--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ড্ৰাগছ কাণ্ডই পুনৰ জোকাৰিছে বলীউড। বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ জালত পৰাৰ পাছত মায়ানগৰীৰ ড্ৰাগছ কাণ্ডই নতুন চাঞ্চল্য সৃষ্টি কৰিছে। এখন বিলাসী জাহাজত চলি থকা পাৰ্টীত আকস্মিক তালাচী চলাই আৰক্ষীয়ে আটক কৰিছিল আৰিয়ানসহ আঠজনক। এই আঠজনৰ লগতে আৰিয়ানক জেৰা কৰাৰ পাছত এতিয়া আটাইকেইজনকে গ্ৰেপ্তাৰৰ সম্ভাৱনা বৃদ্ধি পাইছে।

আৰিয়ান খানে জেৰাত তেওঁৰ নিৰ্দোষিতা দাবী কৰিলেও তেওঁ নিয়মীয়াকৈ ড্ৰাগছ সেৱন কৰাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে এনচিবিৰ তদন্তত। শ্বাহৰুখপুত্ৰৰ ফোন স্কেন কৰাত তেওঁৰ হোৱাটছএপৰ পৰা এনচিবিৰ বিষয়াই চাঞ্চল্যকৰ তথ্য লাভ কৰিছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে হোৱাটএছএপ যোগে আৰিয়ানে নিয়মীয়াকৈ ড্ৰাগছ সৰবৰাহকাৰীৰে যোগাযোগ ৰাখিছিল আৰু নিয়মীয়াকৈ ড্ৰাগছ অৰ্ডাৰ কৰিছিল। এই তথ্য লাভৰ পাছতে আৰিয়ানক গ্ৰেপ্তাৰৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে। আৰিয়ান খানৰ উপৰি মুনমুন ধামেচা, নুপুৰ ছাৰিকা, ইছমীট সিং, মোহক জেছৱাল, বিক্ৰান্ত চোকাৰ, গোমিত চোপ্ৰা আৰু আৰবাজ মাৰ্চেণ্টক আটক কৰি জেৰা চলাই আছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু