--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহেৰে ভৰি থকা ৰে’লত উঠিবলৈ কোনে নো ভাল পায়? যাত্ৰাপথত ৰে’লত যদি বন্ধুবৰ্গৰ বাহিৰে আন কোনো সহযাত্ৰী নাথাকে বা যদি গোটেই ৰে’লখন ভাড়াত ল’ব পাৰি তেতিয়া হ’লেতো কথাই নাই? ৰে’ল ভাড়াত লোৱা কথাটো শুনিবলৈ আশ্চৰ্যকৰ যেন লাগিলেও শেহতীয়াকৈ এনে সুবিধাৰ সম্ভেদ পোৱা গৈছে। ভাৰতীয় ৰে'লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পোৰেশ্যন অৰ্থাত্‍ আইআৰচিটিচিৰ যাত্ৰীসকলক এই সুবিধা প্ৰদান কৰিছে। ভাৰতীয় ৰে’লৱেই প্ৰদান কৰা সুবিধা অনুসৰি যিকোনো ব্যক্তিয়ে এতিয়াৰে পৰা গোটেই ৰে’লখনে ভাড়াত ল'ব পাৰে। ভাৰতীয় ৰে’লৱেৰ এই সুবিধা ‘ফুল টাৰিফ ৰেট’ বা এইটিআৰ নামে জনাজাত। আইআৰচিটিচিৰ ৱেবছাইটৰ পৰা এফটিআৰৰ সুবিধা লাভ কৰিব পাৰি। ইয়াৰ জৰিয়তে যিকোনো ব্যক্তিয়ে এচি প্ৰথম শ্ৰেণী, এচি টু টায়াৰ, থ্ৰী টায়াৰ, এচি চেয়াৰ কাৰ, শ্লিপাৰ, এচি চেলুন কাৰ দ্বিতীয় শ্ৰেণীৰ ছিটিং কম্পাৰ্টমেণ্ট ভাড়াত ল'ব পাৰে। অৱশ্যে, আইআৰচিটিৰ জেনেৰেল ৱেবছাইটত ল’গ ইন কৰিব নোৱাৰি। ইয়াৰ বাবে যাত্ৰীয়ে www.ftr.irctc.co.in ৱেবছাইটত ল’গ ইন কৰিব লাগিব। উক্ত লিংকত গৈ ব্যৱহাৰকাৰীয়ে ব্যক্তিগত আইডি আৰু পাছৱৰ্ড বনাই ল’ব লাগিব। তাৰ পাছত ৱেবছাইটত উপলব্ধ প্ৰ-পত্ৰ পূৰণ কৰি ৰে’ল বুক কৰিব পাৰিব যাত্ৰীয়ে। অফলাইনতো ৰে’ল বা এটা ৰে’লৰ ডবা এনেদৰে বুক কৰিব পাৰি। অৱশ্যে, ইয়াৰ বাবে ষ্টেচনৰ সংৰক্ষণ বিভাগলৈ যাব লাগিব আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে কথা পাতিব লাগিব। ইয়াৰোপৰি আছে আন কেতবোৰ নিয়ম। এজন ব্যক্তিয়ে ৰে’লৰ সৰ্বাধিক দুটা ডবাহে বুক কৰিব পাৰিব। গোটেই ৰে’লখন বুক কৰিবলৈ হ’লে নিম্নতম ১৮ টা ডবা ল'ব লাগিব। যিকোনো ব্যক্তিয়ে সৰ্বাধিক ২৪ টা ডবা ল'ব পাৰিব। ইয়াৰ ভিতৰত, দুটা জেনেৰেটৰ ডবা ভাড়াত দিব লাগিব। মন কৰিবলগীয়া যে, এনেদৰে গোটেই ৰে’লখন ভ্ৰমণৰ বাবেহে ভাড়ালৈ ল’ব পাৰে শ্বুটিং বা অন্যান্য উদ্দেশ্যৰ বাবে ইয়াৰ ব্যৱহাৰ নিষেধ। আনকি গোটেই ৰে’লখন এজন ব্যক্তিক ভাড়ালৈ দিলেও, ইয়াক পৰিচালনা কৰাৰ দায়িত্ব ৰে'লৱে কৰ্তৃপক্ষৰ ওপৰতে থাকে। শেহতীয়া তথ্য অনুসৰি, গোটেই ৰে’ল বা ৰে’লৰ ডবা সংৰক্ষণৰ বাবে প্ৰতিটো কম্পাৰ্টমেণ্টত ৫০,০০০ টকা জমা দিব লাগিব। ইয়াৰোপৰি ভ্ৰমণৰ সময়ত, প্ৰতিদিনে এটা ডবাৰ বাবদ ১০,০০০ টকা পৰিশোধ কৰিব লাগিব। ভ্ৰমণৰ সাত দিন আগতেই কৰিব লাগিব বুকিং। বুকিং কৰাৰ পাছত ভ্ৰমণসূচী বাতিলো কৰিব পাৰি। ইয়াৰ বাবে ২-ৰ পৰা ২৫ শতাংশলৈ মাচুল কৰ্তন কৰিব। যদি ৰে'লৱেৰ কিবা বিজুতিৰ বাবে ভ্ৰমণ বাতিল হয়, তেতিয়া সমগ্ৰ পঞ্জীয়নৰ ধনে ঘূৰাই দিব ৰে’ল বিভাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি