--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘জব হে ভুখে পেট... তো ক্যা কৰেগা নেট?’ অৰ্থাৎ পেটত যদি ভোকৰ কলমলনি, সস্তা ইণ্টানেটে কি কৰিব? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি এই মন্তব্য কৰিছে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে। প্ৰধানমন্ত্ৰীয়ে সস্তা ইণ্টাৰনেটৰ তথ্য সদৰি কৰাৰ পাছতে মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সমাজবাদী নেতাজন।

দেশত সস্তাতে ইণ্টাৰনেট লাভ কৰা তথ্য প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা বক্তব্যক সমালোচনা কৰি অখিলেশ যাদৱে কয় যে, সাধাৰণ মানুহৰ প্ৰয়োজনীয়তা কেৱল সস্তাতে ইণ্টাৰনেট যোগানৰ জৰিয়তে পূৰণ কৰিব নোৱাৰি। বিদেশ ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী মোডীক তেওঁ সমালোচনা কৰি কয় যে কেৱল ‘ইণ্টাৰনেট ডেটা’ই মানুহৰ পেট নভৰায়। দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্যৰ কথা উল্লেখ কৰি তেওঁ কয়, পেট্ৰ'ল, খোৱাতেল, চাউল, আটা আদিৰ দৰে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিব লাগে।

সমাজবাদী পৰ্টীৰ সভাপতি তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মূল্যবৃদ্ধিৰ বিষয়টো সন্দৰ্ভত কেন্দ্ৰক সমালোচনা কৰি টুইটাৰত লিখিছে যে, ‘কেৱল সুলভ ইণ্টাৰনেট ডেটা নহয়, সস্তাতে পেট্ৰ'ল-ডিজেল, গেছ, দাইল, চাউল, তেল, ঘিউ আৰু ময়দাও পোৱাৰ ব্যৱস্থা কৰিব লাগে। কিয়নো ডেটাই কাৰো পেট পূৰাব নোৱাৰে।’ তেওঁ একেটা টুইটতে প্ৰশ্ন উত্থাপন কৰি কয় যে যেতিয়া পেটত ভোকৰ কলমলনি উঠে তেন্তে নেটে কি কৰিব?  বিদেশৰ ধনী লোকসকলৰ পৰা হাততালি লোৱা আৰু দেশত দৰিদ্ৰ লোক এজনৰ প্লেটত খাদ্য বস্তু তুলি দিয়াটো দুটা বেলেগ বেলেগ বিষয়।’

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ তিনিদিনীয়া ইউৰোপ ভ্ৰমণৰ সময়ত ভাৰতত সস্তাতে ইণ্টাৰনেট পোৱা যায় আৰু গাঁৱে গাঁৱে ইণ্টাৰনেট সেৱা সুলভ হোৱাৰ কথা প্ৰকাশ কৰিছিল। প্ৰধানমন্ত্ৰী মোডীয়ে বাৰ্লিনত ভাৰতীয়সকলক সম্বোধন কৰি দাবী কৰিছিল যে ভাৰতত ইণ্টাৰনেট সংযোগ যথেষ্ট দ্ৰুত। তেওঁ কয় যে ভাৰতে এতিয়া দ্ৰুত গতিত অগ্ৰগতি লাভ কৰিছে। চৰকাৰী প্ৰশাসনযন্ত্ৰ একেই আছে, ফাইলো একে আছে কিন্তু এতিয়া দেশ সলনি হৈছে। আপুনি য'লৈকে যায়, তাতেই কাম চলি আছে। মোদীৰ ত্ৰিদেশীয় ভ্ৰমণৰ প্ৰথম দিনাই বাৰ্লিনত উপস্থিত হৈছিল মোদী। মোদীৰ ইণ্টাৰনেট সম্পৰ্কীয় তথ্যক লৈ এতিয়া ব্যাপক সমালোচনা কৰা দেখা গৈছে বিৰোধীক। দেশত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ দুৰ্মূল্য হৈ পৰাৰ সময়ত কেৱল ইণ্টাৰনেট সুলভ কৰাৰ জৰিয়তে কি উপকাৰ সাধিব বিচৰা হৈছে বুলি এতিয়া প্ৰশ্ন উঠিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন