--°C
Loading...
Listen to Article
2 min read
80%

এন্ধাৰ বাটৰ জোনাকী হৈ উজলিছে লাভ সিং উগোকে

ডিজিটেল ডেস্ক: মমতাময়ী মাতৃ তেওঁ৷ স্নেহৰ আঁচলেৰে আজিও আৱৰি ৰাখে পুত্ৰক৷ আৱৰ্জনা আঁতৰাই পঢ়াশালি পৰিষ্কাৰ কৰি ৰখাই তেওঁৰ কৰ্তব্য৷ তেওঁৰ দায়িত্ব৷ নিজৰ কৰ্তব্য সম্পাদন আৰু দায়িত্ব পালেনেৰে পুত্ৰক গঢ়ি তুলিলে সামাজিক-ৰাজনৈতিক দায়িত্ব পালনৰ বাবে উপযোগী৷ সদ্যসমাপ্ত পঞ্জাব বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীক পৰাস্ত কৰা আম আদমী পাৰ্টীৰ বিধায়কৰ মাতৃয়ে এতিয়াও চাফাই-কৰ্মী হিচাপে কাম কৰে৷ নৱনিৰ্বাচিত বিধায়ক লাভ সিং উগোকেয়ে বিদায়ী মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীক ভাদাউৰ আসনৰ পৰা ৩৭,৫৫০টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল৷ আম আদমী পাৰ্টিৰ বিধায়ক লাভ সিং উগোকেৰ মাতৃ বলদেৱ কৌৰে চৰকাৰী বিদ্যালয়ত চাফাই-কৰ্মী হিচাপে কৰ্মৰত, আনকি তেওঁৰ পুত্ৰই পঞ্জাবত বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতো তেওঁৰ কাম নিয়াৰিকৈ সম্পাদন কৰি গৈছে৷ উল্লেখযোগ্য যে, নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে পূৰ্বতে এখন মোবাইলৰ দোকানত মেকানিক হিচাপে কৰ্মৰত আছিল৷ বিধায়কগৰাকীৰ মাতৃ কৌৰে কয়, আমি সদায় টকা উপাৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছোঁ। মোৰ পুত্ৰৰ স্থিতি যিয়েই নহওক, মই বিদ্যালয়ত মোৰ কৰ্তব্য পালন কৰি যাম৷ আপ প্ৰাৰ্থী হিচাপে তেওঁৰ পুত্ৰৰ নিৰ্বাচনী প্ৰতীক আছিল ‘ঝাড়ু’৷ পুত্ৰৰ বিজয়ত আনন্দিত হৈ মাতৃগৰাকীয়ে কয় যে, ‘ঝাড়ু’ মোৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। তেওঁ লগতে কয়, যদিও তেওঁ (পুত্ৰ) ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল, তথাপিও আমি সদায় আত্মবিশ্বাসী আছিলোঁ যে মোৰ পুত্ৰ জিকিব৷ বিদ্যালয়খনৰে নীতি অমৃত পালে কয়, লাভ সিঙৰ মাতৃয়ে দীৰ্ঘদিন ধৰি এই বিদ্যালয়খনত চাফাই-কৰ্মী হিচাপে হিচাপে কাম কৰি আছে। লাভ সিঙে এই বিদ্যালয়তো পঢ়িছে। তেওঁ তেওঁৰ গাঁও আৰু বিদ্যালয়লৈ বহুতো সন্মান কঢ়িয়াই আনিছে। সিঙৰ দেউতাক দৰ্শন সিং, যিয়ে এগৰাকী শ্ৰমিক হিচাপে কৰ্মৰত, তেওঁ কয়, পৰিয়ালটো আগৰ দৰেই জীয়াই থাকিব। তেওঁ বিচাৰে যে তেওঁৰ পুত্ৰই পৰিয়ালৰ পৰিৱৰ্তে মানুহৰ কল্যাণৰ ওপৰত গুৰুত্ব দিয়ক। গাঁওখনৰ মানুহে তেওঁক নিৰ্বাচিত কৰিছিল। আমি বিচাৰো যে তেওঁ জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰি থাকক। আমি আগৰ দৰেই জীয়াই থাকিম৷ গাঁওবাসীয়ে তেওঁৰ বিজয়ত আনন্দিত হৈ কৈছিল যে তেওঁলোকে এতিয়াও বিশ্বাসেই কৰিব পৰা নাই যে তেওঁলোকে ইমান দিন ধৰি জনা উগোকে এতিয়া বিধায়ক হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক