--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনক গ্ৰাস কৰিছিল হতাশাই৷ হতাশা, বিষণ্ণতাত ডুব গৈ সমুখৰ বাটত মাথোঁ এন্ধাৰ দেখিছিল দীপিকাই৷ জীৱনমুখী ভাবনাৰে উজ্জীৱিত হোৱাৰ সলনি নিজকে নি:শেষ কৰি দিয়াৰ পৰিকল্পনা ৰচিছিল তেওঁ৷ হয়, বলীউদৰ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে আত্মহত্যাৰ চেষ্টা চলাইছিল৷ 

কিন্তু কিয় আত্মহত্যা কৰিবলৈ উদ্যত হৈছিল দীপিকা পাডুকন?

অভিনেত্ৰীগৰাকীৰ ভাষ্য অনুসৰি, তেওঁ তেতিয়া তেওঁৰ কেৰিয়াৰৰ শীৰ্ষত আছিল। তেওঁৰ জীৱনত সকলো ভালদৰে চলি আছিল। গতিকে দুখৰ কোনো বিশেষ কাৰণ নাছিল। কিন্তু মন ভালে নাছিল। তেওঁ ভাঙি পৰিল। সেই দিনবোৰত কেৱল শুই থাকিবলৈ বিচৰা হ’ল দীপিকা পাডুকন৷ টোপনিৰ জৰিয়তে নিজৰ পৰা পলায়নৰ চেষ্টা কৰিছিল দীপিকাই৷ আৰু তেনে সময়ত কোনোবা এদিন আত্মহত্যাৰ চেষ্টা চলাইছিল দীপিকা পাডুকনে৷ 

কেইবছৰমান পূৰ্বে দীপিকাই তেওঁৰ জীৱনৰ বেয়া সময়বোৰ সকলোৰে সৈতে ভাগ-বতোৱাৰা কৰিছিল। ৰাতিটোৰ ভিতৰতে তেওঁৰ জীৱন হৈ পৰিছিল আন বহুতৰ বাবে অনুপ্ৰেৰণাৰ উৎস৷ তেতিয়াই অভিনেত্ৰীগৰাকীয়ে নিজৰ এনজিঅ’ আৰম্ভ কৰিছিল। ‘লিভ লাভ জাম্প’ নামৰ সংগঠনটোৱে মানসিক ৰোগত ভুগি থকাসকলৰ কাষত থিয় দিছে। অভিনেত্ৰীগৰাকীয়ে অলপতে এটা অনুষ্ঠানত উপস্থিত হৈছিল আৰু তেওঁৰ হতাশাৰ কাহিনী ৰাজহুনা কৰিছিল।

অনুষ্ঠানটোত দীপিকাই প্ৰকাশ কৰিছিল যে অভিনেত্ৰীগৰাকীয়ে আনকি হতাশাৰ বাবে এবাৰ আত্মহত্যা কৰাৰ কথা ভাবিছিল। তেওঁৰ মাতৃয়ে প্ৰথমে অনুভৱ কৰিছিল যে দীপিকা হতাশাত ভুগি আছে।



তেওঁ কয়, মোৰ মা-দেউতা বেংগালুৰুত আছিল, মাজে মাজে মোক লগ কৰিছিল। মই তেতিয়া তেওঁলোকক দেখুৱাওঁ যে মই ভালে আছোঁ। এদিন তেওঁলোক বেংগালুৰুলৈ উভতি গৈ আছিল আৰু তেতিয়াই মই কান্দোনত ভাগি পৰিছিলোঁ। মোৰ মায়ে মোক সুধিছিল মই কিয় কান্দি আছোঁ। মোৰ কোনো প্ৰেমিক আছে নেকি? মোৰ কামত কিবা ঘটিছে নেকি? মাই সুধিছিল৷ কিন্তু, মোৰ ওচৰত কোনো উত্তৰ নাছিল। 
 
দীপিকাই লগতে কৈছিল, মোৰ ওচৰত উত্তৰ নাছিল কাৰণ তেনেকৈ ক’ব পৰা একোৱে নাছিল। মোৰ মায়ে লগে লগে লক্ষণটো দেখিছিল আৰু অনুভৱ কৰিছিল যে মই হতাশাত ভুগি আছোঁ। মই ভাবো ঈশ্বৰে মোৰ মাক মোৰ বাবে পঠিয়াইছিল। সকলোৰে মাজত সজাগতা বৃদ্ধি কৰিবলৈ৷



অভিনেত্ৰীগৰাকীয়ে বাৰে বাৰে তেওঁৰ জীৱনৰ গভীৰ হতাশাৰ কাহিনী কৈছে। বহুতো লোক হতাশাত ভুগি আছে, কিন্তু তেওঁলোকে দীপিকাৰ সাহসেৰে ইয়াক ৰাজহুৱাভাৱে প্ৰকাশ কৰিব নোৱাৰে। নায়িকাগৰাকীয়ে তেওঁৰ জীৱনৰ কাহিনী কোৱাৰ লগে লগে তেওঁৰ চকু দুটা জিলিকি আছিল। হতাশাৰ অটল গহ্বৰৰ পৰা ওলাই তেওঁ যিদৰে বলীউডত নিজকে প্ৰতিষ্ঠিত কৰিছে সেয়া সঁচাকৈয়ে বহুতৰ বাবে অনুপ্ৰেৰণা৷ 

ঘটনাক্ৰমে, অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ শ্বাহৰুখৰ সৈতে ‘পাঠান’ৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰিছিল। এই চলচ্চিত্ৰখন অহা বছৰ মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী