--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সাৱধান! বিশ্ববাসীৰ বাবে আতংক হৈ পৰিছে এক নতুন ভাইৰাছ। ক’ৰোনা ভাইৰাছৰ সন্ত্ৰাসে সমগ্ৰ বিশ্বকে চানি ধৰাৰ সময়তে সমগ্ৰ বিশ্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ক’ৰোনাৰ আন এক নতুন প্ৰজাতিৰ ভাইৰাছে। কোভিডৰ পাছত এতিয়া নতুন প্ৰজাতিৰ ভাইৰাছে বিশ্ববাসীৰ বাবে সন্ত্ৰাস সৃষ্টি কৰিছে৷ যাৰ নাম অ’মিক্ৰন (Omricon)। অ’মিক্ৰনৰ প্ৰথম ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল দক্ষিণ আফ্ৰিকাত৷

বিশ্ব স্বাস্থ্য সংস্থাই এই নতুন ভাইৰাছক delta তকৈয়ো শক্তিশালী বুলি মত প্ৰকাশ কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাও অ’মিক্ৰনক গভীৰ উদ্বেগৰ বিষয় বুলি বৰ্ণনা কৰিছে। উল্লেখ্য যে অতি কম দিনৰ দিনৰ ভিতৰতে দক্ষিণ আফ্ৰিকাৰ পৰা ২৪খনৰো অধিক দেশলৈ বিয়পিল অ’মিক্ৰন। অ’মিক্ৰনৰ সংক্ৰমণ ৰোধ কৰিবলৈ দক্ষিণ আফ্ৰিকাৰে বিশ্বৰ অধিকাংশ দেশৰ বিমান চলাচল বন্ধ কৰা হৈছে।

ক’ৰোনা ৰোগীতকৈ অ’মিক্ৰনত আক্ৰান্তৰ লক্ষণ সম্পূৰ্ণৰূপে বেলেগ। অ’মিক্ৰন আক্ৰান্ত লোকে খাদ্যৰ সোৱাদ পায়, গোন্ধও পায় কিন্তু প্ৰচণ্ড মূৰৰ বিষ আৰু মূৰ ঘূৰণি হয়। ৰোগীয়ে অত্যন্ত ভাগৰ অনুভৱ কৰে আৰু ৰোগীৰ হৃদস্পন্দন অনিয়ন্ত্ৰিত গতিত বৃদ্ধি পায়। দক্ষিণ আফ্ৰিকাৰ স্বাস্থ্য বিজ্ঞানীয়ে প্ৰকাশ কৰা অনুসৰি এই ভাইৰাছ কিমান ভয়ানক সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ৰোগৰ তীব্ৰতা জানিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন হ’ব বুলি জনাইছে স্বাস্থ্য বিজ্ঞানীসকলে।

গৱেষণাত ধৰা পৰিছে যে অ’মিক্ৰনত যুৱ প্ৰজন্ম আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। অ’মিক্ৰনত আক্ৰন্ত হৈ যিসকল লোক হাস্পতালত ভৰ্তি হৈছে সকলোৰে বয়স ৪০তকৈ কম। এই তথ্যৰ প্ৰতি লক্ষ্য ৰাখিলে বুজিব পাৰি যে অ’মিক্ৰনত যুৱ প্ৰজন্মৰ লোক আক্ৰান্ত হোৱাৰ শংকা অধিক। সেয়েহে যুৱ চামক অতি সাৱধান হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে স্বাস্থ্য বিজ্ঞানীসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ