--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে জন্ম,মৃত্যু আৰু বিবাহ ঈশ্বৰৰ লিখন। মানুহৰ যোৰাটো ওপৰতে নিৰ্ণয় কৰি থোৱা হয় বুলি আমাৰ সমাজে বিশ্বাস কৰে। কিছুমান কাহিনীলৈ চালে এই কথা সত্য যেন অনুভৱ হয়। 

শেহতীয়াকৈ হোৱা এখন বিবাহে সকলোতে চৰ্চা লাভ কৰিছে। বিহাৰৰ(Bihar) ভাগলপুৰৰ এহাল দৰা-কইনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। এই বিয়াখনলৈ হাজাৰ হাজাৰ অনিমন্ত্ৰিত আহিছিল কিয়নো সকলোৱে এই দৰা-কইনাহালক ওচৰৰ পৰা চাব বিচাৰিছিল। সকলোৱে তেওঁলোকক আশীৰ্বাদ দিয়াৰ লগতে কইনা আৰু দৰাৰ সৈতে চেলফিও লৈছিল আৰু তেওঁলোক দুয়োৰে সফল বিবাহিত জীৱনৰ বাবে শুভকামনা জনাইছিল।
 
বিয়াখন অতি বিশেষ আছিল কাৰণ দৰাৰ উচ্চতা আছিল মাঁথো ৩৬ ইঞ্চি আৰু কইনাৰ উচ্চতা আছিল ৩৪ ইঞ্চি। দৰাৰ নাম মুন্না ভাৰতী। মুন্নাৰ বয়স ২৬। কইনাৰ নাম মমতা আৰু মমতাৰ বয়স ২৪। দৰা আৰু কইনা দুয়ো ভাগলপুৰ জিলাৰ বাসিন্দা। দৰাচলতে বিয়াখন অতি বিশেষ হৈ পৰিছিল কিয়নো ৩৬ ইঞ্চিৰ মুন্নাই তেওঁৰ বাবে উপযুক্ত জীৱনসংগী বিচাৰি পাইছিল। 

মমতাৰ সৈতে মুন্নাৰ যুটিক সকলোৱে ঈশ্বৰৰ আশীৰ্বাদ বুলি অভিহিত কৰিছে। বিবাহথলীত উপস্থিত থকা সকলোৱে তেওঁলোকৰ কেমেৰাত এই নৱ দম্পতীৰ ফটো বন্দী কৰি আছিল।  বিয়াৰ সময়ত, 'ৰব নে বানা দি জোড়ি' গানটো ডিজেত বজোৱা হৈছিল আৰু মানুহে গানটোত মতলীয়া হৈ নৃত্য কৰিছিল। হাজাৰ হাজাৰ স্থানীয় লোক বিয়াখনত উপস্থিত আছিল। বিয়াখন সমগ্ৰ এলেকাত আলোচনাৰ বিষয় হৈ পৰিছে।   

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ