--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বুলেট ট্ৰেইনত বহিলে এতিয়া পোনে পোনে চন্দ্ৰ পাবগৈ । এই বিশেষ খবৰ আহিছে জাপানৰ পৰা । জাপানে পৃথিৱীৰ পৰা বুলেট ট্ৰেইনেৰে পোনে পোনে চন্দ্ৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে। আপোনালোকে জানি আচৰিত হ'ব যে এই প্ৰকল্পটো সফল হ’লে তেওঁলোকে পৃথিৱীৰ পৰা মংগল গ্ৰহলৈ এখন বুলেট ট্ৰেইন চলাব।

একে সময়তে আমেৰিকাই পুনৰ চন্দ্ৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে আৰু ইফালে চীনে আকৌ মংগল গ্ৰহত জীৱৰ বিচাৰিছে। এনে এক সময়তে ৰাছিয়াইও চীনৰ সৈতে মিলি চন্দ্ৰলৈ যোৱা অভিযানৰ পৰিকল্পনা কৰিছে। ইয়াৰ মাজতে জাপানে বুলেট ট্ৰেইনেৰে চন্দ্ৰত উপনীত হোৱাৰ পৰিকল্পনা   বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে।

জাপানেও মংগল গ্ৰহত কাঁচৰ বাসস্থান নিৰ্মাণৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে। কাঁচৰ বাসস্থান মানেহ মানুহে এনে এটা কৃত্ৰিম স্থানত বাস কৰিব, যাৰ বায়ুমণ্ডল পৃথিৱীৰ দৰে সৃষ্টি হ’ব। সাধাৰণতে কম মাধ্যাকৰ্ষণ ক্ষমতা থকা ঠাইত পেশী আৰু হাড় দুৰ্বল হৈ পৰে গতিকে কৃত্ৰিম বায়ুমণ্ডলত থকা বাসস্থানসমূহ এনেদৰে ডিজাইন কৰা হ’ব যাতে পৰ্যাপ্ত মাধ্যাকৰ্ষণ ক্ষমতা থাকে আৰু এনে বায়ুমণ্ডল থাকে যে মানুহৰ পেশী আৰু হাড় দুৰ্বল নহয়।

জাপানে এই পৰিকল্পনাত সফল হ’লে ই মানুহৰ বাবে আন গ্ৰহত জীয়াই থকাৰ পথ অতি সোনকালেই মুকলি কৰি হ'ব। আনহাতে মানুহে এই কাঁচৰ বাসস্থানৰ বাহিৰলৈ যাবলৈ স্পেচছুট পিন্ধিব লাগিব।

বিজ্ঞানীসকলৰ মতে, একবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত মানুহে চন্দ্ৰ আৰু মংগল গ্ৰহত জীয়াই থাকিব পাৰিব। ২০৫০ চনৰ ভিতৰত ইয়াৰ প্ৰ’ট’টাইপ সাজু হ’ব আৰু চূড়ান্ত সংস্কৰণৰ বাবে প্ৰায় এশ বছৰ সময় ল'ব পাৰে।

কিয়’ট’ বিশ্ববিদ্যালয় ( Kyoto University) আৰু কাজিমা কনষ্ট্ৰাকচনে একেলগে কাম কৰিব স্পেচ এক্সপ্ৰেছ নামৰ বুলেট ট্ৰেইন প্ৰকল্পত। পৃথিৱীৰ পৰা চন্দ্ৰ আৰু মংগললৈ চলিব এই ৰে’লখন। ই হ’ব এক আন্তঃগ্ৰহ পৰিবহণ ব্যৱস্থা, যাক হেক্সাট্ৰেক নামেৰেও জনা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে