--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাগতভাৱে প্ৰতিটো নিৰ্বাচনতে শোচনীয় ফলাফলেৰে সমসাময়িক ভাৰতীয় ৰাজনীতিত অপ্ৰাসংগিক হ’বলৈ গৈ থকা ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব সলনিৰ প্ৰসংগ এতিয়া দলটোৰ ভিতৰতে সীমাবদ্ধ হৈ থকা নাই৷ কংগ্ৰেছৰ নেতৃত্ব সলনিৰ প্ৰসংগত এইবাৰ সৰব হৈছে দেশৰ প্ৰখ্যাত ইতিহাসবিদ ৰামচন্দ্ৰ গুহ৷ শেহতীয়াকৈ ৰামচন্দ্ৰ গুহই মন্তব্য কৰিছে যে ভাৰতৰ ভালৰ বাবে তিনিজন গান্ধীয়ে তৎক্ষণাৎ ৰাজনীতিৰ পৰা অৱসৰ ল’ব লাগিব৷ ভাৰতৰ আগশাৰীৰ বুৰঞ্জীবিদগৰাকীয়ে কয় যে, ভাৰতীয়সকলে ‘পঞ্চম প্ৰজন্মৰ ৰাজবংশ’ অনুসৰণ বা প্ৰশংসা কৰাৰ সম্ভাৱনা নাই। ইতিহাসবিদ তথা দেশৰ আগশাৰীৰ ৰাজনৈতিক ভাষ্যকাৰ ৰামচন্দ্ৰ গুহই কৈছে যে, তিনিওজন গান্ধীয়ে তেওঁলোকৰ দলৰ মংগলৰ লগতে দেশৰ মংগলৰ বাবে তৎক্ষণাৎ ৰাজনীতিৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ ল’ব লাগিব৷ তেওঁ লগতে কয় যে, গান্ধী পৰিয়ালৰ সদস্যসকলে কেৱল দলৰ নেতৃত্বৰ পৰা প্ৰস্থান কৰাই নহয়, ৰাজনীতিও সম্পূৰ্ণৰূপে এৰি দিব লাগিব। দেশৰ এটা স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰে হোৱা সাক্ষাৎকাৰত গুহই তিনিগান্ধীয়ে কিয় সম্পূৰ্ণৰূপে ৰাজনীতিৰ পৰা অৱসৰ লোৱা উচিত, তাৰ এক বিশ্লেষণ আগবঢ়ায়৷ ৰামচন্দ্ৰ গুহই ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ ৰাজনৈতিক বুদ্ধিমত্তাৰ অভাৱক কংগ্ৰেছৰ বিপৰ্যয়ৰ অন্যতম কাৰণ হিচাপে অভিহিত কৰে৷ তেওঁ কয়, গান্ধী পৰিয়াল হিন্দুত্ববাদী আধিপত্যবাদৰ সক্ৰিয় সহায়ক হৈ পৰিছে৷ কংগ্ৰেছত তেওঁলোকৰ উপস্থিতিৰ সুযোগ লৈ মোদী আৰু বিজেপিয়ে তেওঁলোকৰে অতীত সম্পৰ্কে বিতৰ্কৰ সৃষ্টি কৰি বৰ্তমান চৰকাৰৰ বিফলতাৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰ কৰাতো সহজ কৰি তুলিছে৷ গুহই লগতে কৈছিল, আন এটা কাৰণ হ’ল তিনি গান্ধীৰ পঞ্চম প্ৰজন্মৰ ৰাজবংশ গ্ৰহণ নকৰা সাধাৰণ ভাৰতীয় লোকসকলৰ সৈতে সম্পৰ্ক নাই আৰু জনসাধাৰণৰ আকাংক্ষাক বুজি নাপায়।সাক্ষাৎকাৰত ৰামচন্দ্ৰ গুহই কয়, আজিৰ ভাৰতীয়সকলে পঞ্চম প্ৰজন্মৰ ৰাজবংশীক নহয়, স্ব-নিৰ্মিত ৰাজনীতিবিদসকলক প্ৰশংসা, সন্মান আৰু অনুসৰণ কৰাৰ সম্ভাৱনা অধিক। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বত থকা তিনি গান্ধীৰ বিষয়ে উল্লেখ কৰি ইতিহাসবিদগৰাকীয়ে কয়, তিনিওগৰাকী কংগ্ৰেছৰ পুনৰুজ্জীৱিতকৰণত বাধা আৰু মোদী আৰু শ্বাহৰ বাবে হৈ পৰিছে আশীৰ্বাদ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে