--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০০৬ চনত বাৰানসীত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ১৬ বছৰ পিছত মূল অভিযুক্ত সন্ত্ৰাসবাদী ৱালিউল্লাহ খানক গাজিয়াবাদৰ আদালতে দুটা গোচৰত দোষী সাব্যস্ত কৰিছে। অভিযুক্ত ৱালিউল্লাহ ওৰফে টুণ্ডা বৰ্তমান দাসনা কাৰাগাৰত বন্দী হৈ আছে। ৱালিউল্লাহৰ বিৰুদ্ধে ৬ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল। ইয়াৰ ভিতৰত তেওঁ বৰ্তমান পৰ্যন্ত ৪ টা গোচৰত দোষী সাব্যস্ত হৈছে। গাজিয়াবাদ জিলা আৰু সত্ৰ আদালতে আজি সন্ত্ৰাসবাদী ৱালিউল্লাহৰ শাস্তি ঘোষণা কৰিব।

গাজিয়াবাদ জিলা সত্ৰ ন্যায়াধীশ জীতেন্দ্ৰ কুমাৰ সিনহাই ৱালিউল্লাহক শনিবাৰে দুটা গোচৰত দোষী সাব্যস্ত কৰে। অৱশ্যে অপৰ্যাপ্ত প্ৰমাণৰ বাবে ৱালিউল্লাহক আন এটা গোচৰত নিৰ্দোষী সাব্যস্ত কৰা হৈছে।

উল্লেখ্য যে ২০০৬ চনৰ ৭ মাৰ্চত বাৰানসীৰ সংকট মোচন মন্দিৰ আৰু সেনা নিবাস ৰেল ষ্টেচনত হোৱা বিস্ফোৰণত ২৮ জন নিহত হোৱাৰ লগতে ১০০ ৰো অধিক লোক আহত হৈছিল। উক্ত দিনা  সন্ধিয়া ৬.১৫ বজাত সংকট মোচক মন্দিৰৰ ভিতৰত প্ৰথম বিস্ফোৰণ সংঘটিত হয়। ১৫ মিনিটৰ পিছতে বাৰানসী সেনানিবাস ৰেল ষ্টেচনৰ প্ৰথম শ্ৰেণীৰ বিশ্ৰাম কক্ষৰ বাহিৰত আন এটা বোমা বিস্ফোৰণ হয়। একেদিনাই এখন আৰক্ষী থানাৰ ৰে’লৱে ক্ৰছিংৰ ৰেলিঙৰ ওচৰত আৰু দশশ্বমেধ ঘাটত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হয়।

২০০৬ চনৰ এপ্ৰিল মাহত বিস্ফোৰণৰ তদন্ত কৰি থকা বিশেষ টাস্ক ফ'ৰ্চে ৱালিউল্লাহ এই বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড বুলি দাবী কৰে। লগতে বিশেষ টাস্ক ফ'ৰ্চে ৱালিউল্লাহ বাংলাদেশৰ এটা সন্ত্ৰাসবাদী গোট হৰকত-উল-জেহাদ আল ইছলামীৰ সৈতে জড়িত বুলিও দাবী কৰে। ২০০৬ চনৰ ৫ এপ্ৰিলত আৰক্ষীয়ে এই গোচৰটোৰ সন্দৰ্ভত লক্ষ্ণৌৰ গোচাইনগঞ্জ অঞ্চলৰ পৰা এলাহাবাদৰ ফুলপুৰ গাঁৱৰ বাসিন্দা ৱালিউল্লাহক গ্ৰেপ্তাৰ কৰে।

ৱালি উল্লাহৰ বিৰুদ্ধে সংকট মোচন মন্দিৰ আৰু বাৰাণসী কেণ্ট ৰেল ষ্টেচনত বিস্ফোৰণৰ ষড়যন্ত্ৰ ৰচনা কৰা আৰু সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগ উত্থাপিত হৈছিল। আনহাতে বাৰানসীৰ অধিবক্তাসকলে ৱালিউল্লাহৰ হৈ গোচৰটোত যুঁজিবলৈ অস্বীকাৰ কৰে। ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে গোচৰটো গাজিয়াবাদ জিলা ন্যায়াধীশৰ আদালতলৈ স্থানান্তৰ কৰে। তেতিয়াৰ পৰা গাজিয়াবাদৰ জিলা ন্যায়াধীশৰ আদালতত উক্ত গোচৰটোৰ শুনানি চলি আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে