--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দলীয় সতীৰ্থৰ বিসম্বাদত জুৰুলা হৈ পৰা শিৱ সেনাৰ মুৰব্বী তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই হেৰুওৱা নাই নিজৰ আত্মবিশ্বাস। দলৰ একাংশ বিধায়কে দল আৰু চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰি প্ৰায় চৰকাৰৰ পতনৰ উপক্ৰম ঘটালেও  নিজৰ শক্তিশালী স্থিতিত অটল আছে ঠাকৰে। শুকুৰবাৰে নিশা এক ভিডিঅ’ বাৰ্তাযোগে উদ্ধৱ ঠাকৰেই দলৰ বিৰুদ্ধে বিসম্বাদ গঢ়ি তোলা বিধায়ক সকলক কঠোৰ সমালোচনা কৰি মুকলিকৈ দল এৰি যোৱাৰ আহ্বান জনায়। এই বিধায়ক সকলৰ প্ৰস্থানৰ পিছত তেওঁ শিৱসেনাক নতুনকৈ গঢ়ি তুলিব বুলিও স্পষ্ট আশ্বাস দিয়ে।

বিদ্ৰোহী নেতা একনাথ সিন্দে আৰু বিজেপিৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ ঠাকৰেই সিন্দে আৰু বিজেপিয়ে শিৱসেনাৰ কেডাৰ আৰু দলটোক ভোট দিয়া ৰাজ্যখনৰ জনসাধাৰণক দলটোৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰে। তেওঁ লগতে কাঢ়ি কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি দলে ৰাজনৈতিক শত্ৰতাৰ বাবে শিৱসেনা ধ্বংস কৰিবলৈ চেষ্টা চলাইছে বুলি অভিযোগ তোলে।

আনহাতে এই বিপৰ্যয়ৰ সময়তো দলৰ সৈতে থিয় দি থকা শিৱসেনাৰ সতীৰ্থ কেডাৰসকলক তেওঁ সম্পদ আখ্যা দি কয় যে যেতিয়ালৈকে এই সদস্য সকল তেওঁৰ সৈতে থাকে, তেতিয়ালৈকে তেওঁ আনৰ সমালোচনাৰ প্ৰতি গুৰুত্ব নিদিয়ে। এই কেডাৰসকলক সম্বোধন কৰি ঠাকৰেই কয়, "আপোনালোকৰ যোগ্যতাৰ পিছতো আমি এই বিদ্ৰোহীসকলক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ দলীয় টিকট দিছিলো। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতো এই লোকসকলে দলৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু তাৰ বিপৰীতে এই গুৰুত্বপূৰ্ণ সময়ত আপোনালোক দলৰ কাষত থিয় হৈ আছে। মই আপোনালোকক ধন্যবাদ দি শেষ কৰিব নোৱাৰো।" 

শিৱসেনাক নিজৰ মানুহেই বিশ্বাসঘাতকতা কৰিছে বুলি উল্লেখ তেওঁ কয় যে বিসম্বাদৰ নেতৃত্ব দিয়া একনাথ সিন্দেক তেওঁ নিজেই মিত্ৰজোঁটৰ অংশীদাৰ সম্পৰ্কীয় অভিযোগবোৰ পৰীক্ষা কৰিবলৈ দায়িত্ব দিছিল। উদ্ধৱ ঠাকৰেৰ ভাষ্য অনুসৰি সিন্দেই তেওঁক পূৰ্বে দলীয় বিধায়কসকলে শিৱ সেনাই বিজেপিৰ সৈতে মিত্ৰতাৰ বাবে দাবী কৰিছে বুলি জানিবলৈ দিছিল। সিন্দেৰ এই অভিযোগৰ পিছত ঠাকৰেই সিন্দেক এই বিষয়ত আলোচনাৰ বাবে তেওঁৰ ওচৰলৈ আনিবলৈ আহ্বান জনায়।

বিজেপিৰ সৈতে মিত্ৰতা সন্দৰ্ভত ঠাকৰেই কয় যে পূৰ্বৰ মিত্ৰতাৰ সময়ত বিজেপিয়ে শিৱসেনাক বেয়া ব্যৱহাৰ কৰিছিল। শিৱসেনাক প্ৰদান কৰা কোনো প্ৰতিশ্ৰুতি বিজেপিয়ে পালন কৰা নাছিল। আৰু এতিয়া মিত্ৰতা ভংগৰ পাছত শিৱসেনাৰ বহুতো বিধায়কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এই গোচৰৰ হেঁচাত বিধায়কসকলে দলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে যদি এই বিদ্ৰোহী বিধায়কসকল বিজেপিক সমৰ্থন আগবঢ়ায় তেতিয়া তেওঁলোক গোচৰৰ পৰা মুক্ত হ'ব আৰু যদি তেওঁলোক শিৱসেনাৰ সৈতে থাকে, তেতিয়া তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰা হ’ব বুলি বিজেপিয়ে একপ্ৰকাৰ ভাবুকি দিছে। এয়া কেনেদৰে বন্ধুত্বৰ লক্ষণ হ’ব পাৰে বুলি শিৱসেনাৰ মুৰব্বী গৰাকীয়ে প্ৰশ্ন কৰে। 

ঠাকৰেই কয় যে শিৱসেনা এটা আদৰ্শ। বিজেপিয়ে হিন্দু ভোট বেংক কেৱল নিজৰ দখলত ৰখাৰ চেষ্টা কৰে। বাল ঠাকৰেই কেৱল হিন্দুত্ববাদী ভোটৰ বিভাজন এৰাই চলিবলৈ বিজেপিৰ সৈতে মিত্ৰতা আৰম্ভ কৰিছিল বুলি উল্লেখ কৰি তেওঁ দাবী কৰে যে এই হিন্দুত্ববাদী ভোট বিজেপিয়ে কাৰো সৈতে ভাগ বতৰা কৰিব নিবিচাৰে বাবেই শিৱসেনাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ  কৰিছে।

আনহাতে বিদ্ৰোহী বিধায়কৰ শিবিৰটোৱে বিজেপিত যোগদান কৰাৰ বাহিৰে আন কোনো বিকল্প নাই বুলি উল্লেখ কৰে ঠাকৰেই। তেওঁ দাবী কৰে যে বিসম্বাদী শিবিৰটোৱে চৰকাৰ গঠনত সফল হ'লেও বেছি দিন শাসনত টিকিব নোৱাৰে। এই শিবিৰৰ বহুতো বিধায়ক কেতিয়াও সুখী নহয় বুলি উল্লেখ কৰি বিসম্বাদী সকলে পৰৱৰ্তী নিৰ্বাচনত জয়ী হ'ব নোৱাৰে বুলিও দাবী কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ