--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সাৱধান! বিশ্ববাসীৰ বাবে আতংক হৈ পৰিছে এক নতুন ভাইৰাছ। ক’ৰোনা ভাইৰাছৰ সন্ত্ৰাসে সমগ্ৰ বিশ্বকে চানি ধৰাৰ সময়তে সমগ্ৰ বিশ্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ক’ৰোনাৰ আন এক নতুন প্ৰজাতিৰ ভাইৰাছে। কোভিডৰ পাছত এতিয়া নতুন প্ৰজাতিৰ ভাইৰাছে বিশ্ববাসীৰ বাবে সন্ত্ৰাস সৃষ্টি কৰিছে৷ যাৰ নাম অ’মিক্ৰন (Omricon)। অ’মিক্ৰনৰ প্ৰথম ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল দক্ষিণ আফ্ৰিকাত৷

বিশ্ব স্বাস্থ্য সংস্থাই এই নতুন ভাইৰাছক delta তকৈয়ো শক্তিশালী বুলি মত প্ৰকাশ কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাও অ’মিক্ৰনক গভীৰ উদ্বেগৰ বিষয় বুলি বৰ্ণনা কৰিছে। উল্লেখ্য যে অতি কম দিনৰ দিনৰ ভিতৰতে দক্ষিণ আফ্ৰিকাৰ পৰা ২৪খনৰো অধিক দেশলৈ বিয়পিল অ’মিক্ৰন। অ’মিক্ৰনৰ সংক্ৰমণ ৰোধ কৰিবলৈ দক্ষিণ আফ্ৰিকাৰে বিশ্বৰ অধিকাংশ দেশৰ বিমান চলাচল বন্ধ কৰা হৈছে।

ক’ৰোনা ৰোগীতকৈ অ’মিক্ৰনত আক্ৰান্তৰ লক্ষণ সম্পূৰ্ণৰূপে বেলেগ। অ’মিক্ৰন আক্ৰান্ত লোকে খাদ্যৰ সোৱাদ পায়, গোন্ধও পায় কিন্তু প্ৰচণ্ড মূৰৰ বিষ আৰু মূৰ ঘূৰণি হয়। ৰোগীয়ে অত্যন্ত ভাগৰ অনুভৱ কৰে আৰু ৰোগীৰ হৃদস্পন্দন অনিয়ন্ত্ৰিত গতিত বৃদ্ধি পায়। দক্ষিণ আফ্ৰিকাৰ স্বাস্থ্য বিজ্ঞানীয়ে প্ৰকাশ কৰা অনুসৰি এই ভাইৰাছ কিমান ভয়ানক সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ৰোগৰ তীব্ৰতা জানিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন হ’ব বুলি জনাইছে স্বাস্থ্য বিজ্ঞানীসকলে।

গৱেষণাত ধৰা পৰিছে যে অ’মিক্ৰনত যুৱ প্ৰজন্ম আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। অ’মিক্ৰনত আক্ৰন্ত হৈ যিসকল লোক হাস্পতালত ভৰ্তি হৈছে সকলোৰে বয়স ৪০তকৈ কম। এই তথ্যৰ প্ৰতি লক্ষ্য ৰাখিলে বুজিব পাৰি যে অ’মিক্ৰনত যুৱ প্ৰজন্মৰ লোক আক্ৰান্ত হোৱাৰ শংকা অধিক। সেয়েহে যুৱ চামক অতি সাৱধান হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে স্বাস্থ্য বিজ্ঞানীসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু