--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিঁয়াজ আমাৰ ৰন্ধন ব্যৱস্থাৰ এক অপৰিহাৰ্য অংগ। পিঁয়াজৰ অবিহনে ৰন্ধন-প্ৰকৰণ আধৰুৱা যেন লাগে। কিছুমানে ভাতৰ লগত বা ৰুটীৰ লগত কেঁচা পিঁয়াজ খায়ো ভাল পায়। আপুনি জানেনে খাদ্য সুস্বাদু কৰাত অৰিহনা যোগোৱা পিঁয়াজৰ আছে অন্য এক চমৎকাৰী গুণ। দৰাচলতে সকলো ধৰণৰ দৈনন্দিন ৰোগৰ মোকাবিলা কৰিবলৈ পিঁয়াজ অতি কাৰ্যকৰী উপাদান। চিকিৎসা বিজ্ঞানে সদৰী কৰা অনুসৰি শোৱাৰ সময়ত মোজাত যদি পিঁয়াজ ভৰাই ৰাখে তেন্তে এয়া আপোনাৰ বাবে হব অতি লাভদায়ক। বেক্টেৰিয়া আমাৰ ভৰিত ৭,০০০ৰো অধিক স্নায়ু আছে যি আমাৰ সমগ্ৰ শৰীৰৰ সংস্পৰ্শত থাকে। পিঁয়াজ এটা কাটি ভৰিৰ মোজাত আধাফাল পিঁয়াজ ৰাখিলে আশ্চৰ্যকৰ কাম কৰিব পাৰে। আপুনি পিঁয়াজ এটা আপোনাৰ মোজাত ৰখাৰ পাছত ই আপোনাৰ গোটেই শৰীৰটো পৰিষ্কাৰ কৰিব। ই আপোনাৰ শৰীৰৰ পৰা বেক্টেৰিয়া আৰু বীজাণু শোষণ কৰিব। আমাৰ ভৰিৰ ছাল অতি পাতল, ভাল বেক্টেৰিয়া আৰু ৰাসায়নিক পদাৰ্থবোৰ আমাৰ তেজত দ্ৰুতগতিত শোষণ হয়। পিঁয়াজে আমাৰ তেজ পৰিষ্কাৰ কৰে। শুই থকা অৱস্থাত মোজাত পিঁয়াজ ৰাখিলে ই গোটেই ৰাতিটো আপোনাৰ স্বাস্থ্য সুৰক্ষিত কৰাত সহায় কৰিব। ঠাণ্ডা যেতিয়া অধিক ঠাণ্ডা লাগে, শুবলৈ যোৱাৰ আগতে আপোনাৰ মোজাত পিঁয়াজ এটা ৰাখিলে ঠাণ্ডাৰ পৰা অধিক সোনকালে পৰিত্ৰাণ পোৱাত ই আপোনাক সহায় কৰিব। পিঁয়াজে আশ্চৰ্যকৰ আৰোগ্যকাৰী গুণাগুণেৰে আপোনাক ভাল অনুভৱ কৰাত সহায় কৰিব। এইক্ষেত্ৰত ৰাসায়নিক সাৰৰ দ্বাৰা খেতি কৰা পিঁয়াজতকৈ জৈৱিক সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা পিঁয়াজ ব্যৱহাৰ কৰাটো অধিক গুৰুত্বপূৰ্ণ। পৰিষ্কাৰকৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ হোমিঅ'পেথিক চিকিৎসক ডাঃ লৰেন ফেডাৰে পিয়াজৰ ঔষধি গুণাগুণ নিশ্চিত কৰিছে। চৰ্দি, মূত্ৰাশয়ৰ সংক্ৰমণ, কাণৰ বিষ আৰু দাঁতৰ বিষৰ বিৰুদ্ধে পিঁয়াজে সহায় কৰে বুলি ডাঃ লৰেন ফেডাৰে সদৰী কৰিছে। বিশেষকৈ চীনত ঔষধত পিঁয়াজৰ ব্যৱহাৰ দীৰ্ঘদিন ধৰি অতি জনপ্ৰিয় হৈ আহিছে। সেয়েহে পিঁয়াজ এটা আধাকৈ কাটি শুবলৈ যোৱাৰ আগতে ইয়াক আপোনাৰ গোৰোহাৰ ওচৰত পৰাকৈ আপোনাৰ মোজাত ৰাখক। শুই উঠাৰ পাছত ৰাতিপুৱা আপোনাৰ ভৰিৰ তলুৱাত সেই পিঁয়াজ ডোখৰ ঘঁহি দিয়ক, ই আপোনাৰ স্বাস্থ্য সুৰক্ষিত কৰাত সহায় কৰিব। দেহৰ সকলো অপৰিষ্কাৰ উপাদান পিঁয়াজে পৰিষ্কাৰ কৰাত সহায় কৰে। আৰু পঢ়কঃ মাজনিশা ব্যায়াম কৰাত বাধা দিয়া বাবে মাতৃক ডাম্বেলেৰে কোবাই হত্যা কৰে পুত্ৰই

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি