--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱী সংগীতজ্ঞ তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে গেংষ্টাৰ লৰেন্স বিষ্ণইৰ দলে। কেৱল সিদ্ধু মুছেৱালাই নহয়, বলীউডৰ কেইবাগৰাকী সংগীতশিল্পী কথা অভিনেতা বৰ্তমান লৰেন্স বিষ্ণইৰ লক্ষ্য হৈ পৰিছে। কোন কোন আছে বিষ্ণইৰ টাৰ্গেতত? নিৰাপত্তাজনিত কাৰণৰ প্ৰতি লক্ষ্য ৰাখি সেই নামসমূহ এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। তথাপি, সম্ভাব্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা বুলি খবৰ ওলাইছে। ২০১৬ চনত লৰেন্সে নিজৰ ভতিজাক হত্যাৰ ভাবুকি দিছিল। সেইবাবেই সিদ্ধুৰ হত্যাকাণ্ডৰ পিছত আৰু অধিক তত্‍পৰ হৈ পৰিছে মুম্বাই আৰক্ষী।

হাৰিয়ানা স্পেচিয়েল টাস্ক ফ’ৰ্চৰ পৰা লৰেন্সৰ বিষয়ে জানিবলৈ পোৱাৰ পাছতে উদ্বিগ্ন হৈ পৰিছে আৰক্ষী। আৰক্ষীয়ে সদৰী কৰা অনুসৰি, এই মুহূৰ্তত ছলমান ঘৰত নাই। ইফালে কানাডাৰ মবষ্টাৰ গোল্ডি ব্ৰাৰে হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। গোল্ডি লৰেন্সৰ অতি ঘনিষ্ঠ আৰু সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ইতিমধ্যে তাৰকাগৰাকীৰ ঘৰৰ বাহিৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়িত তোলা হৈছে। তাৰকাগৰাকীৰ ঘৰৰ চৌপাশে যাতে জনসমাগম নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে মুম্বাই আৰক্ষীয়ে।

মন কৰিবলগীয়া যে, ২০১৬ চনত লৰেন্স বিষ্ণইয়ে ছলমানক প্ৰাণে মৰাৰ ভাবুকি দিছিল। লৰেন্সে কৈছিল, ‘যদি মই তেনে কাম কৰো তেন্তে গম পাবই। যোধপুৰতে মই ছলমানক হত্যা কৰিম। এতিয়ালৈকে মই একো কৰা নাই। বিনা দোষত মোক কিছুমান কথাত জড়িত কৰা হৈছে।’ সেই সময়ত ‘ৰেচ-৩’ছবিখনৰ ৰ শ্বুটিংৰ কাম চলি আছিল। লৰেন্সৰ ভাবুকিৰ পিছত সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল ছবিখনৰ শ্বুটিং।

আচলতে কৃষ্ণসাৰ হৰিণৰ হত্যাকাণ্ডত ছলমানৰ নাম জড়িত হৈ পৰাৰ পাছতে ক্ষোভিত হৈ পৰিছিল লৰেন্স বিষ্ণই। যোধপুৰৰ যিটো সম্প্ৰদায়ৰ বাবে হৰিণ পূজনীয় সেই সম্প্ৰদায়ৰে প্ৰতিনিধি আছিল লৰেন্স বিষ্ণই। একেদৰে যোধপুৰত শ্বুটিং কৰি থাকোঁতে লৰেন্সৰ ৰঙা চকুৰ লক্ষ্য হৈ পৰিছিল মিকা সিং। এনে কেতবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বলীউড ছুপাৰষ্টাৰগৰাকীৰ নিৰাপত্তা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰি তোলা হৈছে।

ইফালে, মঙলবাৰে সম্পন্ন হয় সিদ্ধুৰ শেষকৃত্য। তেওঁৰ নিজৰ গাঁৱতে সৎকাৰৰ সাক্ষী হ’বলৈ সমবেত হৈছিল হাজাৰ হাজাৰ লোক। দেওবাৰে ৩০ৰাউণ্ড গুলীৰে গুলীয়াই হত্যা কৰে দুস্কৃতিকাৰীয়ে। এই গোচৰত এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন সন্দেহযুক্ত লোকক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ