--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে জন্ম,মৃত্যু আৰু বিবাহ ঈশ্বৰৰ লিখন। মানুহৰ যোৰাটো ওপৰতে নিৰ্ণয় কৰি থোৱা হয় বুলি আমাৰ সমাজে বিশ্বাস কৰে। কিছুমান কাহিনীলৈ চালে এই কথা সত্য যেন অনুভৱ হয়। 

শেহতীয়াকৈ হোৱা এখন বিবাহে সকলোতে চৰ্চা লাভ কৰিছে। বিহাৰৰ(Bihar) ভাগলপুৰৰ এহাল দৰা-কইনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। এই বিয়াখনলৈ হাজাৰ হাজাৰ অনিমন্ত্ৰিত আহিছিল কিয়নো সকলোৱে এই দৰা-কইনাহালক ওচৰৰ পৰা চাব বিচাৰিছিল। সকলোৱে তেওঁলোকক আশীৰ্বাদ দিয়াৰ লগতে কইনা আৰু দৰাৰ সৈতে চেলফিও লৈছিল আৰু তেওঁলোক দুয়োৰে সফল বিবাহিত জীৱনৰ বাবে শুভকামনা জনাইছিল।
 
বিয়াখন অতি বিশেষ আছিল কাৰণ দৰাৰ উচ্চতা আছিল মাঁথো ৩৬ ইঞ্চি আৰু কইনাৰ উচ্চতা আছিল ৩৪ ইঞ্চি। দৰাৰ নাম মুন্না ভাৰতী। মুন্নাৰ বয়স ২৬। কইনাৰ নাম মমতা আৰু মমতাৰ বয়স ২৪। দৰা আৰু কইনা দুয়ো ভাগলপুৰ জিলাৰ বাসিন্দা। দৰাচলতে বিয়াখন অতি বিশেষ হৈ পৰিছিল কিয়নো ৩৬ ইঞ্চিৰ মুন্নাই তেওঁৰ বাবে উপযুক্ত জীৱনসংগী বিচাৰি পাইছিল। 

মমতাৰ সৈতে মুন্নাৰ যুটিক সকলোৱে ঈশ্বৰৰ আশীৰ্বাদ বুলি অভিহিত কৰিছে। বিবাহথলীত উপস্থিত থকা সকলোৱে তেওঁলোকৰ কেমেৰাত এই নৱ দম্পতীৰ ফটো বন্দী কৰি আছিল।  বিয়াৰ সময়ত, 'ৰব নে বানা দি জোড়ি' গানটো ডিজেত বজোৱা হৈছিল আৰু মানুহে গানটোত মতলীয়া হৈ নৃত্য কৰিছিল। হাজাৰ হাজাৰ স্থানীয় লোক বিয়াখনত উপস্থিত আছিল। বিয়াখন সমগ্ৰ এলেকাত আলোচনাৰ বিষয় হৈ পৰিছে।   

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল