--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নাৰ্কোটিকছ কণ্ট্ৰোল ব্যুৰোৰ আগ্ৰাসনত কঁপি উঠিল বলীউডৰ বাদশ্বাহৰ সাম্ৰাজ্য। বাদশ্বাহ শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খান গ্ৰেপ্তাৰ হ’ল ড্ৰাগছৰ গোচৰত। ২৩ বছৰীয়া আৰিয়ানক এনচিবিয়ে আটক কৰি জেৰাৰ কৰাৰ পাছত দেওবাৰে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিছে।

মুম্বাইৰ এখন বিলাসী জাহাজত পাৰ্টী কৰি থকাৰ পৰা এনচিবিয়ে অতৰ্কিত অভিযানৰ জৰিয়তে শনিবাৰে নিশা আটক কৰিছিল আৰিয়ান খানসহ আঠজনক। শেহতীয়াকৈ আঠোজনকে গ্ৰেপ্তাৰ কৰাৰ কথা সংস্থাটোৰ ফালৰপৰা নিশ্চিত কৰা হৈছে। আৰিয়ানৰ পিতৃ বলীউডৰ মহাতাৰকা শ্বাহৰুখ খানে এই গ্ৰেপ্তাৰৰ খবৰ লাভ কৰাৰ পাছতে অধিবক্তাৰ কাৰ্যালয়লৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। আৰিয়ান খানৰ লগতে গ্ৰেপ্তাৰ হোৱাসকলৰ মাজত আছে মুনমুন ধামেচা, নুপুৰ ছাৰিকা, ইছমীট সিং, মোহক জেছৱাল, বিক্ৰান্ত চোকাৰ, গোমিত চোপ্ৰা আৰু আৰবাজ মাৰ্চেণ্ট। এই ঘটনা সংক্ৰান্তত এনচিবিয়ে কোনো যুৱতীক গ্ৰেপ্তাৰ কৰা নাই বুলি সদৰি কৰিছে। উল্লেখ্য যে, Ecstasy, Cocaine, MD (Mephedrone) আৰু গাঁজাৰ দৰে নিষিদ্ধ নিচা পাৰ্টীৰ পৰা এনচিবিয়ে জব্দ কৰা বুলিও প্ৰকাশ পাইছে। আটাইকেইজনৰে ষ্টেটমেণ্ট ৰেকৰ্ড কৰাৰ পাছত তেওঁলোকক এনডিপিএছ আদালতত হাজিৰ কৰাব সংস্থাটোৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু