--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰবিন্দ কেজৰিৱালৰ পদত্যাগৰ পাছত দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আম আদমি পাৰ্টিয়ে শিক্ষামন্ত্ৰী আতিশী মাৰ্লিনাৰ নাম ঘোষনা কৰাৰ পাছতে৷ আম আদমি পাৰ্টি সিদ্ধান্তৰ ওপৰত সৰৱ হৈ পৰিছে দলটোৰ ৰাজ্যসভাৰ সদস্য স্বাতী মালিৱাল৷ স্বাতী মালিৱালে এই সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে এস্কত৷

আপৰ ৰাজ্যসভাৰ সদস্য স্বাতী মালিৱালে আতিশীক দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে লোৱা সিদ্ধান্তৰ বিৰোধীতা কৰি তেওঁক ‘পুতলা মুখ্যমন্ত্ৰী’ আখ্যা দিছে।স্বাতী মালিৱালে ক্ষোভ প্ৰকাশ কৰি কয় যে ‘দিল্লীৰ বাবে আজি অতি দুখৰ দিন।’ দিল্লীৰ মুখ্যমন্ত্ৰী পদত আতিশীৰ দৰে এগৰাকী মহিলা অধিষ্ঠিত হ’ব যাৰ পৰিয়ালে সন্ত্ৰাসবাদী আফজল গুৰুক মৃত্যুদণ্ডৰ পৰা বচাবলৈ ৰাষ্ট্ৰপতিলৈ আবেদন জনাইছিল৷ কিন্তু আতিশী মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে, সকলোৰে জ্ঞাত যে তেওঁ কেৱল নাম মাত্ৰ মুখ্যমন্ত্ৰী হ'ব৷ আতিশী মুখ্যমন্ত্ৰী হোৱা বিষয়টো দেশৰ নিৰাপত্তাৰ সৈতে পোনপটিয়াকৈ  জড়িত বুলি দাবী কৰিছে স্বাতী মালিৱালে৷

ইফালে আম আদমী পাৰ্টিয়ে স্বাতী মালিৱালৰ মন্তব্যৰ প্ৰত্যুত্তদি কয় যে যদি অলপমানো মান-সন্মান নৈতিকতা আছে আপৰ পৰা পদত্যাগ দাবী কৰিছে দলৰ জ্যেষ্ঠ নেতা দিলীপ পাণ্ডে৷ আপৰ জেষ্ঠ নেতা গৰাকীয়ে স্বাতী মালিৱালে বিজেপিৰ দ্বাৰা লিখিত কাহিনী পঢ়ে বুলি কটাক্ষ কৰে৷ দিলীপ পাণ্ডেই লগতে কয় যে ‘স্বাতী মালিৱালে বিজেপিৰ পৰা ৰাজ্যসভাৰ টিকট লোৱাৰ বাবে চেষ্টা কৰিব লাগে৷’  

উল্লেখযোগ্য যে ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলে অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীক সলনি কৰিলেই আম আদমী পাৰ্টিৰ ভাগ্য সলনি নহয় বুলি কটাক্ষ কৰি মন্তব্য প্ৰদান কৰাৰ লগতে দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱেও কটাক্ষ কৰি কয় যে অৰবিন্দ কেজৰিৱালে অনিচ্ছা সত্ত্বেও আতিশী মাৰ্লিনাক মুখ্যমন্ত্ৰী পদ প্ৰদান কৰিছে। মুখখনহে সলনি হৈছে, দুৰ্নীতিগ্ৰস্ত চৰিত্ৰ একেই আছে বুলি মন্তব্য কৰিছে৷

দিল্লী চৰকাৰৰ এই সিদ্ধান্তৰ ৰাজনৈতিক মহলত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে৷আপ দলৰ এই সিদ্ধান্ত ৰাজনৈতিক মহলত যিদৰে গ্ৰহণ নকৰক কিয় দিল্লীবাসীয়ে পুনৰ আন এগৰাকী উচ্চশিক্ষিত মুখ্যমন্ত্ৰী লাভ কৰিলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ