--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক’ভিডৰ প্ৰথম ঢৌক যদিও ভাৰতে সমগ্ৰ পৰিস্থিতিতো নিয়ন্ত্ৰণত ৰাখিব পাৰিছিল যদিও ক’ভিডৰ দ্বিতীয় লহৰে সমগ্ৰ দেশতে বিভীষিকাৰ সৃষ্টি কৰিলে৷ এই পৰিস্থিতিত দেশৰ অৰ্থনৈতিক ক্ৰিয়াকৰ্ম স্তব্ধ হৈ পৰিছে৷ লগতে সামগ্ৰীৰ দাম বৃদ্ধি হৈছে ৷ এই মহামাৰী কৱলত পৰি বিশ্বৰ সকলো দেশৰ অৰ্থনৈতিক অৱস্থা একেবাৰে বেয়াৰ দিশলৈ গতি কৰিছে, সেয়া লাগিলে উদ্যোগিক ক্ষেত্ৰতে হওক, কৃষি খণ্ড বা আন অৰ্থনৈতিক ক্ষেত্ৰত সকলোৰে অৱস্থা নাজল-নাথল৷ মুষ্টিমেয় ধনী আৰু বৃহৎ সংখ্যক দৰিদ্ৰৰে দুখন ভাৰতৰ জন্ম হ’ল৷

এইক্ষেত্ৰত ভাৰতৰো অৰ্থনৈতিক অৱস্থা একেবাৰে পুতৌলগা৷ বিশেষকৈ ইমান দীঘলীয়া লকডাউনৰ ফলত দৰিদ্ৰ শ্ৰেণীটোৱে কেনেদৰে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা-সামগ্ৰী লাভ কৰিব সেই বিষয়ে এটা শব্দও নোকোৱাকৈ আগন্তুক বিপদৰ আগজাননী দি আমাক উৎকণ্ঠাৰ মাজলৈ ঠেলি দিলে চৰকাৰে। চহৰ এৰি গাঁৱলৈ যাবলৈ সাজু হোৱা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবেও এই যাত্ৰা সুগম নাছিল।। ৰবি শস্য চপাবলৈ নোপোৱা বা চপোৱাৰ পাছতো বজাৰলৈ উলিয়াই দিবলৈ সক্ষম নোহোৱা কৃষকৰ কাৰণেও এয়া সহজ নহয়।

শেহতীয়াকৈ এখন পত্ৰত প্ৰকাশ পাইছে যে কোভিড-১৯ মহামাৰীৰ সময়ত লাখ লাখ ভাৰতীয়ক দৰিদ্ৰতাৰ ফালে ঠেলি দিয়া হৈছিল, প্ৰাৰম্ভিক কঠোৰ লকডাউনৰ পিছৰ সময়ছোৱাত দেশত উপাৰ্জনৰ বৈষম্য হ্ৰাস পাইছিল৷

National Bureau of Economic Research (NBER) পত্ৰত প্ৰকাশ পোৱা তথ্য অনুসৰি, ভাৰতত মহামাৰী সময়ত দুটা ক্ষেত্ৰত বৈষম্য হ্ৰাস পাইছিল। প্ৰথমটো আছিল যে উচ্চ উপাৰ্জন গোটৰ ভাৰতীয়সকলৰ উপাৰ্জন দৰিদ্ৰতকৈ অধিক হ্ৰাস হৈছিল, আৰু দ্বিতীয়টো আছিল অৰ্থ ব্যৱহাৰৰ ক্ষেত্ৰতো বৈষম্যও হ্ৰাস পাইছিল। এই অধ্যায়নটোত অধ্যয়নটোৰ নেতৃত্ব দিছিল তিনিজন অৰ্থনৈতিক পণ্ডিতে, তেওঁলোক হ’ল - নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ ষ্টাৰ্ণ স্কুল অফ বিজনেছৰ অৰ্পিত গুপ্তা আৰু চিকাগো বিশ্ববিদ্যালয়ৰ আইন বিদ্যালয়ৰ অনুপ মালানি আৰু বাৰ্টোজ ৱোডা।

গৱেষকসকলৰ তথ্যৰ মুখ্য উৎস আছিল ভাৰতীয় অৰ্থনীতি নিৰীক্ষণ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত উপভোক্তা পিৰামিডৰ ঘৰুৱা জৰীপ , য'ত ১.৯৭ লাখ পৰিয়ালৰ নমুনা আছে, জানুৱাৰী ২০১৫ৰ পৰা জুলাই ২০২১ লৈ বিত্তীয় তথ্য তেওঁলোকৰ ওচৰত উপলব্ধ। অধ্যয়নটোৰ আটাইতকৈ লক্ষণীয় ফলাফল হ’ল যে, লকডাউন প্ৰত্যাহাৰ কৰাৰ পৰৱৰ্তী মাহবোৰত উপাৰ্জনৰ বৈষ্যমতা বৃদ্ধি পাইছে৷

বিশ্ব বৈষম্য প্ৰতিবেদন ২০২২ অনুসৰি, শীৰ্ষ ১০ শতাংশ ভাৰতীয়ৰ গড় উপাৰ্জন তলৰ ৫০ শতাংশতকৈ বেছি প্ৰায় ৯৬ গুণ অধিক আছিল। একেদৰে, অক্সফাম ইণ্টাৰনেচনেলে দাবী কৰিছিল যে ২০২১ বৰ্ষত ভাৰতৰ শীৰ্ষ ১ শতাংশৰ ওচৰতে দেশৰ প্ৰায় ৭৭ শতাংশ সম্পদৰ আছিল।

অধ্যয়নটোৱে দেখুৱাইছে যে ভাৰতত উপাৰ্জনৰ বৈষম্য হ্ৰাস হোৱাৰ কাৰণ হৈছে মহামাৰীৰ সময়ত হ্ৰাস হোৱা উচ্চ আয়ৰ পৰিয়ালৰ উপাৰ্জন। অৰ্থনীতিবিদসকলে দাবী কৰিছে যে মহামাৰীৰ সময়ত "দৰিদ্ৰতা যথেষ্ট বৃদ্ধি" হৈছিল, সেইয়া মূলত লকডাউনৰ বাবে৷ দৰিদ্ৰতা বৃদ্ধি হোৱা স্বত্বেও, নগৰ আৰু গ্ৰাম্য দুয়োটা অঞ্চলতে উপাৰ্জনৰ বৈষম্য হ্ৰাস পাইছিল। মুষ্টিমেয় ধনী আৰু বৃহৎ সংখ্যক দৰিদ্ৰৰে দুখন ভাৰতৰ জন্ম হ’ল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচলৰ পাগলামত বিচৰণ ডিব্ৰু-ছৈখোৱা উদ্যানৰ বন ঘৰচীয়া ঘোঁৰাৰ
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য