--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘জব হে ভুখে পেট... তো ক্যা কৰেগা নেট?’ অৰ্থাৎ পেটত যদি ভোকৰ কলমলনি, সস্তা ইণ্টানেটে কি কৰিব? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি এই মন্তব্য কৰিছে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে। প্ৰধানমন্ত্ৰীয়ে সস্তা ইণ্টাৰনেটৰ তথ্য সদৰি কৰাৰ পাছতে মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সমাজবাদী নেতাজন।

দেশত সস্তাতে ইণ্টাৰনেট লাভ কৰা তথ্য প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা বক্তব্যক সমালোচনা কৰি অখিলেশ যাদৱে কয় যে, সাধাৰণ মানুহৰ প্ৰয়োজনীয়তা কেৱল সস্তাতে ইণ্টাৰনেট যোগানৰ জৰিয়তে পূৰণ কৰিব নোৱাৰি। বিদেশ ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী মোডীক তেওঁ সমালোচনা কৰি কয় যে কেৱল ‘ইণ্টাৰনেট ডেটা’ই মানুহৰ পেট নভৰায়। দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্যৰ কথা উল্লেখ কৰি তেওঁ কয়, পেট্ৰ'ল, খোৱাতেল, চাউল, আটা আদিৰ দৰে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিব লাগে।

সমাজবাদী পৰ্টীৰ সভাপতি তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মূল্যবৃদ্ধিৰ বিষয়টো সন্দৰ্ভত কেন্দ্ৰক সমালোচনা কৰি টুইটাৰত লিখিছে যে, ‘কেৱল সুলভ ইণ্টাৰনেট ডেটা নহয়, সস্তাতে পেট্ৰ'ল-ডিজেল, গেছ, দাইল, চাউল, তেল, ঘিউ আৰু ময়দাও পোৱাৰ ব্যৱস্থা কৰিব লাগে। কিয়নো ডেটাই কাৰো পেট পূৰাব নোৱাৰে।’ তেওঁ একেটা টুইটতে প্ৰশ্ন উত্থাপন কৰি কয় যে যেতিয়া পেটত ভোকৰ কলমলনি উঠে তেন্তে নেটে কি কৰিব?  বিদেশৰ ধনী লোকসকলৰ পৰা হাততালি লোৱা আৰু দেশত দৰিদ্ৰ লোক এজনৰ প্লেটত খাদ্য বস্তু তুলি দিয়াটো দুটা বেলেগ বেলেগ বিষয়।’

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ তিনিদিনীয়া ইউৰোপ ভ্ৰমণৰ সময়ত ভাৰতত সস্তাতে ইণ্টাৰনেট পোৱা যায় আৰু গাঁৱে গাঁৱে ইণ্টাৰনেট সেৱা সুলভ হোৱাৰ কথা প্ৰকাশ কৰিছিল। প্ৰধানমন্ত্ৰী মোডীয়ে বাৰ্লিনত ভাৰতীয়সকলক সম্বোধন কৰি দাবী কৰিছিল যে ভাৰতত ইণ্টাৰনেট সংযোগ যথেষ্ট দ্ৰুত। তেওঁ কয় যে ভাৰতে এতিয়া দ্ৰুত গতিত অগ্ৰগতি লাভ কৰিছে। চৰকাৰী প্ৰশাসনযন্ত্ৰ একেই আছে, ফাইলো একে আছে কিন্তু এতিয়া দেশ সলনি হৈছে। আপুনি য'লৈকে যায়, তাতেই কাম চলি আছে। মোদীৰ ত্ৰিদেশীয় ভ্ৰমণৰ প্ৰথম দিনাই বাৰ্লিনত উপস্থিত হৈছিল মোদী। মোদীৰ ইণ্টাৰনেট সম্পৰ্কীয় তথ্যক লৈ এতিয়া ব্যাপক সমালোচনা কৰা দেখা গৈছে বিৰোধীক। দেশত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ দুৰ্মূল্য হৈ পৰাৰ সময়ত কেৱল ইণ্টাৰনেট সুলভ কৰাৰ জৰিয়তে কি উপকাৰ সাধিব বিচৰা হৈছে বুলি এতিয়া প্ৰশ্ন উঠিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ