--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপোনাৰ শৰীৰক সুস্থ হৈ থাকিবলৈ প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান আৰু খনিজ পদাৰ্থৰ প্ৰয়োজন। এনে অৱস্থাত দীঘলীয়া আৰু সুস্থ জীৱন যাপন কৰিবলৈ শৰীৰত এই সকলোবোৰ বস্তুৰ সঠিক অনুপাত থকাটো অতি প্ৰয়োজনীয়। ফাইবাৰ (Fiber)ও ইয়াৰে এটা, যাৰ অভাৱত শৰীৰ কোষ্ঠকাঠিন্যৰ পৰা কৰ্কট ৰোগৰ দৰে জীৱন সংকটজনক ৰোগত আক্ৰান্ত হয়।

আঁহৰ অভাৱত কোনটো ৰোগ হয়?

শৰীৰত আঁহৰ অভাৱত হাৰ্ট ডিজিজ, ডায়েবেটিছ, কোষ্ঠকাঠিন্য, স্তন কেন্সাৰ, কলৰেক্টাল কেন্সাৰ আদি ৰোগৰ সৃষ্টি হয় পৰ্যাপ্ত পৰিমাণৰ আঁহ থাকিলে এই ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

শেহতীয়াকৈ পুষ্টিবিদ লাভনীত বাত্ৰাই ফাইবাৰ সমৃদ্ধ খাদ্যৰ বিষয়ে তথ্য শ্বেয়াৰ কৰিছে। তেওঁ কয় যে আঁহযুক্ত খাদ্যই আন্ত্ৰিক স্বাস্থ্য, হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে আৰু লগতে সুস্থ ওজন বৃদ্ধি কৰে। এজন ব্যক্তিক প্ৰতিদিনে ৩০ গ্ৰাম আঁহৰ প্ৰয়োজন হয়। গতিকে ইয়াত উল্লেখ কৰা ৫বিধ  ফাইবাৰযুক্ত খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। এই ৫বিধ খাদ্য হ'ল: 

নাচপতি: নাচপতি স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু ইয়াৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। নাচপতিত আঁহো থাকে, গতিকে এতিয়া আপোনাৰ ফলৰ বাটিত নাচপতি যোগ কৰাৰ সময়। এটা মধ্যমীয়া আকাৰৰ নাচপতিত ৫.৫ গ্ৰাম আঁহ থাকে।

চিয়া বীজ: পুষ্টিবিদসকলে কয় যে এইবিধ গুটিয়ে স্মুদি, দৈ, আৰু অন্যান্য খাদ্যত এক সুন্দৰ পুষ্টিকৰ সোৱাদ যোগ কৰে। এই বীজবোৰত অধিক পৰিমাণে আঁহ থাকে, বিশেষকৈ পেক্টিনকে ধৰি দ্ৰৱণীয় আঁহ। লগতে, চিয়া বীজ উদ্ভিদভিত্তিক ৰূপৰ ওমেগা-৩ ফেটি এচিডৰ অন্যতম চহকী উৎস। ১ চামুচ কেঁচা চিয়া বীজত ৩.৫ গ্ৰাম আঁহ থাকে

বাৰ্লিঃ  বাৰ্লিত অধিক পৰিমাণে আঁহ থাকে, বিশেষকৈ বিটা-গ্লুকেন, যিয়ে কলেষ্টেৰল আৰু তেজত শৰ্কৰাৰ মাত্ৰা কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও ই ওজন কমাবলৈ সহায় কৰিব পাৰে আৰু হজম শক্তি বৃদ্ধি কৰিব পাৰে। চূপ, চালাডত বাৰ্লি দিব পাৰে বা চাউলৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰে। এবাটি বাৰ্লিত (২০ গ্ৰাম কেঁচা) ৩.৪ গ্ৰাম ফাইবাৰ থাকে।

বিট :খাদ্যত বিট অন্তৰ্ভুক্ত কৰিলে আঁহৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি। ই এনে এবিধ শিপা শাক, য’ত আন আন খনিজ পদাৰ্থৰ লগতে ফ’লেট, আইৰণ, কপাৰ, মেংগানিজ আৰু পটাছিয়াম থাকে। এক কাপ বিট ৩.৪ গ্ৰাম আঁহ থাকে

ওটছ: ওটছক সামগ্ৰিকভাৱে স্বাস্থ্য প্ৰসাৰিত কৰা খাদ্য হিচাপে জনা যায়। বিশেষজ্ঞসকলে কয় যে ওটছত বিটা-গ্লুকেন নামৰ এক বিশেষ ধৰণৰ আঁহ থাকে। ই এবিধ শক্তিশালী দ্ৰৱীভূত আঁহ, যাৰ তেজৰ চেনি আৰু কলেষ্টেৰল হ্ৰাস কৰা গুণ আছে। ১ টা সৰু বাটিৰ ওটছত(২০ গ্ৰাম কেঁচা) ২.৩ গ্ৰাম ফাইবাৰ থাকে।

ওপৰোক্ত খাদ্য তালিকাখন কেৱল সাধাৰণ তথ্যৰ বাবেহে। ই কোনো ধৰণৰ ঔষধ বা চিকিৎসাৰ বিকল্প হ’ব নোৱাৰে ।অধিক তথ্যৰ বা সমস্যা বেছি হ'লে সদায় চিকিৎসকৰ পৰামৰ্শ লওক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ