--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাগতভাৱে প্ৰতিটো নিৰ্বাচনতে শোচনীয় ফলাফলেৰে সমসাময়িক ভাৰতীয় ৰাজনীতিত অপ্ৰাসংগিক হ’বলৈ গৈ থকা ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব সলনিৰ প্ৰসংগ এতিয়া দলটোৰ ভিতৰতে সীমাবদ্ধ হৈ থকা নাই৷ কংগ্ৰেছৰ নেতৃত্ব সলনিৰ প্ৰসংগত এইবাৰ সৰব হৈছে দেশৰ প্ৰখ্যাত ইতিহাসবিদ ৰামচন্দ্ৰ গুহ৷ শেহতীয়াকৈ ৰামচন্দ্ৰ গুহই মন্তব্য কৰিছে যে ভাৰতৰ ভালৰ বাবে তিনিজন গান্ধীয়ে তৎক্ষণাৎ ৰাজনীতিৰ পৰা অৱসৰ ল’ব লাগিব৷ ভাৰতৰ আগশাৰীৰ বুৰঞ্জীবিদগৰাকীয়ে কয় যে, ভাৰতীয়সকলে ‘পঞ্চম প্ৰজন্মৰ ৰাজবংশ’ অনুসৰণ বা প্ৰশংসা কৰাৰ সম্ভাৱনা নাই। ইতিহাসবিদ তথা দেশৰ আগশাৰীৰ ৰাজনৈতিক ভাষ্যকাৰ ৰামচন্দ্ৰ গুহই কৈছে যে, তিনিওজন গান্ধীয়ে তেওঁলোকৰ দলৰ মংগলৰ লগতে দেশৰ মংগলৰ বাবে তৎক্ষণাৎ ৰাজনীতিৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ ল’ব লাগিব৷ তেওঁ লগতে কয় যে, গান্ধী পৰিয়ালৰ সদস্যসকলে কেৱল দলৰ নেতৃত্বৰ পৰা প্ৰস্থান কৰাই নহয়, ৰাজনীতিও সম্পূৰ্ণৰূপে এৰি দিব লাগিব। দেশৰ এটা স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰে হোৱা সাক্ষাৎকাৰত গুহই তিনিগান্ধীয়ে কিয় সম্পূৰ্ণৰূপে ৰাজনীতিৰ পৰা অৱসৰ লোৱা উচিত, তাৰ এক বিশ্লেষণ আগবঢ়ায়৷ ৰামচন্দ্ৰ গুহই ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ ৰাজনৈতিক বুদ্ধিমত্তাৰ অভাৱক কংগ্ৰেছৰ বিপৰ্যয়ৰ অন্যতম কাৰণ হিচাপে অভিহিত কৰে৷ তেওঁ কয়, গান্ধী পৰিয়াল হিন্দুত্ববাদী আধিপত্যবাদৰ সক্ৰিয় সহায়ক হৈ পৰিছে৷ কংগ্ৰেছত তেওঁলোকৰ উপস্থিতিৰ সুযোগ লৈ মোদী আৰু বিজেপিয়ে তেওঁলোকৰে অতীত সম্পৰ্কে বিতৰ্কৰ সৃষ্টি কৰি বৰ্তমান চৰকাৰৰ বিফলতাৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰ কৰাতো সহজ কৰি তুলিছে৷ গুহই লগতে কৈছিল, আন এটা কাৰণ হ’ল তিনি গান্ধীৰ পঞ্চম প্ৰজন্মৰ ৰাজবংশ গ্ৰহণ নকৰা সাধাৰণ ভাৰতীয় লোকসকলৰ সৈতে সম্পৰ্ক নাই আৰু জনসাধাৰণৰ আকাংক্ষাক বুজি নাপায়।সাক্ষাৎকাৰত ৰামচন্দ্ৰ গুহই কয়, আজিৰ ভাৰতীয়সকলে পঞ্চম প্ৰজন্মৰ ৰাজবংশীক নহয়, স্ব-নিৰ্মিত ৰাজনীতিবিদসকলক প্ৰশংসা, সন্মান আৰু অনুসৰণ কৰাৰ সম্ভাৱনা অধিক। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বত থকা তিনি গান্ধীৰ বিষয়ে উল্লেখ কৰি ইতিহাসবিদগৰাকীয়ে কয়, তিনিওগৰাকী কংগ্ৰেছৰ পুনৰুজ্জীৱিতকৰণত বাধা আৰু মোদী আৰু শ্বাহৰ বাবে হৈ পৰিছে আশীৰ্বাদ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক