--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুস্থ টোপনি এটা সুস্থ শৰীৰ আৰু সুস্থ মনৰ লক্ষণ। গভীৰ টোপনি হ’ল যিকোনো ৰোগ নিৰাময়ৰ সৰ্বোত্তম উপায়|’ আমাৰ দৈনন্দিক জীৱন-ধাৰণ প্ৰক্ৰিয়াত টোপনি এক অনিবাৰ্য উপাদান, যাৰ জৰিয়তে শৰীৰ সুস্থ-সবল হৈ থাকে বাবে ইয়াক সুস্বাস্থ্যৰ চাবি-কাঠী বুলি গণ্য কৰা হয়|   ভাল টোপনিৰ বাবে প্ৰয়োজনীয় ৫টা কথা মানি চলা উচিত। ৫টা নিয়ম মানি চলি এজন ব্যক্তিয়ে ভাল টোপনি লাভ কৰি নিজৰ জীৱন উন্নত কৰিব পাৰে।

১) নিয়মানুবৰ্তিতাঃ ভাল টোপনিৰ বাবে সময়ত শোৱা আৰু সময়ত সাৰ পোৱাটো প্ৰয়োজনীয়। ছুটীত থাকিলেও সময়মতে শুই, সময়মতে সাৰ পোৱাটো জৰুৰী। তেনে নকৰিলে টোপনিৰ ৰুটিন ভংগ হয়। ইয়াৰ বেয়া প্ৰভাৱ মানুহজনৰ দৈনন্দিন কাম-কাজ আৰু জীৱনশৈলীত দেখা যায়।

২) পোহৰঃ শোৱাৰ এঘণ্টা আগতে কোঠাটোৰ লাইট বন্ধ কৰি দিব লাগে বা তাৰ পোহৰ ম্লান কৰিব লাগে। ইয়াৰ ফলত মগজুত মেলাটনিন নিৰ্গত হয়, যিটো ভাল টোপনিৰ এটা প্ৰধান কাৰক। শোৱাৰ আগতে মোবাইল-গেজেট ব্যৱহাৰ নকৰিব। ইয়াৰ পোহৰে মেলাটনিন ভাঙি পেলোৱাৰ কাম কৰে।

৩) উষ্ণতাঃ ব্যক্তিজনে শুব লগা কোঠাটোৰ উষ্ণতা ভাৰসাম্য ৰক্ষা কৰিব লাগে। কোঠাটো বেছি গৰম বা বেছি ঠাণ্ডা হ’ব নালাগে। 

৪) মদঃ  সুৰাপান কৰাসকলৰ টোপনি বাৰে বাৰে ভাঙি যায়। একেদৰে ৰাতিৰ আহাৰ খোৱাৰ পাছত চাহ বা কফি খালে টোপনি নোহোৱা হয়।

৫) বিচনাৰ পৰা দূৰত্বঃ পুৱা উঠি বিচনাত বহি নাথাকিব, ই পুনৰ টোপনিত আধিপত্য বিস্তাৰ কৰিব পাৰে। আকৌ টোপনি নধৰিবলৈ লগে লগে আন এটা কোঠালৈ যাওক, চকু-মুখ ধুৱক। আন এটা কোঠাত ধ্যান কৰক। বিচনাৰ পৰা উঠি লগে লগে মোবাইলৰ স্ক্ৰীণৰ ফালে মুখ নকৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু