--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি মাতৃৰ জন্মদিন। সকলো ঠিকে থকা হ'লে ধুমধামেৰে উদযাপন কৰা হ'লহেঁতেন এই দিনটো। বলীউডৰ বাদশ্বাহৰ বেগমৰ জন্মদিন জানো সাধাৰণ কথা? পিছে সেয়া নহ'ল। গৌৰী খানৰ ৫১ বছৰীয়া জন্মদিনৰ দিনটোতো আন্ধাৰ হৈ থাকিল 'মন্নত'। গৌৰীৰ জন্মদিনৰ আনন্দ আলোক উজলি নুঠিল বাদশ্বাহৰ প্ৰাসাদত। কিয়নো তেওঁলোকৰ মৰমৰ পুত্ৰ এতিয়া কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত বন্দী হৈ আছে। ২অক্টোবৰত এনচিবি অৰ্থাৎ নাৰ্কোটিকছ কণ্ট্ৰোল ব্যুৰো-এ আটক কৰাৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছিল আৰিয়ান খানক। অভিযোগ গুৰুতৰ।

তেওঁ প্ৰমোদ তৰীত ড্ৰাগছ পাৰ্টীত অংশ লোৱাৰ লগতে আন এজন সতীৰ্থ ড্ৰাগছৰ যোগানো হেনো ধৰিছিল। এনচিবি-এ এই তথ্য দিছে আদালতত। যাৰবাবে বাৰে বাৰে প্ৰত্যাখ্যান কৰা হৈছে তেওঁৰ জামিন আবেদন। তেওঁ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বৃহস্পতিবাৰে তেওঁৰ কাৰাদণ্ড বিহিছিল আদালতে। পিছে আশা কৰা হৈছিল যে জামিন লাভ কৰিব আৰিয়ানে। পিছে সেয়া নহ'ল।


শুকুৰবাৰে পুনৰ জামিন আবেদন কৰি আদালতত বিমুখ হ'ল অৰিয়ান খানৰ অধিবক্তা। সেয়েহে মুম্বাইৰ আৰ্থাৰ ৰোডৰ অন্ধকাৰ কুঠৰীয়েই হৈ পৰিল আৰিয়ান খানৰ আশ্ৰয়। মাতৃৰ জন্মদিনৰ দিনাও ঘৰ অন্ধকাৰ কৰি কাৰাগাৰত পৰি থাকিল বাদশ্বাহ-গৌৰীৰ প্ৰথম সন্তান। যদিহে আজি আৰিয়ানে জামিন লাভ কৰিলেহেঁতেন তেন্তে সেয়া মাতৃ গৌৰীৰ কাৰণে হয়তো হ'লহেঁতেন জন্মদিনৰ আটাইতকৈ ডাঙৰ উপহাৰ। কিন্তু তেনে হ'বলৈ নিদিলে আদালতৰ ৰায়ে।


এতিয়া মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত এক অভাৱনীয় জীৱন কটাব লাগিব বাদশ্বাহ পুত্ৰই। কোনো সহানুভূতি, বিশেষ সুবিধা অবিহনেই তেওঁ পাৰ কৰিব লাগিব সময়। পুৱা ৬বজাতে উঠি আন কয়দীৰ দৰেই তেৱোঁ হাজিৰা দিব লাগিব। খাব লাগিব জে'লত যোগান ধৰা সাধাৰণ খাদ্য। জানিব পৰা মতে তেওঁক ঘৰৰ পৰা নিয়া আহাৰ যোগানৰ সুবিধা দিয়া হোৱা নাই। আন অভিযুক্ত বা অপৰাধীৰ দৰেই তেওঁ পালন কৰিব লাগিব কাৰাগাৰৰ নিয়ম। ইয়াতকৈ ডাঙৰ দুৰ্যোগ শ্বাহৰুখ-গৌৰীৰ কাৰণে আৰু কিবা হ' ব পাৰে জানো?


জানিব পৰা মতে বিভিন্ন দুৰ্ধৰ্ষ অপৰাধীৰ ঠিকনা আৰ্থাৰ ৰোড কাৰাগাৰৰ ১নং বেৰেকত ৰঙা হ'ব শ্বাহৰুখ তনয়ক। জে'লখনৰ প্ৰথম মহলাত এই বিশেষ কোৱাৰেণ্টাইন কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। য'ত আৰিয়ানসহ আনসকলক ৫ দিন কোৱাৰেণ্টাইনত ৰঙা হ'ব। তেওঁকে ধৰি এনচিবি-এ গ্ৰেপ্তাৰ কৰা আন আঠজনৰ পুৰুষকেইজনক আৰ্থাৰ ৰোড জে'লত ৰখাৰ লগতে যুৱতীকেইগৰাকীক বায়কুল্লা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু