--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক শোকাৱহ পথ দুৰ্ঘটনাত নিঃশেষ হ’ল এটা পৰিয়াল। পৰিয়ালটোৰ ডাঙৰ জনী জীয়ৰীয়ে বহুজাতিক মাল্টিনেচনেল কোম্পানীত লাভ কৰিছিল এটা নতুন চাকৰি। বৰ জীয়ৰীয়ে মাহে ৮ লাখ ৫০ হাজাৰ দৰমহাৰ চাকৰি পোৱাৰ খবৰে আনন্দিত কৰি তুলিছিল পিতৃ-মাতৃৰ লগতে ভায়েক আৰু ভনীয়েকক। এই ভাল খবৰটোৰ বাবে মাতা মনসা দেৱীৰ মন্দিৰত মূৰ দোঁৱাবলৈ গৈছিল পৰিয়ালটো। কিন্তু উভতি অহাৰ সময়ত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত শেষ হৈ গল সকলো সোণালী সপোন।

দেওবাৰে নিশা পঞ্জাৱৰ পাটিয়ালা-চাংৰুৰ পথৰ ভাক্ৰা খালত নিয়ন্ত্ৰণ হেৰুৱাই পৰিয়ালটোৱে যাত্ৰা কৰা চুইফ্ট গাড়ীখন বাগৰি পৰে। এই দুৰ্ঘটনাত মাতৃ আৰু জ্যেষ্ঠ কন্যাৰ মৃত্যু ঘটাৰ লগতে পৰিয়ালৰ বাকী তিনিজন সদস্য সন্ধানহীন হৈ আছে।উল্লেখ্য যে, বাহনখনৰ ভিতৰত আছিল ভাটিণ্ডাৰ ৰামপুৰা ফুলৰ নিবাসী জচবিন্দৰ কুমাৰ (৫২), তেওঁৰ পত্নী নীলম গাৰ্গ (৫০), দুই কন্যা সমীতা গাৰ্গ (২৬), ঈশা গাৰ্গ (২৪) আৰু পুত্ৰ পিৰু গাৰ্গ (৯)।

এজন প্ৰত্যক্ষদর্শীয়ে খালত গাড়ীখন ডুব যোৱা প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়াত ডুবাৰু বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। কিন্তু ঘন কুঁৱলী আৰু ঠাণ্ডাৰ বাবে ডুবাৰু বাহিনীয়ে ডুব যোৱা বাহনখনৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়। সোমবাৰে পুৱা প্ৰায় ৮ বজাত পুনৰ ডুবাৰু বাহিনীয়ে অভিযান চলোৱাত বাহনখনৰ লগতে মাতৃ নীলম গাৰ্গ আৰু জ্যেষ্ঠ কন্যা সমীতা গাৰ্গৰ মৃতদেহ উদ্ধাৰ হয়। অৱশ্যে এতিয়াও পৰিয়ালটোৰ আন তিনিজন সদস্য সন্ধানহীন হৈ আছে।

আৰক্ষীয়ে ধাৰা ১৭৪ চিআৰপিচিৰ অধীনত এটা গোচৰ ৰুজু কৰিছে আৰু অভিযান অব্যাহত ৰাখিছে। সমীতা গাৰ্গে ভাটিণ্ডাৰ এটা বহুজাতিক কোম্পানীত ৮.৫ লাখৰ পেকেজত নিযুক্তি লাভ কৰিছিল। এই আনন্দতে দেওবাৰে প্ৰথমে ঘৰত এক ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। তাৰ পিছত পৰিয়াটোৱে মূৰ দোঁৱাবলৈ পঞ্চকুলাৰ মাতা মনসা দেৱী মন্দিৰলৈ যায়। কিন্তু বাটত ৰৈ আছিল কাল নিয়তি। শেষ হৈ গ'ল সুন্দৰ আৰু সুখী বুলি পৰিচিত এটা পৰিয়াল। এই শোকাৱহ দুৰ্ঘটনাই সমগ্ৰ পঞ্জাৱতে পেলাইছে গভীৰ শোকৰ ছাঁ।

আৰু পঢ়কঃ ‘ভাল ল’ৰাই মাকক আমনি নকৰে’; সদ্যজাত শিশুক বুজনি চিকিৎসকৰ, ভিডিঅ’ ভাইৰেল


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা