--°C
Loading...
Listen to Article
2 min read
80%

এন্ধাৰ বাটৰ জোনাকী হৈ উজলিছে লাভ সিং উগোকে

ডিজিটেল ডেস্ক: মমতাময়ী মাতৃ তেওঁ৷ স্নেহৰ আঁচলেৰে আজিও আৱৰি ৰাখে পুত্ৰক৷ আৱৰ্জনা আঁতৰাই পঢ়াশালি পৰিষ্কাৰ কৰি ৰখাই তেওঁৰ কৰ্তব্য৷ তেওঁৰ দায়িত্ব৷ নিজৰ কৰ্তব্য সম্পাদন আৰু দায়িত্ব পালেনেৰে পুত্ৰক গঢ়ি তুলিলে সামাজিক-ৰাজনৈতিক দায়িত্ব পালনৰ বাবে উপযোগী৷ সদ্যসমাপ্ত পঞ্জাব বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীক পৰাস্ত কৰা আম আদমী পাৰ্টীৰ বিধায়কৰ মাতৃয়ে এতিয়াও চাফাই-কৰ্মী হিচাপে কাম কৰে৷ নৱনিৰ্বাচিত বিধায়ক লাভ সিং উগোকেয়ে বিদায়ী মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীক ভাদাউৰ আসনৰ পৰা ৩৭,৫৫০টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল৷ আম আদমী পাৰ্টিৰ বিধায়ক লাভ সিং উগোকেৰ মাতৃ বলদেৱ কৌৰে চৰকাৰী বিদ্যালয়ত চাফাই-কৰ্মী হিচাপে কৰ্মৰত, আনকি তেওঁৰ পুত্ৰই পঞ্জাবত বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতো তেওঁৰ কাম নিয়াৰিকৈ সম্পাদন কৰি গৈছে৷ উল্লেখযোগ্য যে, নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে পূৰ্বতে এখন মোবাইলৰ দোকানত মেকানিক হিচাপে কৰ্মৰত আছিল৷ বিধায়কগৰাকীৰ মাতৃ কৌৰে কয়, আমি সদায় টকা উপাৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছোঁ। মোৰ পুত্ৰৰ স্থিতি যিয়েই নহওক, মই বিদ্যালয়ত মোৰ কৰ্তব্য পালন কৰি যাম৷ আপ প্ৰাৰ্থী হিচাপে তেওঁৰ পুত্ৰৰ নিৰ্বাচনী প্ৰতীক আছিল ‘ঝাড়ু’৷ পুত্ৰৰ বিজয়ত আনন্দিত হৈ মাতৃগৰাকীয়ে কয় যে, ‘ঝাড়ু’ মোৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। তেওঁ লগতে কয়, যদিও তেওঁ (পুত্ৰ) ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল, তথাপিও আমি সদায় আত্মবিশ্বাসী আছিলোঁ যে মোৰ পুত্ৰ জিকিব৷ বিদ্যালয়খনৰে নীতি অমৃত পালে কয়, লাভ সিঙৰ মাতৃয়ে দীৰ্ঘদিন ধৰি এই বিদ্যালয়খনত চাফাই-কৰ্মী হিচাপে হিচাপে কাম কৰি আছে। লাভ সিঙে এই বিদ্যালয়তো পঢ়িছে। তেওঁ তেওঁৰ গাঁও আৰু বিদ্যালয়লৈ বহুতো সন্মান কঢ়িয়াই আনিছে। সিঙৰ দেউতাক দৰ্শন সিং, যিয়ে এগৰাকী শ্ৰমিক হিচাপে কৰ্মৰত, তেওঁ কয়, পৰিয়ালটো আগৰ দৰেই জীয়াই থাকিব। তেওঁ বিচাৰে যে তেওঁৰ পুত্ৰই পৰিয়ালৰ পৰিৱৰ্তে মানুহৰ কল্যাণৰ ওপৰত গুৰুত্ব দিয়ক। গাঁওখনৰ মানুহে তেওঁক নিৰ্বাচিত কৰিছিল। আমি বিচাৰো যে তেওঁ জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰি থাকক। আমি আগৰ দৰেই জীয়াই থাকিম৷ গাঁওবাসীয়ে তেওঁৰ বিজয়ত আনন্দিত হৈ কৈছিল যে তেওঁলোকে এতিয়াও বিশ্বাসেই কৰিব পৰা নাই যে তেওঁলোকে ইমান দিন ধৰি জনা উগোকে এতিয়া বিধায়ক হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য