--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখে হৰি মাৰে কোনে..মাৰে হৰি ৰাখে কোনে...সময়ে সময়ে এই আপ্ত বাক্যশাৰী সত্য প্ৰমাণিত হৈ আহিছে। আয়ুসত যদি চাউল থাকে যমৰ দুৱাৰ দলিৰ পৰাও ঘূৰি আহিব পাৰি। ইভান নামৰ ৩০ বছৰীয়া এজন যুৱকে বন্ধুৰ সৈতে ছুটীত গ্ৰীচলৈ গৈছিল। তেওঁৰ ঘৰ উত্তৰ মেচিডোনিয়াৰ। সাগৰৰ পাৰত আনন্দ উপভোগ কৰি থাকোতে ইভান আৰু তেওঁৰ এজন বন্ধুক হঠাতে সাগৰৰ ঢৌৱে উটুৱাই লৈ যায়। প্ৰায় ১৮ ঘণ্টা ধৰি সাগৰত জীৱন-মৰণৰ সৈতে যুঁজ দি জীৱিত অৱস্থাত উদ্ধাৰ হয় ইভান। 

এই সময়ছোৱাত তেওঁৰ প্ৰাণ ৰক্ষা কৰিছিল এটা সৰু ফুটবলে। যিটোক ধৰি থাকি ইভানে নিজৰ জীৱন ৰক্ষা কৰিছিল। অৱশ্যে তেওঁৰ বন্ধুক এতিয়াও বিচাৰি পোৱা নাই। ইভান আৰু তেওঁৰ বন্ধুসকলে গ্ৰীচৰ কেছাণ্ড্ৰা বিচত ফুৰিবলৈ গৈছিল। কেছাণ্ড্ৰা বিচত দুয়োকে এক শক্তিশালী ঢৌৱে উটুৱাই লৈ গ’ল। তেওঁলোকৰ বন্ধুসকলে গ্ৰীচৰ উপকূলৰক্ষী বাহিনীৰ সৈতে যোগাযোগ কৰে কিন্তু কোনেও তেওঁলোকক বিচাৰি উলিয়াব পৰা নাছিল। কোৱা হয় যে যদি ভাগ্য আপোনাৰ লগত থাকে তেন্তে মৃত্যুকো এৰাই চলিব পাৰি। সাগৰত পৰাৰ পাছতেই ক’ৰবাৰ পৰা শিশুৰ ফুটবল এটা উটি আহি তেওঁৰ ওচৰ পাইছিল। ইভানে ফুটবলটো ধৰি সাঁতুৰিবলৈ ধৰিলে। এই সময়ত তেওঁ আশংকা কৰিছিল যে তেওঁ হয়তো কেতিয়াও পৰিত্ৰাণ নাপাব। ইভানক ফুটবল টোৱে সাঁতোৰাত সহায় কৰিছিল।
 
ইভানৰ প্ৰাণ ৰক্ষা কৰা সৰু ফুটবলটো

উল্লেখ্য যে এই ফুটবলটো ১০ দিন পূৰ্বে ১১ বছৰীয়া ট্ৰাইফন আৰু ৬ বছৰীয়া থানোছ ভাতৃয়ে খেলি থাকোঁতে হেৰুৱাই পেলাইছিল। গ্ৰীচৰ লেমনোছ দ্বীপৰ এভগেটিছ বিলত খেলি আছিল শিশু দুটাই। এই সময়ছোৱাত হঠাতে এই ফুটবলটো ঢৌৱে উটুৱাই লৈ গৈছিল। ভাগ্য ভাল যে সাগৰৰ ঢৌৱে ফুটবলটোক ৮০ মাইল দূৰত থকা ইভানৰ ওচৰ পোৱালেহি, যাৰ ফলত তেওঁৰ জীৱন ৰক্ষা পৰিল। প্ৰতিৰক্ষা দলে দেখা নোপোৱালৈকে ইভানে সেই ফুটবলটো ধৰি থাকিল। ইভানক গ্ৰীক বায়ুসেনাৰ হেলিকপ্টাৰে দেখা পাই ১৮ ঘণ্টাৰ পিছত পানীৰ পৰা উদ্ধাৰ কৰি আনে। জীৱন ৰক্ষা পৰা বাবে ইভানে ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ লগতে তেওঁৰ বন্ধু যাতে তেওঁৰ দৰেই উদ্ধাৰ হয় তাৰ কামনা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক