--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বাদশ্বাহ পুত্ৰৰ ড্ৰাগছ কাণ্ডই লৈছে নতুন ৰূপ। আৰিয়ানৰ বিৰুদ্ধে সাক্ষ্য দিয়া ব্যক্তিগত চোৰাংচোৱাৰ পুনে জালিয়াতিৰ গোচৰত পলাতক আচামী! গোয়েণ্ডা সদস্য কেপি গোছাভীৰ শেহতীয়া ভাইৰেল ফটোক লৈ বিতৰ্ক হৈছে সামাজিক মাধ্যমত। ড্ৰাগচৰ বেহাৰ সৈতে বিজেপি নেতা জড়িত থকা বুলিও দাবী কৰিছে এনচিবি-এ। ইফালে এনে প্ৰতিবেদনৰ পাছত ফটোখনক লৈ সৰৱ হৈ পৰিছে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি। এনচিবিৰ অভিযানত কেপি গোছাভী আৰু বিজেপি নেতাৰ নাম কেনেকৈ আহিল বুলি প্ৰশ্ন এনচিপিৰ।

অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানিৰ বাবে আজি পুনৰ আদালতত হাজিৰ কৰোৱা হয় বাদশ্বাহ পুত্ৰক ...


পুনে আৰক্ষীৰ মতে, ২০১৮ চনৰ পুনেৰ এক জালিয়াতি গোচৰত অভিযুক্ত আছিল গোয়েণ্ডা গোছাভী। সম্প্ৰতি আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰিছে আচামী গোছাভীয়ে। ২০১৯ত পুনে আৰক্ষীয়ে এখন অভিযোগপত্ৰ দাখিল কৰিছিল আৰু চিআৰপিচিৰ ধাৰা ৮২-ৰ অধীনত অভিযুক্ত গোছাভী পলাতক বুলি অভিমত প্ৰদান কৰিছিল। উল্লেখ্য যে, পুনেৰ বাসিন্দা চিন্ময় দেশমুখ গোছাভী আৰু তেওঁৰ কোম্পানী কেপিজি ড্ৰীমছলিউছনে ৩.০৯ লাখ টকাৰ প্ৰৱঞ্চনা কৰিছিল। চিন্ময় দেশমুখে ২০১৮ চনৰ মে’ মাহত পুনেত গোছাভীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু জালিয়াতিৰ অভিযোগত গোচৰ ৰুজু কৰিছিল। দেশমুখে অভিযোগ কৰিছিল যে, গোছাভী আৰু তেওঁৰ কোম্পানীয়ে তেওঁক বিদেশত চাকৰিৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিছিল।

বাদশ্বাহ পুত্ৰই ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে নেকি? যদি হৈছে তেন্তে কিহৰ বাবে বাদশ্বাহেৰে এই শত্ৰুতা ?...


ইফালে, মায়ানগৰীত ড্ৰাগছ সৰবৰাহকাণ্ডৰ সৈতে এজন বিজেপি নেতা আৰু এজন পলাতক অভিযুক্ত জড়িত থকাৰ বাতৰি পোহৰলৈ অহাৰ লগে লগে ৰাজনৈতিক তৰ্ক-বিতৰ্কৰ সৃষ্টি হৈছে। একাংশৰ মতে, উদ্দ্যেশ্য প্ৰণোদিতভাৱে শ্বাহৰুখ পুত্ৰক বলিৰ পঠা সজোৱা হৈছে। আৰিয়ান ড্ৰাগছ আসক্ত হ'ব পাৰে কিন্তু তেওঁৰ গ্ৰেপ্তাৰৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য থকা বুলিও হনুবাৰ্তা ওলাইছে।


অৱশ্য, এতিয়াও শূন্য সহনশীল স্থিতি গ্ৰহণ কৰিছে এনচিবি-এ। আদালতে বৃহস্পতিবাৰে আৰিয়াৰ জামিন আবেদন নাকচ কৰে আৰু ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানিৰ বাবে আজি পুনৰ আদালতত হাজিৰ কৰোৱা হয় বাদশ্বাহ পুত্ৰক । মেট্ৰ'পলিটান মেজিষ্ট্ৰেট আদালতে ক্ৰুজ ৰেভ পাৰ্টি গোচৰত গ্ৰেপ্তাৰ কৰা ৮জনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ এদিন পিছত পুনৰ আদালতত হাজিৰ বাদশ্বাহ পুত্ৰ। প্ৰশ্ন উত্থাপিত হৈছে, সঁচাকৈ বাদশ্বাহ পুত্ৰই ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে নেকি? যদি হৈছে তেন্তে কিহৰ বাবে বাদশ্বাহেৰে এই শত্ৰুতা ? তাৰ বাবে আমি হয়তো কিছু দিন অপেক্ষা কৰিব লাগিব!


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement