--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী মাতৃয়ে। হত্যাকাৰী পুত্ৰৰ নাম সুধীৰ কুমাৰ আৰু মৃত মাতৃৰ নাম পাপাম্মা বুলি জানিব পৰা গৈছে। পুত্ৰক ব্যায়াম কৰিবলৈ মানা কৰা বাবেই মাতৃক হত্যা কৰে পুত্ৰই। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে তেলেংগানাৰ হায়দৰাবাদৰ চুলতান বজাৰত। ২৪ জানুৱাৰীৰ মাজনিশা ২ বজাত সুধীৰ কুমাৰে ব্যায়াম কৰাত লাগে। সুধীৰ কুমাৰৰ বয়স ২৪। মাজনিশা পুত্ৰই ব্যায়াম কৰিবলৈ ধৰাত মাতৃ পাপাম্মাই বাধা দিয়ে।কয় যে এয়া ব্যায়াম কৰাৰ সময় নহয়, এয়া শোৱাৰহে সময়। মাতৃয়ে বাধা দিয়াত খং উঠি সুধীৰে মাতৃৰ মূৰত ডাম্বেলেৰে কোবাই হত্যা কৰে। মাতৃক বচাবলৈ চেষ্টা কৰে সুধীৰৰ ভগ্নী সুচিত্ৰাই। মাতৃক বচাবলৈ অহা সুচিত্ৰাকো আক্ৰমণ কৰে সুধীৰে। সুধীৰ মানসিকভাৱে অসুস্থ বুলি জানিব পৰা গৈছে। সুধীৰে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত খাদ্য বিতৰণৰ এজেণ্ট হিচাপে কাম কৰিছিল। কিন্তু তেওঁ এবছৰ আগতে চাকৰিটো এৰিছিল আৰু ঘৰতে আছিল। মানসিকভাৱে অসুস্থ সুধীৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা চলি আছিল। দেউতাকৰ মৃত্যুৰ পিছত তেওঁ যোৱা সাত বছৰ ধৰি মাক আৰু ভনীয়েকৰ সৈতে বাস কৰিছিল। সুধীৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে সদৰী কৰা অনুসৰি সুচিত্ৰা বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু পঢ়কঃ দেশৰ গৌৰৱ বিশেষভাৱে সক্ষম এটি কিশোৰ; স্বয়ম পাটিলে জিনিলে ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি