--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পঞ্জাব বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয় সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিছে এগৰাকী জ্যেষ্ঠ নেতাই। ৰাজস্থানৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক গেহলটে এই পৰাজয় সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিছে। এই পৰাজয়ৰ বাবে তেওঁ পঞ্জাব প্ৰদেশ কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাতকে জগৰীয়া কৰে।শাসনত থকা ৰাজ্যখনৰ পৰা তেওঁলোকৰ শোচনীয় ছন্দপতনে এতিয়া কংগ্ৰেছৰ অভ্যন্তৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ শোচনীয় পৰাজয়ক লৈ আজি অনুষ্ঠিত হৈ আছে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক। তাৰ পূৰ্বেই গুৰুত্বপূৰ্ণ মন্তব্য কৰে গেহলটে। ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘২০১৭ চনত কংগ্ৰেছ ঐক্যবদ্ধ হৈ আছিল আৰু আমি জয়ী হৈছিলোঁ। চন্নী মুখ্যমন্ত্ৰী হোৱাৰ পাছৰ পৰিৱেশো অনুকূল আছিল কিন্তু আভ্যন্তৰীণ সংঘাতৰ বাবে আমি পঞ্জাব বিধানসভা নিৰ্বাচনত পৰাজিত হ’বলগীয়া হ’ল।’ মন কৰিবলগীয়া যে, পঞ্জাব কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৰ বিসম্বাদৰ বাবেই ৰাজ্যখনত কংগ্ৰেছৰ ভেটি থৰক-বৰক হৈ পৰিছিল। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে পদত্যাগ কৰাৰ লগতে নিজাকৈ দল গঠন কৰি কংগ্ৰেছৰ ক্ষতিসাধন কৰে। কেৱল এয়াই নহয়, তাৰ পাছতো সিদ্ধুৱে নানা ল’ৰা-ধেমালি অব্যাহত ৰাখে নিজৰ আসনৰ পৰাই। নিৰ্বাচনৰ পূৰ্বেই তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ বাবেও প্ৰত্যক্ষভাৱে বিসম্বাদ কৰা দেখা যায়। আনকি তেওঁৰ পত্নী-কন্যায়ো এই বিতৰ্কত চামিল হৈ পৰে দৃষ্টিকটুভাৱে। ইয়াৰ প্ৰতিফল নিৰ্বাচনত ভোগ কৰিবলগীয়া হয় দলটোৱে। ইফালে, গান্ধী পৰিয়ালৰ ঘনিষ্ঠ নেতাগৰাকীয়ে ৰাহুল গান্ধীকে কংগ্ৰেছৰ মুৰব্বী হোৱাটো বিচাৰে বুলিও মন্তব্য কৰিছে। পাঁচ ৰাজ্যৰ নিৰ্বাচনী ব্যৰ্থতাৰ পাছত দলটোৱে আয়োজন কৰা ৱৰ্কিং কমিটীৰ বৈঠকৰ পূৰ্বে গেহলটে কয় যে, ৰাহুল গান্ধীয়ে দলৰ মুৰব্বীৰ দায়িত্ব লোৱা উচিত। ‘ৰাহুল গান্ধী দলৰ সভাপতি হোৱা উচিত। যোৱা তিনি দশক ধৰি, গান্ধী পৰিয়ালৰ কোনেও প্ৰধানমন্ত্ৰী বা মন্ত্ৰী হোৱা নাই। এই কথাটো বুজি পোৱাটো জৰুৰী যে গান্ধী পৰিয়াল কংগ্ৰেছৰ বাবে গুৰুত্বপূৰ্ণ।’ দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ (চিডব্লিউচি) বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে তেওঁ সংবাদ প্ৰতিষ্ঠান এএনআইক এই কথা কয়। তেওঁ লগতে কয় যে, ‘মেৰুকৰণৰ ৰাজনীতি সহজ। বিজেপিয়ে ছ'চিয়েল মিডিয়াত কংগ্ৰেছক মুছলমানৰ দল হিচাপে প্ৰচাৰ কৰিছিল। আমাৰ লক্ষ্য হৈছে দেশৰ অখণ্ডতা আৰু ঐক্য বজাই ৰখা। নিৰ্বাচনৰ সময়ত, ধৰ্মৰ প্ৰসংগক সদায়ে সন্মুখলৈ লৈ অহা হয়, কিন্তু মুদ্ৰাস্ফীতি আৰু নিবনুৱা আদিৰ দৰে বিষয়বোৰ সদায়ে ঢাক খুৱাই পেলোৱা হয়।’ যি সময়ত কংগ্ৰেছৰ বাহিৰে-ভিতৰে গান্ধী পৰিয়ালৰ বিৰু্দ্ধে অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে সেই সময়তে গেহলটৰ দৰে জ্যেষ্ঠ নেতাই ৰাহুলকে সভাপতি হিচাপে বিচৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক