--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘থাৰ কিছকে সাথ থী?’…
: ভাইয়া কে সাথ থী…
: মতলব সব উনহী কে লোগ থে না…?
: হা সব উনহী কে লোগ থে…

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত মন্ত্ৰীপুত্ৰই সংঘটিত কৰা দুষ্কাৰ্যৰ আন এক চাঞ্চল্যকৰ প্ৰমাণ পোহৰলৈ আহিছে। এগৰাকী আৰক্ষী বিষয়াই এই ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত থকা এজন লোকক জেৰাৰ কৰাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। মাটিত লেপেটা কাঢ়ি বহি লোৱা লোকজনে হাতত এটা মাইক্ৰ’ফোন লৈ থকা এজন আৰক্ষীৰ লোকে বিভিন্ন প্ৰশ্ন কৰিছে আৰু লোকজনে উত্তৰত অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ গাড়ীয়েই এই ঘটনা সংঘটিত কৰিছিল বুলি প্ৰকাশ কৰিছে।

মাইক্ৰ’ফোন লৈ থকা আৰক্ষীৰ বিভিন্ন প্ৰশ্ন

প্ৰতিবাদী কৃষকক মহতীয়াই নিয়া ক’লা ৰঙৰ মহিন্দ্ৰা থাৰ গাড়ীখনত আশীষ মিশ্ৰই আছিল আৰু আনকেইখন গাড়ীতো তেওঁৰে লোক আছিল বুলি স্বীকাৰোক্তি দিয়ে লোকজনে। লক্ষ্ণৌৰ চাৰবাগ এলেকাত ঘটনাৰ চাক্ষুস সাক্ষী লোকজনক বিভিন্ন প্ৰশ্ন কৰে আৰক্ষীয়ে। লোকজন এই ঘটনা সংঘটিত হোৱাৰ সময়ত আন পাঁচজন লোকৰ সৈতে এখন ক’লা ৰঙৰ ফৰচুনাৰত আছিল। তেওঁ ফৰচুনাৰখনৰ পিছৰ ছীটত বহি আছিল আৰু আন পাঁচজন লোক তেওঁলোকৰ সৈতে আছিল। তেওঁলোকৰ আগে আগে যোৱা মহিন্দ্ৰা থাৰখনে প্ৰতিবাদৰত কৃষকসকলক মহতীয়াই নিছিল।

থাৰখনত ভাইয়া আৰ্থাৎ আশীষ মিশ্ৰই আছিল বুলি লোকজনে দাবী কৰিছে। আৰক্ষীৰ জেৰাৰ এই ভিডিঅ’টো বিৰোধী দলৰ বিভিন্নজন নেতাৰ লগতে বিজেপিৰ সাংসদ বৰুণ গান্ধীয়েও শ্বেয়াৰ কৰিছে। উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত চাৰিজনকৈ কৃষকক গাড়ীৰে মহতীয়াই নি হত্যা কৰা অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ বিৰুদ্ধে পোণপতীয়া অভিযোগ উঠিছে যদিও তেওঁক এতিয়ালৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশজুৰি। এই ভয়ংকৰ ঘটনাৰ ভিডিঅ’ তথা শেহতীয়াকৈ এই সাক্ষীজনৰ ভাষ্যই মন্ত্ৰীপুত্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰক্ষীক বাধ্য কৰে নে নাই সেয়া সময়েহে ক’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু