰ, বুক পোষ্ট আৰু ১০ গ্ৰামতকৈ কম ওজনৰ খামৰ বাহিৰে আন সকলো ডাকঘৰ সেৱাৰ ওপৰত কৰ আৰোপ কৰা হ'ব।

 লগতে কেঁচা চাহপাত, চিৰা, পাপৰ মূৰি,মিঠৈ, পিঠাগুৰি, মাখন , গোৱালৰ গাখীৰ আদিত আৰোপ কৰা হৈছে ৫ শতাংশ জিএছটি। জনতাৰ মূৰত ৰাম টাঙোণ শোধাই চিঁয়াহী, ছুৰী-কটাৰী আদিতো ১৮ শতাংশ জিএছটি লগোৱা হৈছে।

 কেঁচা চাহপাতৰ ওপৰত জিএছটি আৰোপ কৰাৰ ফলত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাই দেখা দিছে। জিএছটি পৰিষদে শেহতীয়াকৈ  ৰাজ্যসমূহক সোণ তথা মূল্যৱান ধাতুৰ  আন্তঃৰাজ্যিক সৰবৰাহৰ  ক্ষেত্ৰত  ই-ৱে বিল জাৰী কৰিবলৈ অনুমতি দিছে৷

সবকা সাথ সবকা বিকাশৰ ধ্বনি আওৰাই থকা মোদীৰ চৰকাৰে দেশৰ ১,৩৯৯ বিধ সামগ্ৰীৰ ওপৰত জিএছটি আৰোপ কৰিছে। জিএছটিৰ পৰা মুক্ত হৈ থকা সামগ্ৰীৰ সংখ্যা হৈছে মাত্ৰ ১৬৮ বিধহে। 

দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে জনতাক সৰ্বশ্ৰান্ত কৰাৰ সময়তে চৰকাৰে বহু সামগ্ৰীত জিএছটি আৰোপ কৰাৰ কথাই জনতাৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি