--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম সফল অভিনেতা ছলমান খান। তেওঁৰ কেৰিয়াৰত এতিয়ালৈকে বহু ব্লকবাষ্টাৰ ছবি সংযোজন হৈছে। অভিনয় দক্ষতাৰ উপৰিও ছলমানৰ শাৰীৰিক সৌন্দৰ্য্যৰ বিষয়েও যথেষ্ট আলোচনা হয়। ছলমানৰ শৰীৰৰ ফিটনেছক লৈ বহু মানুহেই ঈৰ্ষা কৰে। নিয়মিত ব্যায়াম আৰু মধ্যমীয়া খাদ্যাভ্যাস তেওঁৰ আকৰ্ষণীয় শৰীৰৰ ৰহস্য।

শেহতীয়াকৈ ভাৰতীয় সংবাদ মাধ্যমত ছলমানৰ দৈনিক খাদ্য তালিকা সম্পৰ্কে এক প্ৰতিবেদন প্ৰকাশ পাইছিল। ভাৰতীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছলমানে নিজৰ খাদ্য তালিকাত ভজা-পোৰা বস্তু এৰাই চলে। দিনটো আৰম্ভ কৰে নেমু আৰু মৌ মিশ্ৰিত পানীৰে। ব্ৰেকফাষ্টত উচ্চ কেলৰিযুক্ত খাদ্য খায় য’ত ব্ৰাউন ব্ৰেডৰ সৈতে কমেও চাৰিটা কণী থাকে। দুপৰীয়া দক্ষিণ ভাৰতীয় খাদ্য খাই ভাল পায় ছলমানে। বেছিভাগ সময়তে তেওঁ গ্ৰীল কৰা মাছৰ সৈতে চালাড আৰু সিজোৱা শাক-পাচলি খায়, যিয়ে তেওঁৰ শৰীৰৰ চৰ্বি কমোৱাত সহায় কৰে। 

তদুপৰি ছলমানে সপ্তাহত কমেও ৪ দিন দুপৰীয়াৰ আহাৰত ফল-মূল খায়। ছলমান খানৰ ৰাতিৰ আহাৰত সদায় চিকেন আৰু চালাড থাকে। লগত থাকে ফলমূল। ছলমানৰ ঘনিষ্ঠ সূত্ৰই ভাৰতীয় সংবাদ মাধ্যমক জনোৱা মতে ছলমানে প্ৰতিদিনে খাদ্যৰ বাবে ৮ হাজাৰ টকা ব্যয় কৰে। তেওঁ বিভিন্ন ধৰণৰ খাদ্যৰ মিশ্ৰণ খায়, যাক তেওঁ ‘মিক্সাৰ’ বুলি কয়। তদুপৰি ছলমানে ভাৰতীয় ষ্টাইলৰ বিৰিয়ানী খুব ভাল পায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?