--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখে হৰি মাৰে কোনে..মাৰে হৰি ৰাখে কোনে...সময়ে সময়ে এই আপ্ত বাক্যশাৰী সত্য প্ৰমাণিত হৈ আহিছে। আয়ুসত যদি চাউল থাকে যমৰ দুৱাৰ দলিৰ পৰাও ঘূৰি আহিব পাৰি। ইভান নামৰ ৩০ বছৰীয়া এজন যুৱকে বন্ধুৰ সৈতে ছুটীত গ্ৰীচলৈ গৈছিল। তেওঁৰ ঘৰ উত্তৰ মেচিডোনিয়াৰ। সাগৰৰ পাৰত আনন্দ উপভোগ কৰি থাকোতে ইভান আৰু তেওঁৰ এজন বন্ধুক হঠাতে সাগৰৰ ঢৌৱে উটুৱাই লৈ যায়। প্ৰায় ১৮ ঘণ্টা ধৰি সাগৰত জীৱন-মৰণৰ সৈতে যুঁজ দি জীৱিত অৱস্থাত উদ্ধাৰ হয় ইভান। 

এই সময়ছোৱাত তেওঁৰ প্ৰাণ ৰক্ষা কৰিছিল এটা সৰু ফুটবলে। যিটোক ধৰি থাকি ইভানে নিজৰ জীৱন ৰক্ষা কৰিছিল। অৱশ্যে তেওঁৰ বন্ধুক এতিয়াও বিচাৰি পোৱা নাই। ইভান আৰু তেওঁৰ বন্ধুসকলে গ্ৰীচৰ কেছাণ্ড্ৰা বিচত ফুৰিবলৈ গৈছিল। কেছাণ্ড্ৰা বিচত দুয়োকে এক শক্তিশালী ঢৌৱে উটুৱাই লৈ গ’ল। তেওঁলোকৰ বন্ধুসকলে গ্ৰীচৰ উপকূলৰক্ষী বাহিনীৰ সৈতে যোগাযোগ কৰে কিন্তু কোনেও তেওঁলোকক বিচাৰি উলিয়াব পৰা নাছিল। কোৱা হয় যে যদি ভাগ্য আপোনাৰ লগত থাকে তেন্তে মৃত্যুকো এৰাই চলিব পাৰি। সাগৰত পৰাৰ পাছতেই ক’ৰবাৰ পৰা শিশুৰ ফুটবল এটা উটি আহি তেওঁৰ ওচৰ পাইছিল। ইভানে ফুটবলটো ধৰি সাঁতুৰিবলৈ ধৰিলে। এই সময়ত তেওঁ আশংকা কৰিছিল যে তেওঁ হয়তো কেতিয়াও পৰিত্ৰাণ নাপাব। ইভানক ফুটবল টোৱে সাঁতোৰাত সহায় কৰিছিল।
 
ইভানৰ প্ৰাণ ৰক্ষা কৰা সৰু ফুটবলটো

উল্লেখ্য যে এই ফুটবলটো ১০ দিন পূৰ্বে ১১ বছৰীয়া ট্ৰাইফন আৰু ৬ বছৰীয়া থানোছ ভাতৃয়ে খেলি থাকোঁতে হেৰুৱাই পেলাইছিল। গ্ৰীচৰ লেমনোছ দ্বীপৰ এভগেটিছ বিলত খেলি আছিল শিশু দুটাই। এই সময়ছোৱাত হঠাতে এই ফুটবলটো ঢৌৱে উটুৱাই লৈ গৈছিল। ভাগ্য ভাল যে সাগৰৰ ঢৌৱে ফুটবলটোক ৮০ মাইল দূৰত থকা ইভানৰ ওচৰ পোৱালেহি, যাৰ ফলত তেওঁৰ জীৱন ৰক্ষা পৰিল। প্ৰতিৰক্ষা দলে দেখা নোপোৱালৈকে ইভানে সেই ফুটবলটো ধৰি থাকিল। ইভানক গ্ৰীক বায়ুসেনাৰ হেলিকপ্টাৰে দেখা পাই ১৮ ঘণ্টাৰ পিছত পানীৰ পৰা উদ্ধাৰ কৰি আনে। জীৱন ৰক্ষা পৰা বাবে ইভানে ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ লগতে তেওঁৰ বন্ধু যাতে তেওঁৰ দৰেই উদ্ধাৰ হয় তাৰ কামনা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি