--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বাদশ্বাহ পুত্ৰৰ ড্ৰাগছ কাণ্ডই লৈছে নতুন ৰূপ। আৰিয়ানৰ বিৰুদ্ধে সাক্ষ্য দিয়া ব্যক্তিগত চোৰাংচোৱাৰ পুনে জালিয়াতিৰ গোচৰত পলাতক আচামী! গোয়েণ্ডা সদস্য কেপি গোছাভীৰ শেহতীয়া ভাইৰেল ফটোক লৈ বিতৰ্ক হৈছে সামাজিক মাধ্যমত। ড্ৰাগচৰ বেহাৰ সৈতে বিজেপি নেতা জড়িত থকা বুলিও দাবী কৰিছে এনচিবি-এ। ইফালে এনে প্ৰতিবেদনৰ পাছত ফটোখনক লৈ সৰৱ হৈ পৰিছে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি। এনচিবিৰ অভিযানত কেপি গোছাভী আৰু বিজেপি নেতাৰ নাম কেনেকৈ আহিল বুলি প্ৰশ্ন এনচিপিৰ।

অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানিৰ বাবে আজি পুনৰ আদালতত হাজিৰ কৰোৱা হয় বাদশ্বাহ পুত্ৰক ...


পুনে আৰক্ষীৰ মতে, ২০১৮ চনৰ পুনেৰ এক জালিয়াতি গোচৰত অভিযুক্ত আছিল গোয়েণ্ডা গোছাভী। সম্প্ৰতি আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰিছে আচামী গোছাভীয়ে। ২০১৯ত পুনে আৰক্ষীয়ে এখন অভিযোগপত্ৰ দাখিল কৰিছিল আৰু চিআৰপিচিৰ ধাৰা ৮২-ৰ অধীনত অভিযুক্ত গোছাভী পলাতক বুলি অভিমত প্ৰদান কৰিছিল। উল্লেখ্য যে, পুনেৰ বাসিন্দা চিন্ময় দেশমুখ গোছাভী আৰু তেওঁৰ কোম্পানী কেপিজি ড্ৰীমছলিউছনে ৩.০৯ লাখ টকাৰ প্ৰৱঞ্চনা কৰিছিল। চিন্ময় দেশমুখে ২০১৮ চনৰ মে’ মাহত পুনেত গোছাভীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু জালিয়াতিৰ অভিযোগত গোচৰ ৰুজু কৰিছিল। দেশমুখে অভিযোগ কৰিছিল যে, গোছাভী আৰু তেওঁৰ কোম্পানীয়ে তেওঁক বিদেশত চাকৰিৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিছিল।

বাদশ্বাহ পুত্ৰই ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে নেকি? যদি হৈছে তেন্তে কিহৰ বাবে বাদশ্বাহেৰে এই শত্ৰুতা ?...


ইফালে, মায়ানগৰীত ড্ৰাগছ সৰবৰাহকাণ্ডৰ সৈতে এজন বিজেপি নেতা আৰু এজন পলাতক অভিযুক্ত জড়িত থকাৰ বাতৰি পোহৰলৈ অহাৰ লগে লগে ৰাজনৈতিক তৰ্ক-বিতৰ্কৰ সৃষ্টি হৈছে। একাংশৰ মতে, উদ্দ্যেশ্য প্ৰণোদিতভাৱে শ্বাহৰুখ পুত্ৰক বলিৰ পঠা সজোৱা হৈছে। আৰিয়ান ড্ৰাগছ আসক্ত হ'ব পাৰে কিন্তু তেওঁৰ গ্ৰেপ্তাৰৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য থকা বুলিও হনুবাৰ্তা ওলাইছে।


অৱশ্য, এতিয়াও শূন্য সহনশীল স্থিতি গ্ৰহণ কৰিছে এনচিবি-এ। আদালতে বৃহস্পতিবাৰে আৰিয়াৰ জামিন আবেদন নাকচ কৰে আৰু ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানিৰ বাবে আজি পুনৰ আদালতত হাজিৰ কৰোৱা হয় বাদশ্বাহ পুত্ৰক । মেট্ৰ'পলিটান মেজিষ্ট্ৰেট আদালতে ক্ৰুজ ৰেভ পাৰ্টি গোচৰত গ্ৰেপ্তাৰ কৰা ৮জনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ এদিন পিছত পুনৰ আদালতত হাজিৰ বাদশ্বাহ পুত্ৰ। প্ৰশ্ন উত্থাপিত হৈছে, সঁচাকৈ বাদশ্বাহ পুত্ৰই ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে নেকি? যদি হৈছে তেন্তে কিহৰ বাবে বাদশ্বাহেৰে এই শত্ৰুতা ? তাৰ বাবে আমি হয়তো কিছু দিন অপেক্ষা কৰিব লাগিব!


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু