--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰক্ষকেই ভক্ষক! থানাত ধর্ষণৰ অভিযোগ দিবলৈ গৈ আৰক্ষী বিষয়াৰে যৌন নিৰ্যাতনৰ সন্মুখীন হ’ল এগৰাকী ১৩ বছৰীয়া কিশোৰী৷ উত্তৰ প্রদেশৰ ললিতপুৰত চাৰিজনৰ বিৰুদ্ধে গণধর্ষণৰ অভিযোগ দিবলৈ আত্মীয়ৰ সৈতে থানালৈ গৈছিল কিশোৰীগৰাকী।

জানিব পৰা মতে, ২২ এপ্রিলত এক দলবদ্ধ ধৰ্ষণৰ বলি হোৱা কিশোৰাগৰাকীৰ পিতৃয়ে এজাহাৰত উল্লেখ কৰিছে যে, চাৰি অভিযুক্তই লোভ দেখুৱাই তেওঁৰ কন্যাক ভূপাললৈ লৈ যায়। তাৰ পাছত একেৰাহে চাৰিদিন ধৰি কিশোৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাই অভিযুক্তকেইজনে গাঁৱলৈ উভতি আহি থানাৰ সন্মুখত নমাই যায় কিশোৰীগৰাকীক।

ইয়াৰ পাছত এই ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীয়ে এজন আত্মীয়ক লগত লৈ থানালৈ যায়। থানাত অভিযুক্ত আৰক্ষী বিষয়াজনে জবানবন্দী ৰেকর্ড কৰাৰ বাবে কিশোৰীগৰাকীক পাছদিনা আহিবলৈ কয়। দ্বিতীয় দিনা তেওঁ থানালৈ অহাৰ পাছত অভিযুক্ত আৰক্ষী বিষয়া তিলকধাৰী সৰোজে থানাৰ এটি কোঠালৈ নি কিশোৰীগৰাকীক ধর্ষণ কৰা বুলি অভিযোগ উত্থাপিত কৰে।

স্মৰ্তব্য যে, সমগ্ৰ ঘটনাটি কিশোৰীগৰাকীৰ আত্মীয়জনৰ সন্মুখতে সংঘটিত হয়। ঘটনাৰ পাছত আত্মীয়জনৰ নামতো দাখিল হৈছে অভিযোগ। অভিযুক্ত তিলকধাৰী সৰোজক সাময়িকভাৱে নিলম্বন কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰা হৈছে।

দলবদ্ধ ধৰ্ষণকাৰ্যত অভিযুক্তকেইজনৰ ভিতৰত তিনিজনক ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে। কিন্তু অভিযুক্ত আৰক্ষী বিষয়াজন বৰ্তমানেও পলাতক অৱস্থাত আছে। পকছ’ আইনত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ