--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় টিভি ধাৰাবাহিক ‘শ্ৰী কৃষ্ণ’ত পিতামহ ভীষ্মৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ উঠিছিল অভিনেতা সুনীল নাগৰ।, ‘ওম নমঃ শিৱায়’, ‘মহাবলী হনুমান’, ‘কুবুল হায়’ৰ দৰে বহু জনপ্ৰিয় টিভি শ্ব’ কৰাৰ লগতে সুনীল নাগৰে ‘চতুৰ সিং টু ষ্টাৰ’ৰ দৰে বহু হিট ছবিতো কাম কৰিছে। নিজৰ চৰিত্ৰৰে অনুৰাগীৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে সুনীলে।

এক সাক্ষাৎকাৰত অভিনেতাজনে প্ৰকাশ কৰিছিল যে তেওঁ কেইবছৰমান পূৰ্বে আৰ্থিক সংকটৰ বলি হৈছিল আৰু তেওঁৰ অৱস্থা অতি বেয়া হৈ পৰিছিল। সংগ্ৰামৰ দিনবোৰ স্মৰণ কৰি সুনীলে পৰিস্থিতি সন্দৰ্ভত প্ৰকাশ কৰি কয় যে কৰ’না কালত তেওঁৰ অৱস্থা ইমানেই বেয়া হৈ পৰিছিল যে আৰ্থিক সাহায্যৰ বাবে ৰাইজৰ ওচৰত হাত পাতিবলগীয়া হৈছিল। সেই সময়ত তেওঁৰ হাতত টকাও নাছিল, কামো নাছিল।

অভিনেতাজনে ক’লে- ‘‘২০১৯ চনৰ ডিচেম্বৰৰ পৰা মই কাম কৰা নাই, গতিকে মোৰ সঞ্চিত সকলোখিনি ভাড়া আৰু দৈনন্দিন খৰচ পৰিশোধ কৰাত খৰচ কৰিলোঁ। বৰ্তমান যি ফ্লেটত বাস কৰি আছো তাত যোৱা ৫ মাহ ধৰি ভাড়া দিয়া নাই। ধন্যবাদৰ পাত্ৰ যে মালিকে বহুত বুজি পায় আৰু তেওঁ জানে যে মই কাম আৰম্ভ কৰাৰ লগে লগে মই গোটেই ভাড়া পৰিশোধ কৰিম।’’

তেওঁৰ নিজৰ অৱস্থাৰ বিষয়ে প্ৰকাশ কৰি সুনীল নাগৰে কয় যে ডাক্তৰে মোক দাঁতৰ অস্ত্ৰোপচাৰ কৰিবলৈ পৰামৰ্শ দিছিল যদিও মই সেইটো আওকাণ কৰিলোঁ কাৰণ ইয়াৰ বাবে ধনৰ প্ৰয়োজন। মই ডাক্তৰক ক’লোঁ যে মোৰ টকা নাই বাবে অস্ত্ৰোপচাৰ কৰাটো মোৰ বাবে সম্ভৱ নহয়। অস্ত্ৰোপচাৰৰ বাবে মোৰ প্ৰায় ৭০-৮০ হাজাৰ টকা খৰচ হ’ব আৰু ইমানখিনি মোৰ সামৰ্থ্য নাই।

সুনীল নাগৰৰ অৱস্থা এতিয়া পূৰ্বতকৈ ভাল। বৰ্তমান তেওঁ দূৰদৰ্শনত প্ৰচাৰিত টিভি শ্ব’ ‘কাশী বিশ্বনাথ’ত কাম কৰি আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক