--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পুত্ৰৰ কু-কীৰ্তিত নগুৰ শাস্তি ভুগিব লগা হৈছে বাদশ্বাহ পৰিয়ালে। নাক কোঁচাইছে সাধাৰণ নাগৰিকে। বলীউডৰ ভিতৰত একতা থাকিলেও সাধাৰণ নাগৰিকৰ সমালোচনাৰ পৰা হাত সাৰি যোৱা নাই বাদশ্বাহ তনয় আৰিয়ান। আৰিয়ানৰ শেহতীয়া কাণ্ডৰ পাছতে স্বাভাৱিকতে তিক্ত সমালোচনাৰ সন্মুখীন হৈছে তাৰকা পৰিয়াল। বাদশ্বাহ তনয় গ্ৰেপ্তাৰ হোৱাৰ পাছতে সাধাৰণ নাগৰিকৰ সুৰতে সুৰ মিলাইছে লেখিকা শোভা দে’-এ। শ্বাহৰুখ পুত্ৰৰ গ্ৰেপ্তাৰ সন্দৰ্ভত স্পৰ্শকাতৰ মন্তব্য লেখিকাৰ। তেওঁ কয় যে, ‘এনে স্পৰ্শকাতৰ ঘটনাই আচলতে সকলোকে, বিশেষকৈ পিতৃ-মাতৃক জোকাৰি যোৱা উচিত।’

পুত্ৰৰ কু-কীৰ্তিত নগুৰ শাস্তি ভুগিব লগা হৈছে বাদশ্বাহ পৰিয়ালে ...

সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ পোৱাৰ পাছতে লেখিকাগৰাকীয়ে ছবিখন ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। ছবিখন প্ৰকাশ পোৱাৰ লগে লগে কমেণ্টেৰে ভৰি পৰিছে। অভিনেতা হৃত্বিক ৰোশনৰ একালৰ পত্নী সুজানা খানেও মতামত ব্যক্ত কৰিছে। শোভাৰ বক্তব্যৰ বিৰোধিতা কৰি হৃত্বিক পত্নীয়ে কয় যে, ‘আৰিয়ানক গ্ৰেপ্তাৰ কৰাটো প্ৰকৃততে ‘ডাইনী বিচাৰি থকা’ৰ দৰে। আৰিয়ানৰ ইয়াত কোনো ভূমিকা নাই। আৰিয়ান ভুল সময়ত ভুল ঠাইত আছিল। এনেধৰণৰ ঘটনা দুৰ্ভাগ্যজনক। কাৰণ, আৰিয়ান এজন ভাল ল’ৰা। আৰিয়ান নিৰ্দোষী, মই গৌৰী আৰু শ্বাহৰুখৰ পক্ষত থিয় দিছো।’

এনেধৰণৰ ঘটনা দুৰ্ভাগ্যজনক। কাৰণ, আৰিয়ান এজন ভাল ল’ৰা। আৰিয়ান নিৰ্দোষী, মই গৌৰী আৰু শ্বাহৰুখৰ পক্ষত থিয় দিছো।’

সুজানাৰ বাহিৰে আন কেইবাজনেও আৰিয়ানৰ পক্ষ লোৱা দেখা গৈছে। অৱশ্যে, আৰিয়ান কাণ্ডক ধিক্কাৰ বাণীৰে থকা-সৰকা কৰা মন্তব্যৰ সংখ্যাও কম নহয়। কিছুমানে আৰিয়ানৰ গ্ৰেপ্তাৰৰ বিষয়ে শুনিবলৈ পোৱাৰ লগে লগে শ্বাহৰুখৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছিল টুইটাৰত। পূজাভাটে টুইটযোগে শ্বাহৰুখৰ কথা উল্লেখ কৰি লিখিছিল, ‘মই আপোনাৰ সৈতে আছোঁ। মোৰ বিশ্বাস আপুনি এই কঠিন সময় অতিক্ৰম কৰিবলৈ সক্ষম হ’ব।’বহি থকা নাই সুনীল ছেট্টীও। এটা টুইটত তেওঁ কয়, ‘তদন্ত আৰম্ভ হৈছে। সৰু ল’ৰাটোক অলপ উশাহ ল'বলৈ দিয়ক।’আৰিয়ানৰ কাণ্ডই নাম নুমাব নেকি বলীউড বাদশ্বাহ শ্বাহৰুখ খানৰ? তেনে কেতবোৰ প্ৰশ্নই চৰ্চা লাভ কৰিছে বলীউডত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ