--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি মাতৃৰ জন্মদিন। সকলো ঠিকে থকা হ'লে ধুমধামেৰে উদযাপন কৰা হ'লহেঁতেন এই দিনটো। বলীউডৰ বাদশ্বাহৰ বেগমৰ জন্মদিন জানো সাধাৰণ কথা? পিছে সেয়া নহ'ল। গৌৰী খানৰ ৫১ বছৰীয়া জন্মদিনৰ দিনটোতো আন্ধাৰ হৈ থাকিল 'মন্নত'। গৌৰীৰ জন্মদিনৰ আনন্দ আলোক উজলি নুঠিল বাদশ্বাহৰ প্ৰাসাদত। কিয়নো তেওঁলোকৰ মৰমৰ পুত্ৰ এতিয়া কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত বন্দী হৈ আছে। ২অক্টোবৰত এনচিবি অৰ্থাৎ নাৰ্কোটিকছ কণ্ট্ৰোল ব্যুৰো-এ আটক কৰাৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছিল আৰিয়ান খানক। অভিযোগ গুৰুতৰ।

তেওঁ প্ৰমোদ তৰীত ড্ৰাগছ পাৰ্টীত অংশ লোৱাৰ লগতে আন এজন সতীৰ্থ ড্ৰাগছৰ যোগানো হেনো ধৰিছিল। এনচিবি-এ এই তথ্য দিছে আদালতত। যাৰবাবে বাৰে বাৰে প্ৰত্যাখ্যান কৰা হৈছে তেওঁৰ জামিন আবেদন। তেওঁ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বৃহস্পতিবাৰে তেওঁৰ কাৰাদণ্ড বিহিছিল আদালতে। পিছে আশা কৰা হৈছিল যে জামিন লাভ কৰিব আৰিয়ানে। পিছে সেয়া নহ'ল।


শুকুৰবাৰে পুনৰ জামিন আবেদন কৰি আদালতত বিমুখ হ'ল অৰিয়ান খানৰ অধিবক্তা। সেয়েহে মুম্বাইৰ আৰ্থাৰ ৰোডৰ অন্ধকাৰ কুঠৰীয়েই হৈ পৰিল আৰিয়ান খানৰ আশ্ৰয়। মাতৃৰ জন্মদিনৰ দিনাও ঘৰ অন্ধকাৰ কৰি কাৰাগাৰত পৰি থাকিল বাদশ্বাহ-গৌৰীৰ প্ৰথম সন্তান। যদিহে আজি আৰিয়ানে জামিন লাভ কৰিলেহেঁতেন তেন্তে সেয়া মাতৃ গৌৰীৰ কাৰণে হয়তো হ'লহেঁতেন জন্মদিনৰ আটাইতকৈ ডাঙৰ উপহাৰ। কিন্তু তেনে হ'বলৈ নিদিলে আদালতৰ ৰায়ে।


এতিয়া মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত এক অভাৱনীয় জীৱন কটাব লাগিব বাদশ্বাহ পুত্ৰই। কোনো সহানুভূতি, বিশেষ সুবিধা অবিহনেই তেওঁ পাৰ কৰিব লাগিব সময়। পুৱা ৬বজাতে উঠি আন কয়দীৰ দৰেই তেৱোঁ হাজিৰা দিব লাগিব। খাব লাগিব জে'লত যোগান ধৰা সাধাৰণ খাদ্য। জানিব পৰা মতে তেওঁক ঘৰৰ পৰা নিয়া আহাৰ যোগানৰ সুবিধা দিয়া হোৱা নাই। আন অভিযুক্ত বা অপৰাধীৰ দৰেই তেওঁ পালন কৰিব লাগিব কাৰাগাৰৰ নিয়ম। ইয়াতকৈ ডাঙৰ দুৰ্যোগ শ্বাহৰুখ-গৌৰীৰ কাৰণে আৰু কিবা হ' ব পাৰে জানো?


জানিব পৰা মতে বিভিন্ন দুৰ্ধৰ্ষ অপৰাধীৰ ঠিকনা আৰ্থাৰ ৰোড কাৰাগাৰৰ ১নং বেৰেকত ৰঙা হ'ব শ্বাহৰুখ তনয়ক। জে'লখনৰ প্ৰথম মহলাত এই বিশেষ কোৱাৰেণ্টাইন কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। য'ত আৰিয়ানসহ আনসকলক ৫ দিন কোৱাৰেণ্টাইনত ৰঙা হ'ব। তেওঁকে ধৰি এনচিবি-এ গ্ৰেপ্তাৰ কৰা আন আঠজনৰ পুৰুষকেইজনক আৰ্থাৰ ৰোড জে'লত ৰখাৰ লগতে যুৱতীকেইগৰাকীক বায়কুল্লা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ