--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিজ পুত্ৰৰ কষ্ট, দুখ-বেদনা সহ্য কৰিব নোৱাৰি চিৰদিনৰ বাবে পৃথিৱীৰ পৰা বিদায় দিয়াৰ কথা চিন্তা কৰিলে এজন পিতৃয়ে৷ নিজ চকুৰ আগত সন্তানৰ মৃত্যু কোনো পিতৃ-মাতৃৱে চাব নিবিচাৰে কিন্তু কিমান কষ্টত ভুগি থাকিলে এজন পুত্ৰক পিতৃৱে নিজেই বিদায় জনাব পাৰে, সেই কথা নিশ্চয় ভাবিবলগীয়া৷ তামিলনাডু চালেমৰ পৰা আহিছে এক বেদনাদায়ক খবৰ৷ পেৰিয়াস্বামী নামৰ এজন লোকৰ ১৪ বছৰীয়া পুত্ৰ ভান্নাথমিজান এবছৰ দিন ধৰি হাড়ৰ কেন্সাৰ ৰোগত ভুগি আছিল৷

কেন্সাৰে গ্ৰাস কৰা ভান্নাথমিজানৰ জীৱন তিলতিলকৈ মৃত্যুৰ মুখলৈ গতি কৰিলে৷ যোৱা এবছৰে বিষত কেঁকাই গেঁথাই থকা পুত্ৰক দেখি নীৰৱে চকুলো টুকে পেৰিয়াস্বামীয়ে৷ পুত্ৰ ভান্নাথমিজানক সুস্থ কৰি তুলিবলৈ তেওঁ বহু চিকিৎসাও কৰালে কিন্তু কোনো ফল নধৰিল৷ দিনে-ৰাতিয়ে বিষত কান্দি থকা পুত্ৰক দেখি পিতৃ পেৰিয়াস্বামীয়ে এক কঠোৰ সিদ্ধান্ত লবলৈ বাধ্য হ'ল৷ পু্ত্ৰক এই যমৰ যাতনাৰ পৰা মুক্তি দিবলৈ পেৰিয়াস্বামীয়ে তেওঁৰ ভেঙ্কটেশন নামৰ এজন বন্ধুক যোগাযোগ কৰে৷ ভেঙ্কটেশন এগৰাকী ৰসায়নবিদ৷ তেওঁৰ আছে নিজা পৰীক্ষাগাৰ৷

বন্ধু ভেঙ্কটেশনক নিজ পুত্ৰৰ বেদনাৰ কথা তেওঁ খুলি কয়৷ পেৰিয়াস্বামীয়ে কিবা এটা উপায় দিয়াৰ কথা কয় বন্ধুক৷ বন্ধুৰ মৰ্মবেদনা বুজিব পাৰি ভেঙ্কটেশনে তেওঁৰ চিকিৎসক বন্ধু প্ৰভুৰ সৈতে যোগাযোগ কৰে৷ কেনেকৈ এই দুখ-কষ্টৰ পৰা ভান্নাথমিজানক মুক্তি দিব পাৰি,তিনিও সেই কথা আলচ কৰিলে৷ এই আলোচনাৰ পিছত ভেঙ্কটেশন আৰু প্ৰভূৱে পেৰিয়াস্বামীক এটা বেজী হাতত তুলি দিয়ে আৰু ঘৰলৈ গৈ সেই বেজী পুত্ৰক দিবলৈ কয়৷

ঘৰলৈ গৈ পুত্ৰ ভান্নাথমিজনক এই বেজী দিয়ে পেৰিয়াস্বামীয়ে৷ যাৰ ফলত মৃত্যুক সাৱটি লয় ভান্নাথমিজনে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চিকিৎসক প্ৰভুৱে তিনিটা ঔষধৰ মিশ্ৰণ বেজী দিছিল৷ এই বেজীৰ 'অভাৰ ডোজ'ৰ বাবে মৃত্যুমুখত পৰে কিশোৰটি৷ গোচৰটো পোহৰলৈ অহাৰ পাছত পেৰিয়াস্বামী, ভেঙ্কটেশন আৰু প্ৰভুক তামিলনাডুৰ কংগুনাপ্ৰম আৰক্ষীয়ে ধাৰা ১০৯(অপৰাধৰ বাবে প্ৰৰোচিত)ৰ অধীনত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে৷ ঘটনাৰ সন্দৰ্ভত পৰৱৰ্তী অনুসন্ধান চলাই আছে কংগুনাপ্ৰম আৰক্ষীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ