--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান সময়ত পোহনীয়া জীৱ হিচাপে কুকুৰৰ চাহিদা বৃদ্ধি পাইছে। কুকুৰৰ প্ৰতি থকা মৰম বা চখে মানুহক কুকুৰ পুহিবলৈ উদগনি যোগায়। প্ৰভুভক্ত হিচাপে কুকুৰৰ খ্যাতি থাকিলেও বা এবিধ মৰম আকলুৱা জীৱ হ'লেও কুকুৰৰ এক হিংস্ৰ চৰিত্ৰ আছে। বিশেষকৈ পোহনীয়া কুকুৰতকৈ গৰাকবিহীন বা ৰাস্তাই-ঘাটে মুকলিকৈ থকা কুকুৰৰ ক্ষেত্ৰত এনে হিংস্ৰ আচৰণ অধিক পৰিলক্ষিত হয়। এনে হিংস্ৰ চৰিত্ৰৰ কুকুৰে তৎমূহুৰ্ততে আক্ৰমণ কৰি মানুহ বা আন জীৱক হত্যা পৰ্যন্ত কৰিব পাৰে। কুকুৰৰ এনে হিংস্ৰতাৰ এক ভয়ানক ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ পাণীপথত।

সোমবাৰে নিশা ৰাজ্যখনৰ পাণীপথত কুকুৰৰ হাতত প্ৰাণ হেৰুৱাইছে এটা তিনিদিনীয়া কেঁচুৱাই। আশ্চৰ্যজনকভাৱে এই কেঁচুৱাটোক হাৰিয়ানাৰ পাণীপথৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ বিচনাৰ পৰাই তুলি লৈ যায় কুকুৰে। সেই সময়ত কেঁচুৱাটোৰ সৈতে কেঁচুৱাটোৰ মাক আৰু আন আত্মীয় কিছু লোকো শুই আছিল। কিন্তু এই ঘটনাৰ কোনো সম্ভেদ পোৱা নাছিল তেওঁলোকে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ২৫ জুনত পানীপথৰ হাৰ্ট এণ্ড মাদাৰ কেয়াৰ হস্পিটেলত উত্তৰ প্ৰদেশৰ কৈৰানাৰ বাসিন্দা শ্ববনম নামৰ মহিলাগৰাকীৰ এটি সন্তান জন্ম হৈছিল। প্ৰসূতিজনিত সা-সুবিধাৰ বাবে মহিলাগৰাকীক কেইদিনমানলৈ চিকিৎসালয়তে ৰখাৰ পোষকতা কৰা হৈছিল।

সোমবাৰে নিশা কোঠাটোত থকা সকলো লোক শুই থকাৰ সময়তে এটা কুকুৰে চিকিৎসালয়ৰ ৱাৰ্ডত প্ৰৱেশ কৰি মাকৰ কাষতে শুই থকা কেঁচুৱাটোক তুলি লৈ যায়। এই আকস্মিক ঘটনাৰ কোনো ভূ নাপায় টোপনিত থকা লোকসকলে। কিন্তু পুৱা প্ৰায় ২.১৫ বজাত হঠাতে মাকে কেঁচুৱাটোক কাষত বিচাৰি নাপাই আতংকিত হৈ পৰে।

লগে লগে পৰিয়ালটোৱে নিখোজ হোৱা কেঁচুৱাটোৰ বিচাৰ-খোচাৰ আৰম্ভ কৰে। কিছু সময়ৰ পাছতে চিকিৎসালয়ৰ বাহিৰত এটা কুকুৰে কেঁচুৱাটোক মুখেৰে ধৰি থকা তেওঁলোকে দেখিবলৈ পায়। কুকুৰটোৰ পৰা তেওঁলোকে তৎক্ষণাত কেঁচুৱাটো উদ্ধাৰ কৰে যদিও সেই সময়লৈ ইতিমধ্যে তিনিদিনীয়া কেঁচুৱাটোৱে মৃত্যুবৰণ কৰিছিল।

এই মৰ্মান্তিক ঘটনাত শোকবিহ্বল হৈ পৰা পৰিয়ালটোৱে চিকিৎসালয় কৰ্তৃপক্ষ, বিশেষকৈ প্ৰসূতি পৰিচালনা ৱাৰ্ডৰ অৱহেলাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে। কেঁচুৱাটোৰ মৃতদেহ উদ্ধাৰৰ সময়ত সমগ্ৰ শৰীৰতে কুকুৰে কামোৰাৰ চিন স্পষ্ট হৈ আছিল। ইতিমধ্যে পাণীপথ আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য