--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী মাতৃয়ে। হত্যাকাৰী পুত্ৰৰ নাম সুধীৰ কুমাৰ আৰু মৃত মাতৃৰ নাম পাপাম্মা বুলি জানিব পৰা গৈছে। পুত্ৰক ব্যায়াম কৰিবলৈ মানা কৰা বাবেই মাতৃক হত্যা কৰে পুত্ৰই। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে তেলেংগানাৰ হায়দৰাবাদৰ চুলতান বজাৰত। ২৪ জানুৱাৰীৰ মাজনিশা ২ বজাত সুধীৰ কুমাৰে ব্যায়াম কৰাত লাগে। সুধীৰ কুমাৰৰ বয়স ২৪। মাজনিশা পুত্ৰই ব্যায়াম কৰিবলৈ ধৰাত মাতৃ পাপাম্মাই বাধা দিয়ে।কয় যে এয়া ব্যায়াম কৰাৰ সময় নহয়, এয়া শোৱাৰহে সময়। মাতৃয়ে বাধা দিয়াত খং উঠি সুধীৰে মাতৃৰ মূৰত ডাম্বেলেৰে কোবাই হত্যা কৰে। মাতৃক বচাবলৈ চেষ্টা কৰে সুধীৰৰ ভগ্নী সুচিত্ৰাই। মাতৃক বচাবলৈ অহা সুচিত্ৰাকো আক্ৰমণ কৰে সুধীৰে। সুধীৰ মানসিকভাৱে অসুস্থ বুলি জানিব পৰা গৈছে। সুধীৰে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত খাদ্য বিতৰণৰ এজেণ্ট হিচাপে কাম কৰিছিল। কিন্তু তেওঁ এবছৰ আগতে চাকৰিটো এৰিছিল আৰু ঘৰতে আছিল। মানসিকভাৱে অসুস্থ সুধীৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা চলি আছিল। দেউতাকৰ মৃত্যুৰ পিছত তেওঁ যোৱা সাত বছৰ ধৰি মাক আৰু ভনীয়েকৰ সৈতে বাস কৰিছিল। সুধীৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে সদৰী কৰা অনুসৰি সুচিত্ৰা বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু পঢ়কঃ দেশৰ গৌৰৱ বিশেষভাৱে সক্ষম এটি কিশোৰ; স্বয়ম পাটিলে জিনিলে ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২’

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক