--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বুলেট ট্ৰেইনত বহিলে এতিয়া পোনে পোনে চন্দ্ৰ পাবগৈ । এই বিশেষ খবৰ আহিছে জাপানৰ পৰা । জাপানে পৃথিৱীৰ পৰা বুলেট ট্ৰেইনেৰে পোনে পোনে চন্দ্ৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে। আপোনালোকে জানি আচৰিত হ'ব যে এই প্ৰকল্পটো সফল হ’লে তেওঁলোকে পৃথিৱীৰ পৰা মংগল গ্ৰহলৈ এখন বুলেট ট্ৰেইন চলাব।

একে সময়তে আমেৰিকাই পুনৰ চন্দ্ৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে আৰু ইফালে চীনে আকৌ মংগল গ্ৰহত জীৱৰ বিচাৰিছে। এনে এক সময়তে ৰাছিয়াইও চীনৰ সৈতে মিলি চন্দ্ৰলৈ যোৱা অভিযানৰ পৰিকল্পনা কৰিছে। ইয়াৰ মাজতে জাপানে বুলেট ট্ৰেইনেৰে চন্দ্ৰত উপনীত হোৱাৰ পৰিকল্পনা   বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে।

জাপানেও মংগল গ্ৰহত কাঁচৰ বাসস্থান নিৰ্মাণৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে। কাঁচৰ বাসস্থান মানেহ মানুহে এনে এটা কৃত্ৰিম স্থানত বাস কৰিব, যাৰ বায়ুমণ্ডল পৃথিৱীৰ দৰে সৃষ্টি হ’ব। সাধাৰণতে কম মাধ্যাকৰ্ষণ ক্ষমতা থকা ঠাইত পেশী আৰু হাড় দুৰ্বল হৈ পৰে গতিকে কৃত্ৰিম বায়ুমণ্ডলত থকা বাসস্থানসমূহ এনেদৰে ডিজাইন কৰা হ’ব যাতে পৰ্যাপ্ত মাধ্যাকৰ্ষণ ক্ষমতা থাকে আৰু এনে বায়ুমণ্ডল থাকে যে মানুহৰ পেশী আৰু হাড় দুৰ্বল নহয়।

জাপানে এই পৰিকল্পনাত সফল হ’লে ই মানুহৰ বাবে আন গ্ৰহত জীয়াই থকাৰ পথ অতি সোনকালেই মুকলি কৰি হ'ব। আনহাতে মানুহে এই কাঁচৰ বাসস্থানৰ বাহিৰলৈ যাবলৈ স্পেচছুট পিন্ধিব লাগিব।

বিজ্ঞানীসকলৰ মতে, একবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত মানুহে চন্দ্ৰ আৰু মংগল গ্ৰহত জীয়াই থাকিব পাৰিব। ২০৫০ চনৰ ভিতৰত ইয়াৰ প্ৰ’ট’টাইপ সাজু হ’ব আৰু চূড়ান্ত সংস্কৰণৰ বাবে প্ৰায় এশ বছৰ সময় ল'ব পাৰে।

কিয়’ট’ বিশ্ববিদ্যালয় ( Kyoto University) আৰু কাজিমা কনষ্ট্ৰাকচনে একেলগে কাম কৰিব স্পেচ এক্সপ্ৰেছ নামৰ বুলেট ট্ৰেইন প্ৰকল্পত। পৃথিৱীৰ পৰা চন্দ্ৰ আৰু মংগললৈ চলিব এই ৰে’লখন। ই হ’ব এক আন্তঃগ্ৰহ পৰিবহণ ব্যৱস্থা, যাক হেক্সাট্ৰেক নামেৰেও জনা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র