--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘থাৰ কিছকে সাথ থী?’…
: ভাইয়া কে সাথ থী…
: মতলব সব উনহী কে লোগ থে না…?
: হা সব উনহী কে লোগ থে…

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত মন্ত্ৰীপুত্ৰই সংঘটিত কৰা দুষ্কাৰ্যৰ আন এক চাঞ্চল্যকৰ প্ৰমাণ পোহৰলৈ আহিছে। এগৰাকী আৰক্ষী বিষয়াই এই ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত থকা এজন লোকক জেৰাৰ কৰাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। মাটিত লেপেটা কাঢ়ি বহি লোৱা লোকজনে হাতত এটা মাইক্ৰ’ফোন লৈ থকা এজন আৰক্ষীৰ লোকে বিভিন্ন প্ৰশ্ন কৰিছে আৰু লোকজনে উত্তৰত অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ গাড়ীয়েই এই ঘটনা সংঘটিত কৰিছিল বুলি প্ৰকাশ কৰিছে।

মাইক্ৰ’ফোন লৈ থকা আৰক্ষীৰ বিভিন্ন প্ৰশ্ন

প্ৰতিবাদী কৃষকক মহতীয়াই নিয়া ক’লা ৰঙৰ মহিন্দ্ৰা থাৰ গাড়ীখনত আশীষ মিশ্ৰই আছিল আৰু আনকেইখন গাড়ীতো তেওঁৰে লোক আছিল বুলি স্বীকাৰোক্তি দিয়ে লোকজনে। লক্ষ্ণৌৰ চাৰবাগ এলেকাত ঘটনাৰ চাক্ষুস সাক্ষী লোকজনক বিভিন্ন প্ৰশ্ন কৰে আৰক্ষীয়ে। লোকজন এই ঘটনা সংঘটিত হোৱাৰ সময়ত আন পাঁচজন লোকৰ সৈতে এখন ক’লা ৰঙৰ ফৰচুনাৰত আছিল। তেওঁ ফৰচুনাৰখনৰ পিছৰ ছীটত বহি আছিল আৰু আন পাঁচজন লোক তেওঁলোকৰ সৈতে আছিল। তেওঁলোকৰ আগে আগে যোৱা মহিন্দ্ৰা থাৰখনে প্ৰতিবাদৰত কৃষকসকলক মহতীয়াই নিছিল।

থাৰখনত ভাইয়া আৰ্থাৎ আশীষ মিশ্ৰই আছিল বুলি লোকজনে দাবী কৰিছে। আৰক্ষীৰ জেৰাৰ এই ভিডিঅ’টো বিৰোধী দলৰ বিভিন্নজন নেতাৰ লগতে বিজেপিৰ সাংসদ বৰুণ গান্ধীয়েও শ্বেয়াৰ কৰিছে। উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত চাৰিজনকৈ কৃষকক গাড়ীৰে মহতীয়াই নি হত্যা কৰা অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ বিৰুদ্ধে পোণপতীয়া অভিযোগ উঠিছে যদিও তেওঁক এতিয়ালৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশজুৰি। এই ভয়ংকৰ ঘটনাৰ ভিডিঅ’ তথা শেহতীয়াকৈ এই সাক্ষীজনৰ ভাষ্যই মন্ত্ৰীপুত্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰক্ষীক বাধ্য কৰে নে নাই সেয়া সময়েহে ক’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ