--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নাৰ্কোটিকছ কণ্ট্ৰোল ব্যুৰোৰ আগ্ৰাসনত কঁপি উঠিল বলীউডৰ বাদশ্বাহৰ সাম্ৰাজ্য। বাদশ্বাহ শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খান গ্ৰেপ্তাৰ হ’ল ড্ৰাগছৰ গোচৰত। ২৩ বছৰীয়া আৰিয়ানক এনচিবিয়ে আটক কৰি জেৰাৰ কৰাৰ পাছত দেওবাৰে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিছে।

মুম্বাইৰ এখন বিলাসী জাহাজত পাৰ্টী কৰি থকাৰ পৰা এনচিবিয়ে অতৰ্কিত অভিযানৰ জৰিয়তে শনিবাৰে নিশা আটক কৰিছিল আৰিয়ান খানসহ আঠজনক। শেহতীয়াকৈ আঠোজনকে গ্ৰেপ্তাৰ কৰাৰ কথা সংস্থাটোৰ ফালৰপৰা নিশ্চিত কৰা হৈছে। আৰিয়ানৰ পিতৃ বলীউডৰ মহাতাৰকা শ্বাহৰুখ খানে এই গ্ৰেপ্তাৰৰ খবৰ লাভ কৰাৰ পাছতে অধিবক্তাৰ কাৰ্যালয়লৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। আৰিয়ান খানৰ লগতে গ্ৰেপ্তাৰ হোৱাসকলৰ মাজত আছে মুনমুন ধামেচা, নুপুৰ ছাৰিকা, ইছমীট সিং, মোহক জেছৱাল, বিক্ৰান্ত চোকাৰ, গোমিত চোপ্ৰা আৰু আৰবাজ মাৰ্চেণ্ট। এই ঘটনা সংক্ৰান্তত এনচিবিয়ে কোনো যুৱতীক গ্ৰেপ্তাৰ কৰা নাই বুলি সদৰি কৰিছে। উল্লেখ্য যে, Ecstasy, Cocaine, MD (Mephedrone) আৰু গাঁজাৰ দৰে নিষিদ্ধ নিচা পাৰ্টীৰ পৰা এনচিবিয়ে জব্দ কৰা বুলিও প্ৰকাশ পাইছে। আটাইকেইজনৰে ষ্টেটমেণ্ট ৰেকৰ্ড কৰাৰ পাছত তেওঁলোকক এনডিপিএছ আদালতত হাজিৰ কৰাব সংস্থাটোৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ