--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰক্ষকেই ভক্ষক! থানাত ধর্ষণৰ অভিযোগ দিবলৈ গৈ আৰক্ষী বিষয়াৰে যৌন নিৰ্যাতনৰ সন্মুখীন হ’ল এগৰাকী ১৩ বছৰীয়া কিশোৰী৷ উত্তৰ প্রদেশৰ ললিতপুৰত চাৰিজনৰ বিৰুদ্ধে গণধর্ষণৰ অভিযোগ দিবলৈ আত্মীয়ৰ সৈতে থানালৈ গৈছিল কিশোৰীগৰাকী।

জানিব পৰা মতে, ২২ এপ্রিলত এক দলবদ্ধ ধৰ্ষণৰ বলি হোৱা কিশোৰাগৰাকীৰ পিতৃয়ে এজাহাৰত উল্লেখ কৰিছে যে, চাৰি অভিযুক্তই লোভ দেখুৱাই তেওঁৰ কন্যাক ভূপাললৈ লৈ যায়। তাৰ পাছত একেৰাহে চাৰিদিন ধৰি কিশোৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাই অভিযুক্তকেইজনে গাঁৱলৈ উভতি আহি থানাৰ সন্মুখত নমাই যায় কিশোৰীগৰাকীক।

ইয়াৰ পাছত এই ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীয়ে এজন আত্মীয়ক লগত লৈ থানালৈ যায়। থানাত অভিযুক্ত আৰক্ষী বিষয়াজনে জবানবন্দী ৰেকর্ড কৰাৰ বাবে কিশোৰীগৰাকীক পাছদিনা আহিবলৈ কয়। দ্বিতীয় দিনা তেওঁ থানালৈ অহাৰ পাছত অভিযুক্ত আৰক্ষী বিষয়া তিলকধাৰী সৰোজে থানাৰ এটি কোঠালৈ নি কিশোৰীগৰাকীক ধর্ষণ কৰা বুলি অভিযোগ উত্থাপিত কৰে।

স্মৰ্তব্য যে, সমগ্ৰ ঘটনাটি কিশোৰীগৰাকীৰ আত্মীয়জনৰ সন্মুখতে সংঘটিত হয়। ঘটনাৰ পাছত আত্মীয়জনৰ নামতো দাখিল হৈছে অভিযোগ। অভিযুক্ত তিলকধাৰী সৰোজক সাময়িকভাৱে নিলম্বন কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰা হৈছে।

দলবদ্ধ ধৰ্ষণকাৰ্যত অভিযুক্তকেইজনৰ ভিতৰত তিনিজনক ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে। কিন্তু অভিযুক্ত আৰক্ষী বিষয়াজন বৰ্তমানেও পলাতক অৱস্থাত আছে। পকছ’ আইনত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ