--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিজ পুত্ৰৰ কষ্ট, দুখ-বেদনা সহ্য কৰিব নোৱাৰি চিৰদিনৰ বাবে পৃথিৱীৰ পৰা বিদায় দিয়াৰ কথা চিন্তা কৰিলে এজন পিতৃয়ে৷ নিজ চকুৰ আগত সন্তানৰ মৃত্যু কোনো পিতৃ-মাতৃৱে চাব নিবিচাৰে কিন্তু কিমান কষ্টত ভুগি থাকিলে এজন পুত্ৰক পিতৃৱে নিজেই বিদায় জনাব পাৰে, সেই কথা নিশ্চয় ভাবিবলগীয়া৷ তামিলনাডু চালেমৰ পৰা আহিছে এক বেদনাদায়ক খবৰ৷ পেৰিয়াস্বামী নামৰ এজন লোকৰ ১৪ বছৰীয়া পুত্ৰ ভান্নাথমিজান এবছৰ দিন ধৰি হাড়ৰ কেন্সাৰ ৰোগত ভুগি আছিল৷

কেন্সাৰে গ্ৰাস কৰা ভান্নাথমিজানৰ জীৱন তিলতিলকৈ মৃত্যুৰ মুখলৈ গতি কৰিলে৷ যোৱা এবছৰে বিষত কেঁকাই গেঁথাই থকা পুত্ৰক দেখি নীৰৱে চকুলো টুকে পেৰিয়াস্বামীয়ে৷ পুত্ৰ ভান্নাথমিজানক সুস্থ কৰি তুলিবলৈ তেওঁ বহু চিকিৎসাও কৰালে কিন্তু কোনো ফল নধৰিল৷ দিনে-ৰাতিয়ে বিষত কান্দি থকা পুত্ৰক দেখি পিতৃ পেৰিয়াস্বামীয়ে এক কঠোৰ সিদ্ধান্ত লবলৈ বাধ্য হ'ল৷ পু্ত্ৰক এই যমৰ যাতনাৰ পৰা মুক্তি দিবলৈ পেৰিয়াস্বামীয়ে তেওঁৰ ভেঙ্কটেশন নামৰ এজন বন্ধুক যোগাযোগ কৰে৷ ভেঙ্কটেশন এগৰাকী ৰসায়নবিদ৷ তেওঁৰ আছে নিজা পৰীক্ষাগাৰ৷

বন্ধু ভেঙ্কটেশনক নিজ পুত্ৰৰ বেদনাৰ কথা তেওঁ খুলি কয়৷ পেৰিয়াস্বামীয়ে কিবা এটা উপায় দিয়াৰ কথা কয় বন্ধুক৷ বন্ধুৰ মৰ্মবেদনা বুজিব পাৰি ভেঙ্কটেশনে তেওঁৰ চিকিৎসক বন্ধু প্ৰভুৰ সৈতে যোগাযোগ কৰে৷ কেনেকৈ এই দুখ-কষ্টৰ পৰা ভান্নাথমিজানক মুক্তি দিব পাৰি,তিনিও সেই কথা আলচ কৰিলে৷ এই আলোচনাৰ পিছত ভেঙ্কটেশন আৰু প্ৰভূৱে পেৰিয়াস্বামীক এটা বেজী হাতত তুলি দিয়ে আৰু ঘৰলৈ গৈ সেই বেজী পুত্ৰক দিবলৈ কয়৷

ঘৰলৈ গৈ পুত্ৰ ভান্নাথমিজনক এই বেজী দিয়ে পেৰিয়াস্বামীয়ে৷ যাৰ ফলত মৃত্যুক সাৱটি লয় ভান্নাথমিজনে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চিকিৎসক প্ৰভুৱে তিনিটা ঔষধৰ মিশ্ৰণ বেজী দিছিল৷ এই বেজীৰ 'অভাৰ ডোজ'ৰ বাবে মৃত্যুমুখত পৰে কিশোৰটি৷ গোচৰটো পোহৰলৈ অহাৰ পাছত পেৰিয়াস্বামী, ভেঙ্কটেশন আৰু প্ৰভুক তামিলনাডুৰ কংগুনাপ্ৰম আৰক্ষীয়ে ধাৰা ১০৯(অপৰাধৰ বাবে প্ৰৰোচিত)ৰ অধীনত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে৷ ঘটনাৰ সন্দৰ্ভত পৰৱৰ্তী অনুসন্ধান চলাই আছে কংগুনাপ্ৰম আৰক্ষীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু