--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহেৰে ভৰি থকা ৰে’লত উঠিবলৈ কোনে নো ভাল পায়? যাত্ৰাপথত ৰে’লত যদি বন্ধুবৰ্গৰ বাহিৰে আন কোনো সহযাত্ৰী নাথাকে বা যদি গোটেই ৰে’লখন ভাড়াত ল’ব পাৰি তেতিয়া হ’লেতো কথাই নাই? ৰে’ল ভাড়াত লোৱা কথাটো শুনিবলৈ আশ্চৰ্যকৰ যেন লাগিলেও শেহতীয়াকৈ এনে সুবিধাৰ সম্ভেদ পোৱা গৈছে। ভাৰতীয় ৰে'লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পোৰেশ্যন অৰ্থাত্‍ আইআৰচিটিচিৰ যাত্ৰীসকলক এই সুবিধা প্ৰদান কৰিছে। ভাৰতীয় ৰে’লৱেই প্ৰদান কৰা সুবিধা অনুসৰি যিকোনো ব্যক্তিয়ে এতিয়াৰে পৰা গোটেই ৰে’লখনে ভাড়াত ল'ব পাৰে। ভাৰতীয় ৰে’লৱেৰ এই সুবিধা ‘ফুল টাৰিফ ৰেট’ বা এইটিআৰ নামে জনাজাত। আইআৰচিটিচিৰ ৱেবছাইটৰ পৰা এফটিআৰৰ সুবিধা লাভ কৰিব পাৰি। ইয়াৰ জৰিয়তে যিকোনো ব্যক্তিয়ে এচি প্ৰথম শ্ৰেণী, এচি টু টায়াৰ, থ্ৰী টায়াৰ, এচি চেয়াৰ কাৰ, শ্লিপাৰ, এচি চেলুন কাৰ দ্বিতীয় শ্ৰেণীৰ ছিটিং কম্পাৰ্টমেণ্ট ভাড়াত ল'ব পাৰে। অৱশ্যে, আইআৰচিটিৰ জেনেৰেল ৱেবছাইটত ল’গ ইন কৰিব নোৱাৰি। ইয়াৰ বাবে যাত্ৰীয়ে www.ftr.irctc.co.in ৱেবছাইটত ল’গ ইন কৰিব লাগিব। উক্ত লিংকত গৈ ব্যৱহাৰকাৰীয়ে ব্যক্তিগত আইডি আৰু পাছৱৰ্ড বনাই ল’ব লাগিব। তাৰ পাছত ৱেবছাইটত উপলব্ধ প্ৰ-পত্ৰ পূৰণ কৰি ৰে’ল বুক কৰিব পাৰিব যাত্ৰীয়ে। অফলাইনতো ৰে’ল বা এটা ৰে’লৰ ডবা এনেদৰে বুক কৰিব পাৰি। অৱশ্যে, ইয়াৰ বাবে ষ্টেচনৰ সংৰক্ষণ বিভাগলৈ যাব লাগিব আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে কথা পাতিব লাগিব। ইয়াৰোপৰি আছে আন কেতবোৰ নিয়ম। এজন ব্যক্তিয়ে ৰে’লৰ সৰ্বাধিক দুটা ডবাহে বুক কৰিব পাৰিব। গোটেই ৰে’লখন বুক কৰিবলৈ হ’লে নিম্নতম ১৮ টা ডবা ল'ব লাগিব। যিকোনো ব্যক্তিয়ে সৰ্বাধিক ২৪ টা ডবা ল'ব পাৰিব। ইয়াৰ ভিতৰত, দুটা জেনেৰেটৰ ডবা ভাড়াত দিব লাগিব। মন কৰিবলগীয়া যে, এনেদৰে গোটেই ৰে’লখন ভ্ৰমণৰ বাবেহে ভাড়ালৈ ল’ব পাৰে শ্বুটিং বা অন্যান্য উদ্দেশ্যৰ বাবে ইয়াৰ ব্যৱহাৰ নিষেধ। আনকি গোটেই ৰে’লখন এজন ব্যক্তিক ভাড়ালৈ দিলেও, ইয়াক পৰিচালনা কৰাৰ দায়িত্ব ৰে'লৱে কৰ্তৃপক্ষৰ ওপৰতে থাকে। শেহতীয়া তথ্য অনুসৰি, গোটেই ৰে’ল বা ৰে’লৰ ডবা সংৰক্ষণৰ বাবে প্ৰতিটো কম্পাৰ্টমেণ্টত ৫০,০০০ টকা জমা দিব লাগিব। ইয়াৰোপৰি ভ্ৰমণৰ সময়ত, প্ৰতিদিনে এটা ডবাৰ বাবদ ১০,০০০ টকা পৰিশোধ কৰিব লাগিব। ভ্ৰমণৰ সাত দিন আগতেই কৰিব লাগিব বুকিং। বুকিং কৰাৰ পাছত ভ্ৰমণসূচী বাতিলো কৰিব পাৰি। ইয়াৰ বাবে ২-ৰ পৰা ২৫ শতাংশলৈ মাচুল কৰ্তন কৰিব। যদি ৰে'লৱেৰ কিবা বিজুতিৰ বাবে ভ্ৰমণ বাতিল হয়, তেতিয়া সমগ্ৰ পঞ্জীয়নৰ ধনে ঘূৰাই দিব ৰে’ল বিভাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক