--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পুত্ৰৰ কু-কীৰ্তিত নগুৰ শাস্তি ভুগিব লগা হৈছে বাদশ্বাহ পৰিয়ালে। নাক কোঁচাইছে সাধাৰণ নাগৰিকে। বলীউডৰ ভিতৰত একতা থাকিলেও সাধাৰণ নাগৰিকৰ সমালোচনাৰ পৰা হাত সাৰি যোৱা নাই বাদশ্বাহ তনয় আৰিয়ান। আৰিয়ানৰ শেহতীয়া কাণ্ডৰ পাছতে স্বাভাৱিকতে তিক্ত সমালোচনাৰ সন্মুখীন হৈছে তাৰকা পৰিয়াল। বাদশ্বাহ তনয় গ্ৰেপ্তাৰ হোৱাৰ পাছতে সাধাৰণ নাগৰিকৰ সুৰতে সুৰ মিলাইছে লেখিকা শোভা দে’-এ। শ্বাহৰুখ পুত্ৰৰ গ্ৰেপ্তাৰ সন্দৰ্ভত স্পৰ্শকাতৰ মন্তব্য লেখিকাৰ। তেওঁ কয় যে, ‘এনে স্পৰ্শকাতৰ ঘটনাই আচলতে সকলোকে, বিশেষকৈ পিতৃ-মাতৃক জোকাৰি যোৱা উচিত।’

পুত্ৰৰ কু-কীৰ্তিত নগুৰ শাস্তি ভুগিব লগা হৈছে বাদশ্বাহ পৰিয়ালে ...

সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ পোৱাৰ পাছতে লেখিকাগৰাকীয়ে ছবিখন ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। ছবিখন প্ৰকাশ পোৱাৰ লগে লগে কমেণ্টেৰে ভৰি পৰিছে। অভিনেতা হৃত্বিক ৰোশনৰ একালৰ পত্নী সুজানা খানেও মতামত ব্যক্ত কৰিছে। শোভাৰ বক্তব্যৰ বিৰোধিতা কৰি হৃত্বিক পত্নীয়ে কয় যে, ‘আৰিয়ানক গ্ৰেপ্তাৰ কৰাটো প্ৰকৃততে ‘ডাইনী বিচাৰি থকা’ৰ দৰে। আৰিয়ানৰ ইয়াত কোনো ভূমিকা নাই। আৰিয়ান ভুল সময়ত ভুল ঠাইত আছিল। এনেধৰণৰ ঘটনা দুৰ্ভাগ্যজনক। কাৰণ, আৰিয়ান এজন ভাল ল’ৰা। আৰিয়ান নিৰ্দোষী, মই গৌৰী আৰু শ্বাহৰুখৰ পক্ষত থিয় দিছো।’

এনেধৰণৰ ঘটনা দুৰ্ভাগ্যজনক। কাৰণ, আৰিয়ান এজন ভাল ল’ৰা। আৰিয়ান নিৰ্দোষী, মই গৌৰী আৰু শ্বাহৰুখৰ পক্ষত থিয় দিছো।’

সুজানাৰ বাহিৰে আন কেইবাজনেও আৰিয়ানৰ পক্ষ লোৱা দেখা গৈছে। অৱশ্যে, আৰিয়ান কাণ্ডক ধিক্কাৰ বাণীৰে থকা-সৰকা কৰা মন্তব্যৰ সংখ্যাও কম নহয়। কিছুমানে আৰিয়ানৰ গ্ৰেপ্তাৰৰ বিষয়ে শুনিবলৈ পোৱাৰ লগে লগে শ্বাহৰুখৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছিল টুইটাৰত। পূজাভাটে টুইটযোগে শ্বাহৰুখৰ কথা উল্লেখ কৰি লিখিছিল, ‘মই আপোনাৰ সৈতে আছোঁ। মোৰ বিশ্বাস আপুনি এই কঠিন সময় অতিক্ৰম কৰিবলৈ সক্ষম হ’ব।’বহি থকা নাই সুনীল ছেট্টীও। এটা টুইটত তেওঁ কয়, ‘তদন্ত আৰম্ভ হৈছে। সৰু ল’ৰাটোক অলপ উশাহ ল'বলৈ দিয়ক।’আৰিয়ানৰ কাণ্ডই নাম নুমাব নেকি বলীউড বাদশ্বাহ শ্বাহৰুখ খানৰ? তেনে কেতবোৰ প্ৰশ্নই চৰ্চা লাভ কৰিছে বলীউডত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি অসমীয়াৰ হেঁপাহৰ কাতি বিহু; মংগল হওক সকলোৰে
আপুনি Meta ৰ Messenger app ব্যৱহাৰ কৰে নেকি? শীঘ্ৰেই বন্ধ হ'ব এই Messenger App
বায়ুমণ্ডলত অভাৱনীয় হাৰত বৃদ্ধি কাৰ্বন-ডাই-অক্সাইড, বায়ুমণ্ডল, মহাসাগৰ, স্থলভাগৰ জীৱকুলৰ ভাৰসাম্য নোহোৱা হৈছে
জুবিনৰ স্থায়ী সমাধিক্ষেত্র, ফাষ্টট্রেক আদালত, মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
বাৰিষাতে ৰাজ্যত হ্রাস চাহৰ উৎপাদন, চাহ ব'ৰ্ডৰ উদ্বেগজনক তথ্য
IRCTCৰ ৱেবছাইট আৰু এপ ডাউন, চিন্তিত হাজাৰ হাজাৰ যাত্ৰী
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে