--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱী সংগীতজ্ঞ তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে গেংষ্টাৰ লৰেন্স বিষ্ণইৰ দলে। কেৱল সিদ্ধু মুছেৱালাই নহয়, বলীউডৰ কেইবাগৰাকী সংগীতশিল্পী কথা অভিনেতা বৰ্তমান লৰেন্স বিষ্ণইৰ লক্ষ্য হৈ পৰিছে। কোন কোন আছে বিষ্ণইৰ টাৰ্গেতত? নিৰাপত্তাজনিত কাৰণৰ প্ৰতি লক্ষ্য ৰাখি সেই নামসমূহ এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। তথাপি, সম্ভাব্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা বুলি খবৰ ওলাইছে। ২০১৬ চনত লৰেন্সে নিজৰ ভতিজাক হত্যাৰ ভাবুকি দিছিল। সেইবাবেই সিদ্ধুৰ হত্যাকাণ্ডৰ পিছত আৰু অধিক তত্‍পৰ হৈ পৰিছে মুম্বাই আৰক্ষী।

হাৰিয়ানা স্পেচিয়েল টাস্ক ফ’ৰ্চৰ পৰা লৰেন্সৰ বিষয়ে জানিবলৈ পোৱাৰ পাছতে উদ্বিগ্ন হৈ পৰিছে আৰক্ষী। আৰক্ষীয়ে সদৰী কৰা অনুসৰি, এই মুহূৰ্তত ছলমান ঘৰত নাই। ইফালে কানাডাৰ মবষ্টাৰ গোল্ডি ব্ৰাৰে হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। গোল্ডি লৰেন্সৰ অতি ঘনিষ্ঠ আৰু সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ইতিমধ্যে তাৰকাগৰাকীৰ ঘৰৰ বাহিৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়িত তোলা হৈছে। তাৰকাগৰাকীৰ ঘৰৰ চৌপাশে যাতে জনসমাগম নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে মুম্বাই আৰক্ষীয়ে।

মন কৰিবলগীয়া যে, ২০১৬ চনত লৰেন্স বিষ্ণইয়ে ছলমানক প্ৰাণে মৰাৰ ভাবুকি দিছিল। লৰেন্সে কৈছিল, ‘যদি মই তেনে কাম কৰো তেন্তে গম পাবই। যোধপুৰতে মই ছলমানক হত্যা কৰিম। এতিয়ালৈকে মই একো কৰা নাই। বিনা দোষত মোক কিছুমান কথাত জড়িত কৰা হৈছে।’ সেই সময়ত ‘ৰেচ-৩’ছবিখনৰ ৰ শ্বুটিংৰ কাম চলি আছিল। লৰেন্সৰ ভাবুকিৰ পিছত সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল ছবিখনৰ শ্বুটিং।

আচলতে কৃষ্ণসাৰ হৰিণৰ হত্যাকাণ্ডত ছলমানৰ নাম জড়িত হৈ পৰাৰ পাছতে ক্ষোভিত হৈ পৰিছিল লৰেন্স বিষ্ণই। যোধপুৰৰ যিটো সম্প্ৰদায়ৰ বাবে হৰিণ পূজনীয় সেই সম্প্ৰদায়ৰে প্ৰতিনিধি আছিল লৰেন্স বিষ্ণই। একেদৰে যোধপুৰত শ্বুটিং কৰি থাকোঁতে লৰেন্সৰ ৰঙা চকুৰ লক্ষ্য হৈ পৰিছিল মিকা সিং। এনে কেতবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বলীউড ছুপাৰষ্টাৰগৰাকীৰ নিৰাপত্তা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰি তোলা হৈছে।

ইফালে, মঙলবাৰে সম্পন্ন হয় সিদ্ধুৰ শেষকৃত্য। তেওঁৰ নিজৰ গাঁৱতে সৎকাৰৰ সাক্ষী হ’বলৈ সমবেত হৈছিল হাজাৰ হাজাৰ লোক। দেওবাৰে ৩০ৰাউণ্ড গুলীৰে গুলীয়াই হত্যা কৰে দুস্কৃতিকাৰীয়ে। এই গোচৰত এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন সন্দেহযুক্ত লোকক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?