--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুস্থ টোপনি এটা সুস্থ শৰীৰ আৰু সুস্থ মনৰ লক্ষণ। গভীৰ টোপনি হ’ল যিকোনো ৰোগ নিৰাময়ৰ সৰ্বোত্তম উপায়|’ আমাৰ দৈনন্দিক জীৱন-ধাৰণ প্ৰক্ৰিয়াত টোপনি এক অনিবাৰ্য উপাদান, যাৰ জৰিয়তে শৰীৰ সুস্থ-সবল হৈ থাকে বাবে ইয়াক সুস্বাস্থ্যৰ চাবি-কাঠী বুলি গণ্য কৰা হয়|   ভাল টোপনিৰ বাবে প্ৰয়োজনীয় ৫টা কথা মানি চলা উচিত। ৫টা নিয়ম মানি চলি এজন ব্যক্তিয়ে ভাল টোপনি লাভ কৰি নিজৰ জীৱন উন্নত কৰিব পাৰে।

১) নিয়মানুবৰ্তিতাঃ ভাল টোপনিৰ বাবে সময়ত শোৱা আৰু সময়ত সাৰ পোৱাটো প্ৰয়োজনীয়। ছুটীত থাকিলেও সময়মতে শুই, সময়মতে সাৰ পোৱাটো জৰুৰী। তেনে নকৰিলে টোপনিৰ ৰুটিন ভংগ হয়। ইয়াৰ বেয়া প্ৰভাৱ মানুহজনৰ দৈনন্দিন কাম-কাজ আৰু জীৱনশৈলীত দেখা যায়।

২) পোহৰঃ শোৱাৰ এঘণ্টা আগতে কোঠাটোৰ লাইট বন্ধ কৰি দিব লাগে বা তাৰ পোহৰ ম্লান কৰিব লাগে। ইয়াৰ ফলত মগজুত মেলাটনিন নিৰ্গত হয়, যিটো ভাল টোপনিৰ এটা প্ৰধান কাৰক। শোৱাৰ আগতে মোবাইল-গেজেট ব্যৱহাৰ নকৰিব। ইয়াৰ পোহৰে মেলাটনিন ভাঙি পেলোৱাৰ কাম কৰে।

৩) উষ্ণতাঃ ব্যক্তিজনে শুব লগা কোঠাটোৰ উষ্ণতা ভাৰসাম্য ৰক্ষা কৰিব লাগে। কোঠাটো বেছি গৰম বা বেছি ঠাণ্ডা হ’ব নালাগে। 

৪) মদঃ  সুৰাপান কৰাসকলৰ টোপনি বাৰে বাৰে ভাঙি যায়। একেদৰে ৰাতিৰ আহাৰ খোৱাৰ পাছত চাহ বা কফি খালে টোপনি নোহোৱা হয়।

৫) বিচনাৰ পৰা দূৰত্বঃ পুৱা উঠি বিচনাত বহি নাথাকিব, ই পুনৰ টোপনিত আধিপত্য বিস্তাৰ কৰিব পাৰে। আকৌ টোপনি নধৰিবলৈ লগে লগে আন এটা কোঠালৈ যাওক, চকু-মুখ ধুৱক। আন এটা কোঠাত ধ্যান কৰক। বিচনাৰ পৰা উঠি লগে লগে মোবাইলৰ স্ক্ৰীণৰ ফালে মুখ নকৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ