--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপোনাৰ শৰীৰক সুস্থ হৈ থাকিবলৈ প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান আৰু খনিজ পদাৰ্থৰ প্ৰয়োজন। এনে অৱস্থাত দীঘলীয়া আৰু সুস্থ জীৱন যাপন কৰিবলৈ শৰীৰত এই সকলোবোৰ বস্তুৰ সঠিক অনুপাত থকাটো অতি প্ৰয়োজনীয়। ফাইবাৰ (Fiber)ও ইয়াৰে এটা, যাৰ অভাৱত শৰীৰ কোষ্ঠকাঠিন্যৰ পৰা কৰ্কট ৰোগৰ দৰে জীৱন সংকটজনক ৰোগত আক্ৰান্ত হয়।

আঁহৰ অভাৱত কোনটো ৰোগ হয়?

শৰীৰত আঁহৰ অভাৱত হাৰ্ট ডিজিজ, ডায়েবেটিছ, কোষ্ঠকাঠিন্য, স্তন কেন্সাৰ, কলৰেক্টাল কেন্সাৰ আদি ৰোগৰ সৃষ্টি হয় পৰ্যাপ্ত পৰিমাণৰ আঁহ থাকিলে এই ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

শেহতীয়াকৈ পুষ্টিবিদ লাভনীত বাত্ৰাই ফাইবাৰ সমৃদ্ধ খাদ্যৰ বিষয়ে তথ্য শ্বেয়াৰ কৰিছে। তেওঁ কয় যে আঁহযুক্ত খাদ্যই আন্ত্ৰিক স্বাস্থ্য, হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে আৰু লগতে সুস্থ ওজন বৃদ্ধি কৰে। এজন ব্যক্তিক প্ৰতিদিনে ৩০ গ্ৰাম আঁহৰ প্ৰয়োজন হয়। গতিকে ইয়াত উল্লেখ কৰা ৫বিধ  ফাইবাৰযুক্ত খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। এই ৫বিধ খাদ্য হ'ল: 

নাচপতি: নাচপতি স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু ইয়াৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। নাচপতিত আঁহো থাকে, গতিকে এতিয়া আপোনাৰ ফলৰ বাটিত নাচপতি যোগ কৰাৰ সময়। এটা মধ্যমীয়া আকাৰৰ নাচপতিত ৫.৫ গ্ৰাম আঁহ থাকে।

চিয়া বীজ: পুষ্টিবিদসকলে কয় যে এইবিধ গুটিয়ে স্মুদি, দৈ, আৰু অন্যান্য খাদ্যত এক সুন্দৰ পুষ্টিকৰ সোৱাদ যোগ কৰে। এই বীজবোৰত অধিক পৰিমাণে আঁহ থাকে, বিশেষকৈ পেক্টিনকে ধৰি দ্ৰৱণীয় আঁহ। লগতে, চিয়া বীজ উদ্ভিদভিত্তিক ৰূপৰ ওমেগা-৩ ফেটি এচিডৰ অন্যতম চহকী উৎস। ১ চামুচ কেঁচা চিয়া বীজত ৩.৫ গ্ৰাম আঁহ থাকে

বাৰ্লিঃ  বাৰ্লিত অধিক পৰিমাণে আঁহ থাকে, বিশেষকৈ বিটা-গ্লুকেন, যিয়ে কলেষ্টেৰল আৰু তেজত শৰ্কৰাৰ মাত্ৰা কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও ই ওজন কমাবলৈ সহায় কৰিব পাৰে আৰু হজম শক্তি বৃদ্ধি কৰিব পাৰে। চূপ, চালাডত বাৰ্লি দিব পাৰে বা চাউলৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰে। এবাটি বাৰ্লিত (২০ গ্ৰাম কেঁচা) ৩.৪ গ্ৰাম ফাইবাৰ থাকে।

বিট :খাদ্যত বিট অন্তৰ্ভুক্ত কৰিলে আঁহৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি। ই এনে এবিধ শিপা শাক, য’ত আন আন খনিজ পদাৰ্থৰ লগতে ফ’লেট, আইৰণ, কপাৰ, মেংগানিজ আৰু পটাছিয়াম থাকে। এক কাপ বিট ৩.৪ গ্ৰাম আঁহ থাকে

ওটছ: ওটছক সামগ্ৰিকভাৱে স্বাস্থ্য প্ৰসাৰিত কৰা খাদ্য হিচাপে জনা যায়। বিশেষজ্ঞসকলে কয় যে ওটছত বিটা-গ্লুকেন নামৰ এক বিশেষ ধৰণৰ আঁহ থাকে। ই এবিধ শক্তিশালী দ্ৰৱীভূত আঁহ, যাৰ তেজৰ চেনি আৰু কলেষ্টেৰল হ্ৰাস কৰা গুণ আছে। ১ টা সৰু বাটিৰ ওটছত(২০ গ্ৰাম কেঁচা) ২.৩ গ্ৰাম ফাইবাৰ থাকে।

ওপৰোক্ত খাদ্য তালিকাখন কেৱল সাধাৰণ তথ্যৰ বাবেহে। ই কোনো ধৰণৰ ঔষধ বা চিকিৎসাৰ বিকল্প হ’ব নোৱাৰে ।অধিক তথ্যৰ বা সমস্যা বেছি হ'লে সদায় চিকিৎসকৰ পৰামৰ্শ লওক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু