--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিঁয়াজ আমাৰ ৰন্ধন ব্যৱস্থাৰ এক অপৰিহাৰ্য অংগ। পিঁয়াজৰ অবিহনে ৰন্ধন-প্ৰকৰণ আধৰুৱা যেন লাগে। কিছুমানে ভাতৰ লগত বা ৰুটীৰ লগত কেঁচা পিঁয়াজ খায়ো ভাল পায়। আপুনি জানেনে খাদ্য সুস্বাদু কৰাত অৰিহনা যোগোৱা পিঁয়াজৰ আছে অন্য এক চমৎকাৰী গুণ। দৰাচলতে সকলো ধৰণৰ দৈনন্দিন ৰোগৰ মোকাবিলা কৰিবলৈ পিঁয়াজ অতি কাৰ্যকৰী উপাদান। চিকিৎসা বিজ্ঞানে সদৰী কৰা অনুসৰি শোৱাৰ সময়ত মোজাত যদি পিঁয়াজ ভৰাই ৰাখে তেন্তে এয়া আপোনাৰ বাবে হব অতি লাভদায়ক। বেক্টেৰিয়া আমাৰ ভৰিত ৭,০০০ৰো অধিক স্নায়ু আছে যি আমাৰ সমগ্ৰ শৰীৰৰ সংস্পৰ্শত থাকে। পিঁয়াজ এটা কাটি ভৰিৰ মোজাত আধাফাল পিঁয়াজ ৰাখিলে আশ্চৰ্যকৰ কাম কৰিব পাৰে। আপুনি পিঁয়াজ এটা আপোনাৰ মোজাত ৰখাৰ পাছত ই আপোনাৰ গোটেই শৰীৰটো পৰিষ্কাৰ কৰিব। ই আপোনাৰ শৰীৰৰ পৰা বেক্টেৰিয়া আৰু বীজাণু শোষণ কৰিব। আমাৰ ভৰিৰ ছাল অতি পাতল, ভাল বেক্টেৰিয়া আৰু ৰাসায়নিক পদাৰ্থবোৰ আমাৰ তেজত দ্ৰুতগতিত শোষণ হয়। পিঁয়াজে আমাৰ তেজ পৰিষ্কাৰ কৰে। শুই থকা অৱস্থাত মোজাত পিঁয়াজ ৰাখিলে ই গোটেই ৰাতিটো আপোনাৰ স্বাস্থ্য সুৰক্ষিত কৰাত সহায় কৰিব। ঠাণ্ডা যেতিয়া অধিক ঠাণ্ডা লাগে, শুবলৈ যোৱাৰ আগতে আপোনাৰ মোজাত পিঁয়াজ এটা ৰাখিলে ঠাণ্ডাৰ পৰা অধিক সোনকালে পৰিত্ৰাণ পোৱাত ই আপোনাক সহায় কৰিব। পিঁয়াজে আশ্চৰ্যকৰ আৰোগ্যকাৰী গুণাগুণেৰে আপোনাক ভাল অনুভৱ কৰাত সহায় কৰিব। এইক্ষেত্ৰত ৰাসায়নিক সাৰৰ দ্বাৰা খেতি কৰা পিঁয়াজতকৈ জৈৱিক সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা পিঁয়াজ ব্যৱহাৰ কৰাটো অধিক গুৰুত্বপূৰ্ণ। পৰিষ্কাৰকৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ হোমিঅ'পেথিক চিকিৎসক ডাঃ লৰেন ফেডাৰে পিয়াজৰ ঔষধি গুণাগুণ নিশ্চিত কৰিছে। চৰ্দি, মূত্ৰাশয়ৰ সংক্ৰমণ, কাণৰ বিষ আৰু দাঁতৰ বিষৰ বিৰুদ্ধে পিঁয়াজে সহায় কৰে বুলি ডাঃ লৰেন ফেডাৰে সদৰী কৰিছে। বিশেষকৈ চীনত ঔষধত পিঁয়াজৰ ব্যৱহাৰ দীৰ্ঘদিন ধৰি অতি জনপ্ৰিয় হৈ আহিছে। সেয়েহে পিঁয়াজ এটা আধাকৈ কাটি শুবলৈ যোৱাৰ আগতে ইয়াক আপোনাৰ গোৰোহাৰ ওচৰত পৰাকৈ আপোনাৰ মোজাত ৰাখক। শুই উঠাৰ পাছত ৰাতিপুৱা আপোনাৰ ভৰিৰ তলুৱাত সেই পিঁয়াজ ডোখৰ ঘঁহি দিয়ক, ই আপোনাৰ স্বাস্থ্য সুৰক্ষিত কৰাত সহায় কৰিব। দেহৰ সকলো অপৰিষ্কাৰ উপাদান পিঁয়াজে পৰিষ্কাৰ কৰাত সহায় কৰে। আৰু পঢ়কঃ মাজনিশা ব্যায়াম কৰাত বাধা দিয়া বাবে মাতৃক ডাম্বেলেৰে কোবাই হত্যা কৰে পুত্ৰই

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক