--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় টিভি ধাৰাবাহিক ‘শ্ৰী কৃষ্ণ’ত পিতামহ ভীষ্মৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ উঠিছিল অভিনেতা সুনীল নাগৰ।, ‘ওম নমঃ শিৱায়’, ‘মহাবলী হনুমান’, ‘কুবুল হায়’ৰ দৰে বহু জনপ্ৰিয় টিভি শ্ব’ কৰাৰ লগতে সুনীল নাগৰে ‘চতুৰ সিং টু ষ্টাৰ’ৰ দৰে বহু হিট ছবিতো কাম কৰিছে। নিজৰ চৰিত্ৰৰে অনুৰাগীৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে সুনীলে।

এক সাক্ষাৎকাৰত অভিনেতাজনে প্ৰকাশ কৰিছিল যে তেওঁ কেইবছৰমান পূৰ্বে আৰ্থিক সংকটৰ বলি হৈছিল আৰু তেওঁৰ অৱস্থা অতি বেয়া হৈ পৰিছিল। সংগ্ৰামৰ দিনবোৰ স্মৰণ কৰি সুনীলে পৰিস্থিতি সন্দৰ্ভত প্ৰকাশ কৰি কয় যে কৰ’না কালত তেওঁৰ অৱস্থা ইমানেই বেয়া হৈ পৰিছিল যে আৰ্থিক সাহায্যৰ বাবে ৰাইজৰ ওচৰত হাত পাতিবলগীয়া হৈছিল। সেই সময়ত তেওঁৰ হাতত টকাও নাছিল, কামো নাছিল।

অভিনেতাজনে ক’লে- ‘‘২০১৯ চনৰ ডিচেম্বৰৰ পৰা মই কাম কৰা নাই, গতিকে মোৰ সঞ্চিত সকলোখিনি ভাড়া আৰু দৈনন্দিন খৰচ পৰিশোধ কৰাত খৰচ কৰিলোঁ। বৰ্তমান যি ফ্লেটত বাস কৰি আছো তাত যোৱা ৫ মাহ ধৰি ভাড়া দিয়া নাই। ধন্যবাদৰ পাত্ৰ যে মালিকে বহুত বুজি পায় আৰু তেওঁ জানে যে মই কাম আৰম্ভ কৰাৰ লগে লগে মই গোটেই ভাড়া পৰিশোধ কৰিম।’’

তেওঁৰ নিজৰ অৱস্থাৰ বিষয়ে প্ৰকাশ কৰি সুনীল নাগৰে কয় যে ডাক্তৰে মোক দাঁতৰ অস্ত্ৰোপচাৰ কৰিবলৈ পৰামৰ্শ দিছিল যদিও মই সেইটো আওকাণ কৰিলোঁ কাৰণ ইয়াৰ বাবে ধনৰ প্ৰয়োজন। মই ডাক্তৰক ক’লোঁ যে মোৰ টকা নাই বাবে অস্ত্ৰোপচাৰ কৰাটো মোৰ বাবে সম্ভৱ নহয়। অস্ত্ৰোপচাৰৰ বাবে মোৰ প্ৰায় ৭০-৮০ হাজাৰ টকা খৰচ হ’ব আৰু ইমানখিনি মোৰ সামৰ্থ্য নাই।

সুনীল নাগৰৰ অৱস্থা এতিয়া পূৰ্বতকৈ ভাল। বৰ্তমান তেওঁ দূৰদৰ্শনত প্ৰচাৰিত টিভি শ্ব’ ‘কাশী বিশ্বনাথ’ত কাম কৰি আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান